উজাগৰি নিশাৰ স্বপ্ন – ৰিমী হাজৰিকা

Pc Pinterest

উজাগৰি নিশাৰ স্বপ্ন

ৰিমী হাজৰিকা, মাজুলী

নিশাৰ নিস্তব্ধতাত উচুপি উঠা এগৰাকী নাৰীৰ কৰুণ কাহিনীয়ে হৃদয় কপাই তুলিছিল শ্যামলিকাৰ। এটোপ দুটোপ কৰি নিগৰি থকা চকুলো ৰ আঁৰত তাই দেখা পাইছিল এগৰাকী নাৰীৰ জীৱন সংগ্ৰামৰ কৰুণ গাথা।  সমাজত এগৰাকী নাৰীৰ অৱস্থিতি, তেওঁৰ ভূমিকা, অৱস্থান আদিক লৈ যি বৈষম্যৰ সৃষ্টি হয়,তাৰ কাৰণ কেৱল পিতৃ তান্ত্ৰিক সমাজ ব্যৱস্থা নে,নে ইয়াৰ আৰঁত জড়িত হৈ আছে গভীৰ সমাজ ৰাজনৈতিক কাৰণ।

শ্যামলিকাৰ আগত নিজৰ জীৱনৰ সমস্ত দুখ প্ৰকাশ কৰি যেন অলপ স্থিৰ হৈছে নম্ৰতা।  বিবাহ পাশত আবদ্ধ হোৱাৰ দুবছৰৰ পাছত এটা অনাকাংক্ষিত খবৰে ধুমুহাৰ দৰে তচ- নচ কৰি থৈ গৈছিল নম্ৰতাৰ জীৱন। তেতিয়া নম্ৰতাৰ গৰ্ভত তিনিমহীয়া সন্তান। সন্ধিয়া সাত বজাত নম্ৰতাৰ ম’বাইলত জিলিকি উঠিছিল এটি অচিনাকী নম্বৰ। ফোনটো হাতত তুলি লোৱা লগে লগে সিফালৰ পৰা ভাহি আহিছিল এটি অচিনাকী কণ্ঠস্বৰ। “হেল্ল!  নম্ৰতা গোস্বামী হয় নে? আপোনাৰ স্বামী অনুপম গোস্বামী ৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে। “

হঠাৎ অহা এই খবৰ টো ৱে দুৰ্বিসহ কৰি গৈছিল তাইৰ জীৱন। গৰ্ভত থকা সন্তানৰ কথা ভাবিয়ে সাহসী হৈ আছিল তাই । কিন্তু কিমান দিন ধৈৰ্য আৰু সাহসেৰে থাকিব তাই। স্বামী কৃতকাৰ্য সম্পন্ন কৰাৰ পাছত তাই উভতি গৈছিল মাকৰ ঘৰলৈ । কিন্তু মাক দেউতাকৰ অবিহনে যে সেই খন ঘৰত তাই কোনো অস্তিত্ব নাই। একমাত্ৰ মৰমৰ ভায়েক এতিয়া প্ৰসিদ্ধ ব্যৱসায়িক। বিয়া বাৰু কৰাই তেওঁ সুখৰ সংসাৰ তৰিছে। তাৰ মাজত তেওঁৰ বিধৱা গৰ্ভৱতী বায়েকৰ দায়িত্ব ল’বলৈ অপাৰগ।

কথাখিনি কৈ কান্দি পেলালে তাই। শ্যামলিকাই সান্ত্বনা দিবলৈও যেন ভাষাহীন হৈ পৰিছিল। তাই মনতে ভাবিলে, কিমান নিষ্ঠুৰ হ’ব পাৰে মানুহ। আপোন বুলিবলৈ কোনো নথকা এই ছোৱালী জনীৰ ভায়েকেই একমাত্ৰ সাৰথি আছিল! কিন্তু সহোদৰ ভায়েকেই যদি বায়েকৰ এই অৱস্থাত এৰি দিব পাৰে, কেৱল মাত্ৰ নিজক লৈ ব্যস্ত হ’ব পাৰে, তেনে হ’লে এগৰাকী নাৰীৰ অস্তিত্ব ক’ত? শ্যামলিকা ৰ ভাৱনাৰ মাজতেই নম্ৰতাই পুনৰ কৈ গ’ল তাই জীৱনৰ বিভীষিকাময় কৰুণ কাহিনী। মাকৰ ঘৰৰ পৰা উভতি তাই আৰু যাবলৈ কোনো ঠাই নাছিল। কলৈ যাব কি কৰিব বুলি ভাবি থাকোঁতেই তাই লগ পাইছিল কলেজীয়া জীৱনৰ এগৰাকী বান্ধৱী,শিখাক। যি তাই জীৱনত ছাঁৰ দৰে আছিল। তাই সকলো খিনি কথা জনাৰ পাছত লৈ গৈছিল তাইৰ নিজৰ ঘৰলৈ আৰু তাইৰ লগত ৰাখিছিল নম্ৰতাক। কিন্তু ইমানতে নম্ৰতাৰ কৰুণ কাহিনী অন্ত হোৱা নাছিল। তেনেদৰেই এদিন নম্ৰতাৰ জীৱনলৈ আহিছিল এক নৱজাতক কন্যা সন্তান। তাইৰ নাম ৰাখিছিল নমামী। নমামী জন্ম হোৱাৰ লগে লগে নম্ৰতাৰ জীৱনলৈ   নামি আহিছিল আশাৰ কিৰণ।

এদিন দুদিনকৈ নমামী ডাঙৰ হৈ আহিছিল,আৰু দায়িত্ব বাঢ়ি আহিছিল নম্ৰতাৰ। তাই আৰু আনৰ ওপৰত নিৰ্ভৰ হৈ থাকিব বিচৰা নাছিল। তাই শিখাৰ সৈতে আলোচনা কৰি এখন চেল্ফ কেয়াৰ ষ্টুডিঅ’ খোলাৰ প্ৰস্তুতি চলালে আৰু লাহে লাহে তাইৰ সেই সপোনে বাস্তৱ ৰূপ পালে। কিন্তু ইমানতে নম্ৰতাৰ জীৱনৰ ঘাট প্ৰতিঘাটৰ অন্ত হোৱা নাছিল। বাহিৰলৈ ওলাই গ’লে শুনিবলৈ পাইছিল তাইৰ মানুহৰ ইতিকিং সূচক মন্তব্য। গাঁৱৰ বয়োজেষ্ঠ্য সকলে বাৰী মানুহক দেখিলে যাত্ৰা ভংগ হয় বুলি মন্তব্য কৰিছিল। কিন্তু ইমানৰ পাছতো তাই হাৰ মনা নাছিল। তাইৰ চেল্ফ কেয়াৰ ষ্টুডিঅ’ ৰ দিনে দিনে জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু গ্ৰাহকৰ ভিৰ লাগিছিল। নম্ৰতাই লগত নমামীক লৈ গৈছিল চেল্ফ কেয়াৰ ষ্টুডিঅ’ লৈ।  কোঠাৰ এচুকত তাই অকলেই খেলিছিল,মাজে মাজে ষ্টুডিঅ’ লৈ শিখা ও গৈছিল। কিন্তু এদিন নম্ৰতাৰ এই ব্যস্ততাৰ মাজতেই এচাম বয়োজেষ্ঠ্য লোকে সকিয়নি দিছিল,, যে তাইৰ দৰে বিধৱা তথা বাৰী মানুহে অন্য মানুহৰ আগত ওলাব নালাগে, কাৰণ আন বহু মহিলাৰ ভৱিষ্যতৰ কথা আছে।

কিন্তু ইমানৰ পাছতো তাই পৰাজয় স্বীকাৰ কৰা নাছিল।দিনে দিনে নমামী ডাঙৰ হৈ অহাৰ লগে লগে তাইৰ যে দায়িত্ব দুগুণে বাঢ়ি গৈছিল। নমামী পঢ়া শুনা খৰচৰ পৰা খোৱা বোৱা যোগাৰ কৰা লৈকে তাই অভাৱৰ সন্মুখীন হৈছিল।

এনেদৰে অভাৱ অনাটনৰ মাজত তাইৰ নমামী ক উচ্চ শিক্ষিত কৰিলে আৰু আজি তাইৰ এগৰাকী উচ্চপদস্থ বিষয়া। এনে এখন সমাজত , য’ত নম্ৰতাই মানুহৰ কৰ্টু বাক্য ,ইতিকিং ,লাঞ্চনা আদিৰ সন্মুখীন হৈও নমামীক ডাঙৰ কৰিলেই, সেই সমাজে আজি প্ৰশ্ন কৰে নমামীৰ পৰিচয়ক লৈ। কিন্তু এই ক্ষেত্ৰত নিৰ্বিকাৰ নম্ৰতা,তাই আজীৱন এই সমাজৰ পৰা যি শিক্ষা লাভ কৰিছিল,যি অভিজ্ঞতা লাভ কৰিছিল,তাৰ আধাৰত নমামীক শিক্ষা দিছিল যে কোনো দিন কোনো কাৰণত নিজৰ অস্তিত্বৰ ওপৰত যদি কোনোয়ে প্ৰশ্ন কৰে তেতিয়া তাৰ উত্তৰ কেৱল কৰ্মৰ দ্বাৰা দিয়া উচিত। আমাৰ এই সমাজত দুৰ্বল মানুহক দুৰ্বলতাৰ সুযোগ লৈ মানসিক ভাৱে কেনেদৰে ভাঙি দিব পাৰি সেইয়া হে চিন্তা কৰে। কিন্তু অসহায় লোকক সহায় কৰিব যে লাগে, সেই চিন্তা নকৰে।

ওৰে ৰাতি উজাগৰে পাৰ কৰাৰ পাছতো কেৱল শুই থকা নমামীৰ মুখলৈ চাই নিজৰ কৰ্মত অতুল হৈ আছিল তাই। আৰু আজি নিমাতীৰ সফলতাই যে উচ্চ শিখৰত উপনীত হৈছে তাই। উজাগৰি নিশাৰ এই স্বপ্ন যে আজি বাস্তৱ হ’ল তাইৰ। কথাখিনি কৈ মৌন হৈ ৰ’ল নম্ৰতা।

নম্ৰতাৰ মৌন মুখৰ অভিব্যক্তিয়ে শ্যামলিকাৰ মুখমণ্ডল অধিক উজ্জ্বল কৰি গৈছিল। শ্যামলিকাই তাইলৈ চাই ভাবিছিল নম্ৰতাৰ দৰে হাজাৰ হাজাৰ  মহিলা আমাৰ সমাজত আছে,যিয়ে এই সমাজৰ ভয়ত, সমাজৰ লোকৰ ইতিকিংসূচক মন্তব্যক আওকাণ কৰি আগুৱাই গৈছিল জীৱন যুঁজত। এই পুৰুষ প্ৰধান সমাজৰ শিকলি চিঙি নম্ৰতাৰ দৰে বহু মহিলাই কৰি গৈছিল জীৱন সংগ্ৰাম। জীয়াই ৰাখিছিল নিজৰ অস্তিত্বক।