ইছৰ’ৰ শতাধিক বিজ্ঞানীৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা কেইমাহমানত ভাৰতৰ মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ ১০০ গৰাকী বিজ্ঞানীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে। এনে পৰিস্থিতিত গগণযানকে ধৰি ইছৰোৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পত সমস্যাৰ সৃষ্টি হয়। এতিয়ালৈ যিসকল বিজ্ঞানীয়ে ইছৰোৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ ভিতৰত আছে প্রবীণ বিজ্ঞানী ভিক্টৰ যোছেফ টি। তেওঁ ভিএছএছচিত ‘জিঅ’চিংকোনাইছ ছেটেলাইট লঞ্চ ভেহিকল মার্ক-৩ প্ৰকল্পৰ পৰিচালকৰ দায়িত্ব পালন কৰিছিল। এইধৰণৰ গণ অৱসৰ গ্ৰহণৰ ফলত ইছৰোত পৰিব পৰা প্ৰভাৱ সম্পৰ্কত বিশেষজ্ঞসকলৰ একাংশই মত প্রকাশ কৰে যে ভাৰতত মহাকাশ গৱেষণাৰ ক্ষেত্ৰত নতুন নতুন বেচৰকাৰী সংস্থাই প্ৰৱেশ কৰিছে। তেওঁলোকে বিপুল পৰিমাণৰ ধন, উচ্চ পদ আৰু স্বাধীনতা দিবলৈ প্রস্তুত এনে বিজ্ঞানীসকলক সম্ভৱতঃ ইয়াৰ ফলতে দলে দলে ইছৰো এৰিবলৈ লৈছে বিজ্ঞানীসকলে। এনে পৰিস্থিতিত স্বেচ্ছামূলক অৱসৰ সন্দৰ্ভত নিয়মৰ সাল-সলনি ঘটাইছে কেন্দ্রই। ১৪ জুলাইত এই নির্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় মহাকাশ বিভাগে। বিশেষকৈ এই নির্দেশ পঠিওৱা হৈছে ইউ আৰ ৰাও ছেটেলাইট চেণ্টাৰ আৰু বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰলৈ। যিহেতু ইছৰোৰ এই দুয়োটা চেণ্টাৰৰ পৰাই আটাইতকৈ বেছি বিজ্ঞানীয়ে কামৰ পৰা অব্যাহতি লৈছে। কেন্দ্ৰৰ নিৰ্দেশনাত কোৱা হৈছে যে ‘গগণযান’ আৰু অন্যান্য ‘গুৰুত্বপূৰ্ণ মিছন’ৰ সৈতে যুক্ত ‘গ্রুপ এ’ পৰ্যায়ৰ বিজ্ঞানী আৰু কাৰিকৰী কৰ্মীসকলে একেলগে পদত্যাগ কৰিব নোৱাৰিব। ইমানদিনে ইছৰোৰ বিভিন্ন চেণ্টাৰৰ সঞ্চালকসকলেই বিজ্ঞানীসকলৰ পদত্যাগ-পত্ৰ গ্ৰহণ কৰিব পাৰিছিল। কিন্তু নতুন নির্দেশনা মতে তেওঁলোকৰ ক্ষমতা কাঢ়ি নিয়া হৈছে। এতিয়াৰে পৰা এই বিষয়ে সিদ্ধান্ত ল’ব কেৱল কেন্দ্ৰীয় মহাকাশ বিভাগে। নির্দেশনাত আৰু কোৱা হৈছে যে গুৰুত্বপূৰ্ণ মিছনৰ মাজতে জধে-মধে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ ফলত ক্ষতিগ্রস্ত হৈছে ‘গগণযান’ আৰু অন্যান্য গুৰুত্বপূৰ্ণ মিছন। এই বিষয়টোৱে ৰাষ্ট্ৰীয় স্বাৰ্থত আঘাত হানিছে। ইতিমধ্যে কেন্দ্ৰৰ নিৰ্দেশনা গৈ পাইছে ইছৰোৰ অন্তৰ্গত সতীশ ধাৱান স্পেচ চেণ্টাৰ (এছডিএছচি), লিকুইড প্ৰপালচন ছিষ্টেমছ চেণ্টাৰ (এলপিএচছি), স্পেচ এপ্লিকেচনছ চেণ্টাৰ (এছএচি), নেচনেল ৰিম’ট চেন্সিং চেণ্টাৰ (এনআৰএছচি), ইছৰো টেলিমেট্রি, ট্রেকিং এণ্ড ক’মাণ্ড নেটৱৰ্ক (আইএছচিটিআৰএচি) আৰু মাষ্টাৰ কন্ট্ৰ’ল ফেচিলিটীলৈ (এমচিএফ)।
