চাকৰিৰ পৰা বর্খাস্ত এচিএছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তী

Pc Vartha Bharati

চাকৰিৰ পৰা বর্খাস্ত এচিএছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ জ্যেষ্ঠ এ চি এছ বিষয়া অৰূপ কুমাৰ চক্ৰৱৰ্তীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৰ্তব্যত অৱহেলা, উচ্চ পদস্থ বিষয়াৰ নিৰ্দেশ অৱমাননা আৰু কৰ্মস্থলীত নিয়মিতভাৱে উপস্থিত নথকাৰ অভিযোগত চক্ৰৱৰ্তীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বৰ্খাস্ত কৰিছে অসম চৰকাৰে। এক বিভাগীয় অনুশাসনমূলক কার্যবাহী প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যৰ কৰ্মচাৰী বিভাগে এই নির্দেশ জাৰি কৰিছে। ৰাজ্যপালৰ অনুমোদনমর্মে জাৰি কৰা এই নির্দেশনা অনুসৰি, ভৱিষ্যতে তেওঁ যিকোনো চৰকাৰী চাকৰিৰ বাবেও অযোগ্য বিবেচিত হ’ব। উল্লেখ্য যে ২০১১ চনত দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে কৰ্মৰত হৈ থকাৰ সময়তে অৰূপ কুমাৰ চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৰাজহ আৰু দুর্যোগ প্রশমন বিভাগে কেইবাটাও গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পিছতে ২০১১ চনৰে জুলাই মাহত তেওঁক নিলম্বন কৰা হৈছিল। ২০১১ চনৰ ২১ আৰু ২২ ফেব্ৰুৱাৰীত নির্বাচন সম্পর্কীয় গুৰুত্বপূৰ্ণ বৈঠকত অনুপস্থিত থকা, ২০১১ চনৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দায়িত্ব পালনত চৰম অৱহেলা কৰা, ঊর্ধ্বতন কর্তৃপক্ষৰ কোনো অনুমতি নোলোৱাকৈ সঘনাই কার্যালয়ত অনুপস্থিত থকা আৰু কাৰ্যালয়ৰ সময়ছোৱাত মদ্যপায়ী অৱস্থাত থকাৰ গুৰুতৰ অভিযোগ আদিকে ধৰি বহু অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। ঊর্ধ্বতন বিষয়াৰ নিৰ্দেশক পোনপটীয়াভাবে অৱজ্ঞা কৰাৰ অভিযোগ আছিল অৰূপ কুমাৰ চক্ৰৱৰ্তীৰ বিৰুদ্ধে। এনেবোৰ অভিযোগ সন্দৰ্ভত ২০১৫ চনৰ ৮ মে’ত চৰকাৰে বিষয়াগৰাকীক এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল আৰু তেওঁ ইয়াৰ লিখিত উত্তৰো দিছিল। ইয়াৰ পিছতে সমগ্র ঘটনাৰ তদন্তৰ বাবে চৰকাৰে অসমৰ প্ৰাক্তন ৰাজ্যিক তদন্তকাৰী বিষয়া ড° ৰোচন আৰা বেগম (অৱসৰপ্ৰাপ্ত আই এ এছ)ক নিযুক্তি দিয়ে। ২০১৮ চনৰ মে’ মাহত দাখিল কৰা তদন্তকাৰী বিষয়াৰ প্ৰতিবেদনত চক্ৰৱৰ্তীৰ বিৰুদ্ধে থকা কর্তব্যত অৱহেলা, জ্যেষ্ঠ বিষয়াক অৱজ্ঞা আৰু ‘অসম অসামৰিক সেৱা (আচৰণ) নিয়মাৱলী, ১৯৬৫’ উলংঘা কৰাৰ সকলো অভিযোগ সত্য বুলি প্রমাণ হয়। স্মর্তব্য যে ২০১৮ চনৰ পৰা ২০২৬ চনৰ ভিতৰত চৰকাৰে অৰূপ কুমাৰ চক্ৰৱৰ্তীক তেওঁৰ। বিৰুদ্ধে উঠা অভিযোগৰ তদন্তৰ প্ৰতিবেদনৰ বিৰুদ্ধে নিজৰ পক্ষ ৰাখিবলৈ বাৰে বাৰে লিখিত জাননী প্ৰেৰণ কৰিছিল। কিন্তু বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পিছতো তেওঁ কোনো উত্তৰ বা প্রতিক্রিয়া প্রকাশ নকৰিলে। বিভাগীয় তদন্তৰ অন্তত চৰকাৰে প্ৰস্তাৱ কৰা বৰ্খাস্তকৰণৰ শাস্তিৰ সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ সৈতে আলোচনা কৰা হৈছিল। ২০২৬ চনৰ ২৭ মাৰ্চত অসম লোকসেৱা আয়োগে চৰকাৰৰ এই শাস্তিমূলক সিদ্ধান্তৰ সৈতে ঐকমত্য পোষণ কৰে। অৱশেষত দীর্ঘদিনীয়া অননুমোদিত অনুপস্থিতি, তদন্তৰ ফলাফল আৰু অসম লোকসেৱা আয়োগৰ পৰামৰ্শৰ ভিত্তিত ৰাজ্য চৰকাৰে তেওঁক চূড়ান্তভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ইয়াৰ লগে লগে ২০১৫ চনৰে পৰা চলি থকা এই অনুশাসনমূলক গোচৰটোৰ সমাপ্তি ঘটে।