আয়তাকাৰ জীৱন – জ্যোতিমণি মাহত্ব

আয়তাকাৰ জীৱন

জ্যোতিমণি মাহত্ব

চাৰিডাল বাহুৰে মই আৱদ্ধ এক চিত্ৰ
জ্যামিতিৰ পৃথিৱীত মই সকলোৰে মিত্ৰ,
দীঘল বাহু দুডাল মোৰ সমান্তৰাল
যোগ কৰিলে পাবা তুমি মোৰ দুয়ো কাষ।
প্ৰতিটো কৌণিক বিন্দু মোৰ সমকোণত দীপ্তমান
নব্বৈ ডিগ্ৰীৰ অপৰিৱৰ্তনীয়তাই মোৰ জ্যামিতিক প্ৰাণ,
নিয়তিৰ চক্ৰবেহুতো হেৰুৱাব নিবিচাৰোঁ সুস্থিৰ ভাৰসাম্য
সীমাবদ্ধতাৰ মাজতো সংজ্ঞায়িত কৰিব খোজো জীৱনৰ চৰম বৈশিষ্ট্য।
চাৰিডাল বেৰৰ মাজত আৱদ্ধ আমাৰ মধ্যবিত্তৰ সপোন
ইটা-শিলৰ আয়তাকাৰ কোঠাটোৱেই আটাইতকৈ আপোন,
দৈৰ্ঘ্যৰ দৰেই বাঢ়ি যায় দিনলিপিৰ অন্তহীন দায়িত্ব
প্ৰস্থৰ দৰে চুটি হৈ আহে মাহেকীয়া উপাৰ্জনৰ পৰিসৰ।
প্ৰযুক্তিৰ স্ক্ৰীণৰ পৰা সুউচ্চ অট্টালিকাৰ ভেটিলৈ
মোৰ অস্তিত্ব ব্যাপ্ত আদিম যুগৰ পৰা বৰ্তমানলৈ ,
মই আয়ত—এক অপৰিমেয় গাণিতিক সত্যৰ প্ৰকাশ
মোৰ পৰিধিতেই আৱৰ্তিত হয় মানুহৰ বাস্তৱিক আকাশ।
পৰিসীমাৰ জোখত প্ৰতিধ্বনিত হয় বাহুৰ সমষ্টি
প্ৰকৃতিৰ নিৰ্মাণ আৰু স্থাপত্যত মোৰেই শ্ৰেষ্ঠ সৃষ্টি,
সীমাবদ্ধ ক্ষেত্ৰফলৰ ভিতৰতেই আমি যুঁজি থাকোঁ প্ৰতিটো ক্ষণ
য’ত আয়তনহীন স্বপ্নবোৰে বিচাৰি ফুৰে এক নিজস্ব আপোন নিলয়।
কিতাপৰ পৃষ্ঠাৰ উপৰিও বাস্তৱৰ পৃথিৱীত সদায় চলি থাকো
মানুহৰ সুখ-দুখৰ মাজতেই মোৰ নিজৰ অস্তিত্ব বিচাৰি পাওঁ।