মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানক লৈ মন্তব্য উদ্যোগ মন্ত্ৰী বিমল বড়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান (CMAAA) সন্দৰ্ভত উদ্যোগ মন্ত্ৰী বিমল বড়াই গুৱাহাটীত এক সংবাদমেল যোগে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। জনতা ভৱনত আয়োজিত এক সংবাদ মেলত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্রী বিমল বৰাই কয় যে,মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ (CMAAA) প্রথম পৰ্যায়ৰ চৰকাৰী অনুদান লাভ কৰা ২৫.২৭৭ হিতাধিকাৰীৰ প্ৰায় আধাসংখ্যক হিতাধিকাৰীয়েই দ্বিতীয় কিস্তি বিত্তীয় সাহায্য লাভৰ যোগ্যতা হেৰুৱাইছে। এই সংখ্যাৰ পৰিমাণ ১২,৩০১জন। এক কঠোৰ চৰকাৰী মূল্যায়ণত প্রথম কিস্তিৰ ধনৰ সঠিক ব্যৱহাৰ নকৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই বৃহৎসংখ্যক হিতাধিকাৰীক তালিকাৰ পৰা বাদ পৰিছে। মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয় যে জনসাধাৰণৰ কৰৰ পইচা যাতে সঠিকভাবে ব্যৱহাৰ হয় আৰু কেৱল প্রকৃত যুৱ উদ্যোগীসকলেহে যাতে ব্যৱসায় গঢ়ি তুলিব পাৰে, তাৰ বাবে চৰকাৰে এই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে। উল্লেখ্য যে প্রথম পৰ্যায়ত ৰাজ্যৰ ২৫,২৭৭ গৰাকী হিতাধিকাৰীক ১ লাখ টকাকৈ বিত্তীয় সাহায্য প্রদান কৰা হৈছিল। ইয়াৰে ভিতৰত আছিল ২৫,০৫৬ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ২২১ গৰাকী বৃত্তিধাৰী যুৱক-যুৱতী। পৰৱৰ্তী সময়ত প্ৰতিটো সমষ্টিৰ চৰকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ এই ধন প্রস্তাবিত ব্যৱসায়ত খটুওৱা হৈছেনে নাই আৰু ব্যৱসায়টোৰ অগ্রগতি কেনেকুৱা, তাৰ এক বিতং ক্ষেত্রভিত্তিক পৰিদৰ্শন চলায়। এই পর্যালোচনাৰ অন্তত দেখা গৈছে যে মাত্র ১২,৯৭৬গৰাকী হিতাধিকাৰীয়েহে দ্বিতীয় কিস্তিৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম হৈছে। বাকী প্রায় ৫০ শতাংশ অর্থাৎ ১২,৩০১জন হিতাধিকাৰীয়েই চৰকাৰী নিয়ম অনুসৰি পুঁজি ব্যৱহাৰ কৰাত ব্যর্থ হ’ল। মন্ত্ৰী বৰাই হুংকাৰ দি কয় যে ভৱিষ্যতেও আঁচনিখনৰ সফল ৰূপায়ণ আৰু জবাবদিহিতা নিশ্চিত কৰিবলৈ হিতাধিকাৰীসকলৰ ওপৰত চৰকাৰৰ এনে তীক্ষ্ণ নজৰ সদায় অব্যাহত থাকিব। মন্ত্ৰীগৰাকীয়ে আক্ষেপ প্রকাশ কৰি কয় যে আঁচনিৰ প্ৰথম কিস্তিৰ এক লাখ টকা লৈ দ্বিতীয় কিস্তি দুই লাখ টকাটো ৫০ শতাংশ হিতাধিকাৰীয়ে কিয় ল’ব নোৱাৰিলে সেয়া উদ্বেগৰ বিষয়। তেওঁ কয় যে দ্বিতীয় পৰ্যায়ৰ দুই লাখৰ কিস্তি লাভ কৰাসকলৰ ভিতৰত ১৩২৫ জনে পিএম ইজিপি- পিএম মুদ্রালোন আদিৰ লগতে অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ পৰা লোনৰ কাৰণে আবেদন কৰিছিল আৰু ইয়াৰে ৩২৯গৰাকীয়ে ১৩.৫৪ কোটি টকা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লাভ কৰিছে। আনহাতে, সংবাদ মেলতে মন্ত্ৰীগৰাকীয়ে ‘মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ২.০’ (CMAAA 2.0) আঁচনিৰ অগ্ৰগতিৰ কথাও ঘোষণা কৰে। এই দ্বিতীয় সংস্কৰণৰ বাবে চৰকাৰে প্ৰায় ৭৫,০০০ আবেদন লাভ কৰিছিল, যাৰ ভিতৰত ৭৪,৬৯৪ গৰাকী আবেদনকাৰীক বিত্তীয় সাহায্যৰ বাবে চূড়ান্তভাবে নির্বাচন কৰা হৈছে। ইয়াৰ ভিতৰত ৭৪,৩৫০ গৰাকী সাধাৰণ শ্ৰেণীৰ আৰু ৩৪৪ গৰাকী পেছাদাৰী শ্ৰেণীৰ হিতাধিকাৰী। ইতিমধ্যে তেওঁলোকৰ একাউণ্টত প্রথম কিস্তিৰ ৭৫,০০০ টকা জমা কৰি দিয়া হৈছে। এতিয়া অৱশিষ্ট ২৫,০০০ টকা মুকলি কৰি দিয়াৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে নিজ নিজ সমষ্টিত তিনিদিনীয়া এক বিশেষ প্রশিক্ষণ শিবিৰ বাধ্যতামূলক কৰা হৈছে। কৃষি, গাহৰি পালন, তাঁতশিল্প, হিচাপ-নিকাচ আদি বিভিন্ন আত্মসংস্থাপনমূলক বিষয় সামৰি লোৱা এই প্রশিক্ষণসমূহ অহা ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু তাৰ ঠিক পিছতেই, অৰ্থাৎ আগষ্ট মাহৰ প্ৰথম সপ্তাহতে বাকী থকা ধনখিনি হিতাধিকাৰীৰ একাউণ্টলৈ পঠিয়াই দিয়া হ’ব। অসমত স্বনিয়োজন আৰু স্বাৱলম্বনৰ এক নতুন জোৱাৰ আনিবলৈ চৰকাৰে লোৱা এই সপোনক বাস্তৱায়িত কৰিবলৈ হ’লে কেৱল চৰকাৰী অনুদানেই নহয়, যুৱপ্ৰজন্মৰো সমান দায়িত্বশীলতাৰ প্ৰয়োজন বুলি মন্ত্ৰী বৰাই সোঁৱৰাই দিয়ে।
