জেকে আর্কিটেক্ট অৱ দ্য ইয়েৰ বঁটা প্ৰদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জে কে সংস্থাৰ দ্বাৰা গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ।এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শর্মাই ৩৫সংখ্যক ‘জে কে আর্কিটেক্ট অব দ্য ইয়েৰ-২০২৬’ বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° শর্মাৰ উপৰি জে কে চিমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড° ৰঘুপতি সিংঘানিয়া, উপাধ্যক্ষ ড° নিধিপতি সিংঘানিয়াকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰত তথা চুবুৰীয়া দেশসমূহৰ বঁটাপ্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে বিগত চাৰে তিনি দশক ধৰি স্থাপত্যৰ ক্ষেত্ৰখনৰ উৎকৃষ্ট কৰ্মৰাজিক স্বীকৃতি প্ৰদানৰ অৰ্থে এখন সন্মানীয় মঞ্চ গঢ়ি তোলাৰ দিশত জে কে সংস্থাই লোৱা ভূমিকাৰ শলাগ লয়। এই অনুষ্ঠানক স্থাপত্যৰ উৎকৰ্ষ, উদ্ভাৱন আৰু বহনক্ষম নক্সাৰ এক মহোৎসৱ বুলি অভিহিত কৰি তেওঁ কয় যে দেশ-বিদেশৰ স্থপতিবিদসকলৰ অংশগ্রহণে বঁটা প্রদান অনুষ্ঠানটোক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ ৰূপান্তৰিত কৰিছে। ইয়ে সৃজনশীলতা, পেছাদাৰী উৎকর্ষ আৰু যৌথ সহযোগিতাক অধিক শক্তিশালী কৰি তুলিছে বুলিও তেওঁ মন্তব্য কৰে। স্থাপত্য কেৱল দৃষ্টিনন্দন অট্টালিকা নির্মাণতে সীমাবদ্ধনহয়, বৰং ই এক সভ্যতাৰ যুগমীয়া চিহ্ন বুলি মন্তব্য কৰি ড° শৰ্মাই কয়- ‘এখন সভ্যতাৰ নিৰ্মাতাসকল ইতিহাসৰ বুকুত বিলীন হৈ যোৱাৰ পিছতো তেওঁলোকে সৃষ্টি কৰা স্থাপত্যসমূহে সেই যুগৰ কাহিনী বর্ণনা কৰে। স্থাপত্য হৈছে এনে এক যুগজয়ী কীর্তি, যাৰ জৰিয়তে ইতিহাসে ভৱিষ্যতৰ সৈতে কথা পাতে!’ মুখ্যমন্ত্রীয়ে জে কে আর্কিটেক্ট অৱ দ্য ইয়েৰ বঁটাৰ জৰিয়তে স্থাপত্য কলাৰ উৎকৰ্ষ, উদ্ভাৱন আৰু জ্ঞান-চৰ্চাক আগুৱাই নিয়াৰ ক্ষেত্ৰত জে কে সংস্থাই লোৱা প্ৰচেষ্টাৰ শলাগ লয়। ভাৰতৰ সমৃদ্ধ স্থাপত্য ঐতিহ্যৰ কথা উল্লেখ কৰি ড° শর্মাই কয় যে সিন্ধু সভ্যতাৰ সু-পৰিকল্পিত নগৰসমূহৰ পৰা আৰম্ভ কৰি ভাৰতৰবিভিন্ন মন্দিৰ, অজন্তা-ইলোৰাৰ শিলত কটা গুহা, বিশাল দুর্গ, বৌদ্ধ বিহাৰ আদিয়ে দেশৰ স্থাপত্য পৰম্পৰাই জ্ঞান, কাৰিকৰী দক্ষতা আৰু শিল্প-সৌন্দৰ্যৰ এক অসাধাৰণ ধাৰাক প্ৰতিফলিত কৰে। তেওঁ লগতে কয় যে এছিয়া আৰু আফ্ৰিকাৰ স্থাপত্যশৈলীৰ ৰূপ আৰু আৰ্হি ভিন্ন হ’লেও মানৱ জীৱন সমৃদ্ধ কৰা আৰু সাংস্কৃতিক স্মৃতি সংৰক্ষণৰ দিশত থকা একমুখী উদ্দেশ্যই এই দুয়োটা শৈলীকে একতাৰে বান্ধি ৰাখিছে। মুখ্যমন্ত্রীয়ে ভাষণত ভাৰতীয় পৰম্পৰাগত স্থাপত্য দৰ্শনৰ চিৰন্তন প্ৰাসংগিকতাৰ ওপৰতো আলোকপাত কৰে। বাস্তুশাস্ত্ৰৰ নীতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় স্থাপত্যই ঐতিহাসিকভাৱে জলবায়ু-অনুকূল নক্সা, পোহৰৰ স্বাভাৱিক প্ৰৱেশ, বায়ুৰ সুচল চলাচল আৰু পৰিৱেশ-সংবেদনশীলতাৰ জৰিয়তে পৰিৱেশ, প্রকৃতি আৰু মানৱ জীৱনৰ মাজত সমন্বয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে এই নীতিসমূহে আজিও বিশ্বজুৰি বহনক্ষম স্থাপত্য-চর্চাক প্ৰভাৱিত কৰি ৰাখিছে। অসমৰ স্থাপত্য ঐতিহ্যৰ এক দীঘলীয়া ইতিহাস আছে বুলি মন্তব্য কৰি ড° শৰ্মাই আহোম যুগৰ অভিযান্ত্রিক উৎকর্ষতা আৰু শিল্প-সৌন্দৰ্যৰ নিদৰ্শনস্বৰূপ ৰংঘৰ, তলাতল ঘৰ, নামদাঙৰ শিলৰ সাঁকো, শিৱসাগৰৰ মন্দিৰসমূহ আৰু ঐতিহ্যমণ্ডিত কামাখ্যা মন্দিৰৰ দৰে অনন্য কীৰ্তিচিহ্নসমূহৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে চৰাইদেউ মৈদামে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ ফলত অসমৰ অনন্য সমাধি- স্থাপত্য আৰু টাই-আহোম জনগোষ্ঠীৰ সমৃদ্ধ সভ্যতাগত ঐতিহ্যই বিশ্বজুৰি বিশেষ স্বীকৃতি লাভ কৰিছে। একবিংশ শতিকাত স্থাপত্যৰ পৰিৱৰ্তিত ভূমিকা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শর্মাই কয় যে দ্রুত নগৰায়ণ, জলবায়ু পৰিৱৰ্তন, প্রযুক্তিগত পৰিৱৰ্তন আৰু দ্রংতগতিত প্রাকৃতিক সম্পদ হাস পোৱাৰ দৰে গোলকীয় প্রত্যাহ্বানসমূহৰ সৈতে খাপ খুৱাই স্থপতিবিদসকলে সম্প্রতি কাম কৰিব লাগিব। তেওঁ কয় যে শক্তিৰ উপযুক্ত ব্যৱহাৰ, জল সংৰক্ষণ, জলবায়ু-সংবেদনশীল নক্সা আৰু অধিক স্বাস্থ্যসন্মত বাসযোগ্য পৰিৱেশ সৃষ্টিত স্থপতিবিদসকলে অগ্রাধিকাৰ দিব লাগিব। কৃত্রিম বুদ্ধিমত্তা আৰু উন্নত সামগ্ৰীৰ দৰে উদীয়মান প্রযুক্তিৰ সুচিন্তিত ব্যৱহাৰো স্থপতিবিদসকলে নিশ্চিত কৰিব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমত বর্তমান এনে এক নতুন স্থাপত্য গঢ়ি তোলাৰ দিশত সচেতনভাবে পদক্ষেপ লোৱা হৈছে য’ত আন্তঃগাঁথনিৰ কাৰ্যকাৰিতা, নান্দনিক দিশ, প্রযুক্তিগত উদ্ভাৱন, পৰিৱেশগত বহনক্ষমতা আৰু সাংস্কৃতিক ঐতিহ্যৰ সুসমন্বয় ঘটে। তেওঁ শেহতীয়াকৈ Prix Versaillers-এ বিশ্বৰ আটাইতকৈ সুন্দৰ বিমানবন্দৰসমূহৰ অন্যতম হিচাপে স্বীকৃতি দিয়া লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেলক এই দৃষ্টিভংগীৰ এক উজ্জ্বল নিদর্শন বুলি উল্লেখ কৰে। তেওঁ লগতে অসম বিধানসভাৰ নতুন ভৱন, শেহতীয়াকৈ উদ্বোধন কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু আৰু নতুনকৈনিৰ্মাণ কৰি থকা একাধিক চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু সন্মিলন কেন্দ্ৰক অসমত চলি থকা ৰূপান্তৰৰ প্ৰতীক বুলি অভিহিত কৰে। মানৱকেন্দ্ৰিক, অন্তর্ভুক্তিমূলক, সহনশীল আৰু বহনক্ষম নগৰ গঢ়ি তোলাৰ ক্ষেত্ৰত স্থপতিবিদসকলক নেতৃত্ব গ্রহণ কৰিবলৈ ড° শৰ্মাই ভাষণত আহ্বান জনায়। তেওঁ কয় যে জে কে আর্কিটেক্ট অৱ দ্য ইয়েৰ এৱাৰ্ডছৰ দৰে মঞ্চই আগন্তুক দিনতো গঠনমূলক আলোচনাৰ মাধ্যমেৰে উদ্ভাৱনক উৎসাহিত কৰিব আৰু বিশ্বজুৰি নতুন প্ৰজন্মৰ স্থপতিবিদসকলক অনুপ্রাণিত কৰি যাব।
