সংশয়ত ঐতিহ্য – শচীন্দ্ৰ কুমাৰ দাস

Pc Pexels

সংশয়ত ঐতিহ্য

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

গৌৰৱ গাঁথাৰে আমি চিৰদিন অসমীয়া,
সেউজীয়া ধৰিত্ৰীৰ বুকুত যাৰ পৰিচয় অনন্য-অসমীয়া।
কিন্তু হায়! আজি নিষ্ঠুৰ বাস্তৱৰ পটভূমিত,
ঐক্যৰ সুৰ হেৰাল নেকি অনৈক্যৰ আৱৰ্তত?
জাতিৰ স্বাভিমানৰ ভেটি আজি সংশয়ৰ বুকুত নিস্প্ৰভ,
দম্ভালিৰ ধুমুহাই মষিমূৰ কৰিলে ঐতিহ্যৰ মৰ্যাদা আৰু মান।

জন্মদাত্ৰী আইৰ স্বাৰ্থত আজি চৰম অৱমাননা,
স্বাৰ্থান্বেষী মানৱৰ বুকুত মাথোঁ লুণ্ঠনৰ পৰিকল্পনা।
ভৱিষ্যতৰ সপোনবোৰক জুই দি কৰিলোঁ জলাঞ্জলি,
সংহতিৰ পবিত্ৰ সুঁতিত আজি কেৱল কুটিল ছলচাতুৰি।
বেদনাৰে জৰ্জৰিত আই মাতৃৰ চৰণ কমল,
ধুই-নিকা কৰাৰ ব্যাকুলতা আজি সমূলি বিফল।

চাৰিওদিশে কেৱল হিংসা, বিদ্বেষ আৰু চৰম বিশৃংখলতা,
অন্ধকাৰৰ কৰাল গ্ৰাসত নিষ্পেষিত পবিত্ৰ মানৱতা।
ধৰ্ষণ আৰু লুণ্ঠনৰ ক’লা ডাৱৰে আৱৰিলে আকাশ,
সততা, সভ্যতা আৰু সংস্কৃতিৰ ঘটিছে চৰম বিনাশ।
নিৰাপত্তাহীন নাৰীৰ আৰ্তনাদত কঁপিছে সমাজৰ প্ৰাণ,
বিশ্বাৰ সোণালী এনাজৰী চিঙি সৱে ৰচিছে ধ্বংসৰ মেলা।

মানুহৰ তেজ মঙহৰ শৰীৰত আজি জাগ্ৰত নৰপশু,
বিবেকক বিসৰ্জন দি উলাইছে দানৱীয় ক্ৰোধৰ হাহাকাৰ।
ভাতৃৰ বিৰুদ্ধে ভাতৃ থিয় হৈছে, বাঢ়িছে প্ৰতিশোধৰ বিষাদ,
হায় অতীত! এনেদৰেই ম্লান হ’ব নেকি অসমীয়া জাতিৰ ইতিহাস?