অনুভৱ
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
কোলাহলময় বাছ আস্থানৰ কোনো এক চিনাকী কোণত
নাই কোনো লক্ষ্য, নাই সুনিৰ্দিষ্ট আশাৰ স্পন্দন;
কেৱল এক অন্তহীন আড্ডাৰ মায়াজাল।
সমদলৰ উত্তাল সোঁতত উটি যায় বহুমূলীয়া সময়,
মৰহি পৰে বুকুত গজালি মেলা সপোনবোৰ।
পৰিকল্পনাহীন এই যাত্ৰাত হেৰাই যায় মহান আদৰ্শ,
মাথোঁ জাগি উঠে অহংকাৰ আৰু উচ্ছৃংখলতাৰ উন্মাদনা।
বৰ্ণিল পাৰিপাৰ্শ্বিকতাৰ আঁৰত আজি
লুকাই আছে এক জাতি-বিধ্বংসী কলুষিত মানসিকতা।
লাঞ্ছিত হয় নাৰীৰ মৰ্যাদা, কঁপি উঠে মানৱতা;
চাৰিওফালে কেৱল অযুত প্ৰশ্ন আৰু গভীৰ সমস্যা।
তথাপিও নিৰুত্তৰ সকলো— সমাধান ক’ত?
এই অবক্ষয়ৰ বাবে প্ৰকৃততে দায়ী কোন?
অবক্ষয়িত জাতিৰ এই কলংকিত অধ্যায়ত
মানৱ ৰূপী এইসকল পথভ্ৰষ্ট ডেকা-গাভৰু
আমাৰেই বুকুৰ আপোন, আমাৰেই সমাজৰ অংগ।
প্ৰশ্ন উঠে, ইয়াৰ বাবে জগৰীয়া কোন?
পৰিয়ালৰ অৱহেলা, সমাজৰ নৈতিক স্খলন,
নে ৰাষ্ট্ৰযন্ত্ৰৰ চৰম ব্যৰ্থতা?
এতিয়া সময় এক গভীৰ বিশ্লেষণৰ,
প্ৰয়োজন মাথোঁ এক জাগ্ৰত সামাজিক বিপ্লৱৰ;
বিশ্বৰ সৰ্বশ্ৰেष्ठ এই মানৱ সম্পদক,
ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিবলৈ—
আজি বিবেকক জগোৱাৰ চৰম আহ্বান।।
