দিলিঙ্গা নং–২ আয়ুষ্মান আৰোগ্য মন্দিৰলৈ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা সেৱাৰ স্বীকৃতি
বকো, ৰঙিলী বাৰ্ত্তাসেৱা- বকো স্বাস্থ্যখণ্ডৰ অন্তৰ্গত দিলিঙ্গা নং–২ আয়ুষ্মান আৰোগ্য মন্দিৰ (গ্ৰাম্য স্বাস্থ্যকেন্দ্ৰ)-এ ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মানদণ্ড (NQAS)-ৰ মূল্যায়নত ৮৭.৬৩ শতাংশ নম্বৰ লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।
চলিত বৰ্ষৰ ২৯ জুন তাৰিখে স্বাস্থ্য বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুগৰাকী মূল্যায়কে স্বাস্থ্যকেন্দ্ৰটো পৰিদৰ্শন কৰি সেৱাৰ মান, আন্তঃগাঁথনি, পৰিচ্ছন্নতা, ঔষধ ব্যৱস্থাপনা, নথি-পত্ৰ সংৰক্ষণ, ৰোগীসেৱা আদি ১২টা গুৰুত্বপূৰ্ণ মানদণ্ডৰ ভিত্তিত বিস্তৃত মূল্যায়ন চলায়। ১৬ জুলাই ঘোষণা কৰা ফলাফলত স্বাস্থ্যকেন্দ্ৰটোৱে ৮৭.৬৩ শতাংশ নম্বৰ লাভ কৰি এই সন্মান অৰ্জন কৰে।
কমিউনিটি হেল্থ অফিচাৰ জেনিফা বেগমে কয় যে, এই স্বীকৃতি স্বাস্থ্যকেন্দ্ৰটোৰ প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীৰ নিষ্ঠা, একাগ্ৰতা আৰু দলীয় প্ৰচেষ্টাৰ ফল। লগতে অসম চৰকাৰে গ্ৰাম্য স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি, আধুনিক আন্তঃগাঁথনি আৰু গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ পদক্ষেপসমূহেও এই সফলতাত বিশেষ ভূমিকা পালন কৰিছে।
স্থানীয় ৰাইজে জনোৱা মতে, কমিউনিটি হেল্থ অফিচাৰ জেনিফা বেগমে যোগদান কৰাৰ পিছৰে পৰা স্বাস্থ্যকেন্দ্ৰটোৰ আন্তঃগাঁথনি, পৰিচ্ছন্নতা, স্বাস্থ্যসেৱাৰ মান, নিয়মানুবৰ্তিতা আৰু সামগ্ৰিক ব্যৱস্থাপনাত লক্ষণীয় উন্নতি সাধিত হৈছে। পূৰ্বতে জৰাজীৰ্ণ ভবনত সীমিত মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱাৰে পৰিচালিত হোৱা স্বাস্থ্যকেন্দ্ৰটো বৰ্তমান আধুনিক আন্তঃগাঁথনি, বিজ্ঞানভিত্তিক চিকিৎসা ব্যৱস্থা আৰু উন্নত মানৰ, সহজলভ্য তথা জনমুখী স্বাস্থ্যসেৱা আগবঢ়াব পৰা এক আদৰ্শ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে।

স্বাস্থ্যকৰ্মীসকলে কয় যে, এই সফলতা কেৱল স্বাস্থ্যকৰ্মীসকলৰ একক প্ৰচেষ্টাৰ ফল নহয়; স্থানীয় বাসিন্দাসকলৰ সহযোগিতা, সচেতনতা আৰু সক্ৰিয় অংশগ্ৰহণেও ইয়াত সমানে অৱদান আগবঢ়াইছে। এই সমন্বিত প্ৰচেষ্টাৰ ফলতেই স্বাস্থ্যকেন্দ্ৰটোৱে আজিৰ এই গৌৰৱময় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে।
বৰ্তমান দিলিঙ্গা নং–২ আয়ুষ্মান আৰোগ্য মন্দিৰত কমিউনিটি হেল্থ অফিচাৰ জেনিফা বেগম, এমপিডব্লিউ দিবাকৰ দাস, এএনএম নিশামণি দাস আৰু তৰালী দাস, লগতে আশা কৰ্মী দময়ন্তী ৰাভা, চাৰু দাস আৰু লাৱণ্য বড়োকে ধৰি মুঠ সাতগৰাকী স্বাস্থ্যকৰ্মীয়ে নিষ্ঠাৰে স্বাস্থ্যসেৱা আগবঢ়াই আহিছে।
