অসম চুক্তি ৰূপায়ণত সম্পূৰ্ণ দায়বদ্ধ চৰকাৰঃমন্ত্ৰী অতুল বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমানৰ ৰাজ্যৰ বিজেপি মিত্রজোটৰ চৰকাৰখন অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে আৰু সম্পূর্ণভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়বদ্ধ। ৰাজ্য চৰকাৰে ইয়াৰ বাবে এক সুকীয়া অসম চুক্তি ৰূপায়ণ বিভাগৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু পর্যবেক্ষণৰ কাৰ্যসূচী চলাই আছে। সদনৰ মজিয়াত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত পুনৰ এই অংগীকাৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাৰ। চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অষ্টম দিনা বুধবাৰে সদনত বিধায়ক নুৰুল ইছলামে অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্রী অতুল বৰাইকয় যে Foreigners Act, 1946; Passport (Entry into India) Act, 1920, Immigration and Foreigners Act, 2025 আৰু Citizenship (Amendment) Act, 2019ৰ সংশ্লিষ্ট ধৰামতে অসমলৈ অবৈধভাবে অহা যিসকল ব্যক্তি অবৈধ বিদেশী হিচাপে পৰিগণিত হয়, সেইসকল ব্যত্তিক অসমত অবৈধ বিদেশী হিচাপে চিনাক্ত কৰা হয়। অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই লগতে জনায় যে ভাৰত চৰকাৰৰ গৃহ মন্ত্রণালয়ৰ অধীনস্থ জনগণনা অভিযান সঞ্চালকালয়, অসমৰ পৰা পোৱা তথ্য অনুসৰি নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ অধীনত ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ আগতে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্থানৰ পৰা ভাৰতত প্ৰব্ৰজন হোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্টী আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোকসকলক ভাৰতত নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা আছে। একেদৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰিবলৈ ইতিমধ্যে চৰকাৰে বিভিন্ন ব্যবস্থা হাতত লৈছে। ২০২৪ চনৰ ৪ ছেপ্টেম্বৰত উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত অসম চৰকাৰে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্রালয়ে গঠন কৰি দিয়া অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা উচ্চস্তৰীয় সমিতিৰ দাখিল কৰা প্ৰতিবেদনখন পৰীক্ষা কৰে। কেবিনেটে লগতে এটা মন্ত্ৰী গোট গঠন কৰাৰ সিদ্ধান্ত লয়। যিয়ে সদৌ অসম ছাত্র সন্থা (আছু) আৰু অন্যান্য সংগঠনসমূহৰ সৈতে আলোচনা কৰি কেবিনেটে গ্ৰহণ কৰা সকলো পৰামৰ্শ ৰূপায়ণ কৰাৰ লক্ষ্যৰে এক স্পষ্ট ৰূপৰেখা আৰু ৰূপায়ণৰ গাঁথনি প্ৰস্তুত কৰিব। ইয়াৰ পিছত, ২০২৪ চনৰ ২৫ ছেপ্টেম্বৰত লোক সেৱা ভৱনত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী গোট, অসমৰ মুখ্য সচিব, অংশীদাৰ বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল আৰু আছুৰ সদস্যসকলৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সিদ্ধান্ত লোৱা হয় যে প্রথম পর্যায়ত কেৱল ৰাজ্য চৰকাৰৰ একাধিপত্যৰ অধীনত থকা ৫২টা পৰামৰ্শৰ লগতে যিবোৰ পৰামৰ্শৰ এটা অংশ অসম চৰকাৰে স্বতন্ত্ৰভাৱে ৰূপায়ণ কৰিব পাৰে, সেইবোৰ ২০২৫ চনৰ এপ্রিল মাহৰ ভিতৰত সময়ভিত্তিক কাৰ্যসূচীৰ জৰিয়তে ৰূপায়ণৰ বাবে পদক্ষেপ লোৱা হ’ব। এই সন্দৰ্ভত, ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত আছুৰ সৈতে হ’বলগীয়া পৰৱৰ্তী বৈঠকত দাখিল কৰাৰ বাবে সংশ্লিষ্ট বিভাগসমূহে দাখিল কৰা কাৰ্যপন্থাৰ ভিত্তিত এটা খচৰা কাৰ্যপন্থা প্ৰস্তুত কৰা হৈছে। ২০২৫ চনৰ ১৬ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়, য’ত মন্ত্রী গোট, মুখ্য সচিব, অংশীদাৰ বিভাগৰ জ্যেষ্ঠ বিষয়াসকল আৰু আছুৰ প্ৰতিনিধিসকলে অংশগ্রহণ কৰে। এই বৈঠকত সিদ্ধান্ত লোৱা হয় যে প্রথম পর্যায়ত, ন্যায়াধীশ বি কে শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ভিতৰত ৩৯টা পৰামৰ্শৰ- যিবোৰ সম্পূৰ্ণৰূপে বা আংশিকভাৱে ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে, সেইবোৰ ৰূপায়ণৰ বাবে অগ্রাধিকাৰ দিয়া হ’ব। এই সন্দর্ভত অসম বাজেট ২০২৫-২৬ত প্রয়োজনীয় বাজেট ঘোষণাও কৰা হৈছে। তদুপৰি, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা উচ্চন্তৰীয় সমিতিৰ বাকী ১৩টা পৰামৰ্শৰ আলোচনাৰ বাবে ২০২৫ চনৰ ২২ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত তৃতীয় পৰ্যায়ৰ বৈঠকখনো অনুষ্ঠিত হয়, য’ত মন্ত্রী গোট, মুখ্য সচিব, সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু আছুৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে আৰু সংশ্লিষ্ট বিভাগসমূহক এই ১৩টা পৰামৰ্শ ৰূপায়ণৰ বাবে প্রয়োজনীয় ব্যবস্থা গ্রহণৰ বাবে নির্দেশ দিয়া হয়। এইদৰে বৰ্তমানৰ ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে আৰু সম্পূৰ্ণভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্রত সম্পূৰ্ণৰূপে দায়বদ্ধ বুলি স্পষ্ট কৰি দিয়ে মন্ত্রী অতুল বৰাই।
