অৰুণাচলী বনধ্বংসকাৰী দুর্বৃত্তক গুলীওৱাৰ নিৰ্দেশ বনমন্ত্রীৰ

অৰুণাচলী বনধ্বংসকাৰী দুর্বৃত্তক গুলীওৱাৰ নিৰ্দেশ বনমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-বিহালী বন্যপ্ৰাণী অভয়াৰণ্যত শেহতীয়াভাৱে সংঘটিত গুলীয়াগুলীৰ ঘটনাৰ লগতে বনাঞ্চল ধ্বংস আৰু ভূমি বেদখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে অঞ্চলটোত উপস্থিত হয় বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।  মন্ত্ৰী বৰুৱাই অৰুণাচলী দুর্বৃত্তই বেদখল কৰা অঞ্চলত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি তথা বিহালী বনাঞ্চলত বেদখলৰ লক্ষ্যৰে বনভূমি ধ্বংস কৰিবলৈ আহিলেই দেখা মাত্রকে গুলীচালনা কৰিবলৈ বনকর্মী তথা অসম আৰক্ষীক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে বনাঞ্চল ৰক্ষাৰ স্বাৰ্থত বন্দুকৰ যেতিয়াই প্রয়োজন হয়, তেতিয়াই ব্যৱহাৰ কৰিব পাৰিব বুলিও স্পষ্ট ভাষাৰে নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত অৰুণাচলী বনধ্বংসকাৰীৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে যোৱা ছমাহৰ ভিতৰত সংৰক্ষিত বনাঞ্চলৰ ৪০০ হেক্টৰ ভূমিত অৰশাচলীয়ে নতুনকৈ বেদখল কৰা কাৰ্যত ক’ৰবাত নহয় ক’ৰবাত অসমৰ বন বিষয়া জড়িত থকাৰো সন্দেহ প্রকাশ কৰে। অর্থাৎ অৰুণাচলী বেদখলকাৰীৰ লগতে অসমৰ স্থানীয় কোনো ঘৰশত্রু বিভীষণৰূপী বন বিষয়াৰ যোগাযোগ থকাৰ সন্দেহ প্রকাশ কৰে বনমন্ত্ৰীগৰাকীয়ে। এই বন বিষয়াৰ জৰিয়তে অৰুণাচলী বেদখলকাৰীলৈ বাৰ্তা গৈ থকাৰ সন্দেহ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্রত সন্দেহ থকা বন বিষয়াৰ চিডিআৰ পৰীক্ষা কৰাৰ কথাও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। উল্লেখ্য যে বিহালী সংৰক্ষিত বনাঞ্চলৰ ব্যাপক ধ্বংসৰ খবৰ পোৱাৰ পিছতে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বন বিভাগৰ জ্যেষ্ঠ বিষয়া, অসম আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ সৈতে পৰিস্থিতি পর্যালোচনা কৰে। ইয়াৰ লগতে সংৰক্ষিত বনাঞ্চলখনৰ সুৰক্ষা আৰু ক্ষতিগ্রস্ত অঞ্চলৰ পুনৰ উদ্ধাৰ আৰু ক্ষেত্রভিত্তিক প্রশাসন ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ এলানি জৰুৰী পদক্ষেপৰ কথা ঘোষণা কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত স্থানসমূহত নিজে উপস্থিত হৈ ড্রোনৰ জৰিয়তে পৰ্যবেক্ষণ কৰে। ইয়াৰ উপৰি তেওঁ নিৰপত্তা ব্যৱস্থাৰ বুজ আৰু সংৰক্ষিত বনাঞ্চলখনৰ সুৰক্ষাত নিয়োজিত বনকর্মীসকলে সম্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অৱক্ষয় ঘটা বনাঞ্চলখনৰ পুনৰুজ্জীৱিতকৰণ আৰু পাৰিপার্শ্বিক ভাৰসাম্য ঘুৰাই আনিবলৈ বন বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰাখি প্রণালীবদ্ধভাৱে বৃক্ষৰোপণ আৰু পৰিৱেশ পুনৰুদ্ধাৰৰ কাম কৰিবলৈ তেওঁ ইক’লজিকেল টাস্ক ফ’চক নির্দেশ দিয়ে। তাৰ উপৰি তেওঁ বিষয়াসকলক বর্তমান থকা বন শিবিৰসমূহৰ অভাৱ-অভিযোগসমূহ তৎকালে দূৰ কৰিবলৈ আৰু স্পৰ্শকাতৰ স্থানসমূহলৈ যোৱা পথসমূহৰ উন্নতি সাধন তথা প্রয়োজন হ’লেই জোৱানসকলক খৰতকীয়াকৈ মোতায়েন কৰিব পৰাকৈ এটা অতিৰিক্ত সংযোগকাৰী পথ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। বনাঞ্চলখনৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিবলৈ অসম আৰক্ষী আৰু ফৰেষ্ট বেটেলিয়নক যুটীয়াভারে স্পৰ্শকাতৰ অঞ্চলসমূহত কাম কৰিবলৈ নিৰ্দেশ দিয়ে। চৰকাৰৰ দৃঢ় সংকল্পৰ কথা সোঁৱৰাই মন্ত্ৰীগৰাকীয়ে কয়-এজোপাও গছ কাটিবলৈ দিয়া নহ’ব। অসম চৰকাৰ নিজৰ বনভূমিৰ প্ৰতি ইঞ্চি সুৰক্ষিত কৰিবলৈ সম্পূর্ণ দায়বদ্ধ আৰু ভৱিষ্যতে যাতে কোনোধৰণৰ ধ্বংসযজ্ঞ নহয়, তাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব। উল্লেখ্য যে আজি অভয়াৰণ্যখনত কৰ্তব্যৰত বনকর্মীলৈ লক্ষ্য কৰি জাউৰিয়ে জাউৰিয়ে গুলী ফুটাই বিহালী অভয়াৰণ্যৰ ভিতৰৰ প্রায় ৬০ শতাংশ ভূমি ইতিমধ্যে অৰুণাচলী দুর্বৃত্তই দখল কৰি উক্ত ভূমিত খেতি-বাতি কৰা, অফিচ-কাছাৰী স্থাপন আৰু ঘৰ সজাৰ কাম অব্যাহত ৰখা একাধিক স্থান আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰি দুখ প্রকাশ কৰে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে চুবুৰীয়া ৰাজ্যৰ অৰুণাচলী দুর্বৃত্তৰ এই কাৰ্যৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ’ব বুলি উল্লেখ কৰে। ১৪ হাজাৰ ১৬ হেক্টৰ মাটিকালিৰ বিহালী অভয়াৰণ্যৰ ভূমিত বিগত ছমাহৰ পৰা অৰুণাচলী আগ্রাসন উদ্বেগজনকভাবে বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ছেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা ফটোৱে স্পষ্ট কৰি তুলিছে যে যোৱা ছমাহৰ ভিতৰত প্ৰায় চাৰিশ হেক্টৰ ভূমিত নতুনকৈ বেদখল চলিছে অৰশাচলীৰ। এইক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে তাৎপর্যপূর্ণভাৱে কয়, এই কাৰ্যৰ লগত ক’ৰবাত নহয় ক’ৰবাত আমাৰ মানুহ জড়িত থাকিব পাৰে। অর্থাৎ অৰুণাচলী বেদখলকাৰীৰ লগত অসমৰ স্থানীয় কোনো ঘৰশত্রু বিভীষণৰূপী বন বিষয়াৰ যোগাযোগ থকাৰ সন্দেহ প্রকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই বন বিষয়াৰ জৰিয়তে অৰুণাচলী বেদখলকাৰীলৈ বার্তা গৈ থকাৰ সন্দেহ প্রকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত সন্দেহ থকা বন বিষয়াৰ চিডিআৰ পৰীক্ষা কৰাৰ কথা সংবাদ মাধ্যমৰ আগত তেওঁ উল্লেখ কৰে। বিহালী অভয়াৰণ্যৰ ভিতৰত যোৱা ছমাহে অধিক হাৰত অব্যাহত থকা অৰুণাচলী আগ্রাসনৰ বিৰুদ্ধে বন বিভাগৰ কোনো ধৰণৰ কঠোৰ পদক্ষেপ নথকা, কৰ্তব্যৰত বনৰক্ষী বা বেটেলিয়নসকলক গুলীচালনাৰ অনুমতি নাই বুলি নিৰুৎসাহ কৰা আদি বিষয়বোৰে ক’ৰবাত নহয় ক’ৰবাত গণ্ডগোল থকাৰ ইংগিত বহন কৰা বুলি উল্লেখ কৰি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে এইক্ষেত্রত বেটেলিয়ন বা বনৰক্ষীসকলে কোনো চিন্তা কৰিব নালাগে। দুর্বৃত্তক প্রতিহত কৰি বন ৰক্ষাৰ বাবে যি সিদ্ধান্ত ল’বলগীয়া হয় সেই সিদ্ধান্ত বেটেলিয়ন বা বনৰক্ষীসকলে ল’ব পাৰিব বুলি তেওঁ উল্লেখ কৰে। বিহালী অভয়াৰণ্য ৰক্ষাৰ বাবে বন্দুকৰ যেতিয়াই প্রয়োজন হয় তেতিয়াই ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বেটেলিয়ন কিম্বা বনৰক্ষীসকলৰ লগত চৰকাৰ সদায় আছে আৰু থাকিব। অৰুণাচলী দুর্বৃত্তই গোচৰ তৰিলে বন বিভাগৰ ফালৰ পৰাও গোচৰ তৰাৰ কৰ্তৃত্ব প্ৰদান কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। অৰুণাচলী দুর্বৃত্তই চলোৱা এই বন ধ্বংসৰ সৈতে তেওঁলোকৰ ব্যৱসায়িক দিশ জড়িত থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিসমূহ স্থানত বনধ্বংস কৰা হৈছে সেইসমূহ স্থানত কাইলৈৰে পৰা পূৰাদ্যমে গছপুলি ৰোপণৰ কাম আৰম্ভ হ’ব। তদুপৰি বিহালী অভয়াৰণ্যৰ মাজেৰে স্পৰ্শকাতৰ এলেকালৈ সহজতে যাব পৰাকৈ পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। বিহালী অভয়াৰণ্যৰ সুৰক্ষা দিব পৰাকৈ বৰ্তমান পর্যপ্ত পৰিমাণৰ প্ৰটেকচন ফ’ৰ্চ থকাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্রয়োজন হ’লে আৰু জোৱান নিয়োগ কৰা হ’ব। তদুপৰি, বিহালী অভয়াৰণ্যখনৰ সুৰক্ষা প্ৰদানৰ বাবে এক সুকীয়া বিকল্প পথ নিৰ্মাণৰ বাবে বন বিভাগৰ উচ্চ পদস্থ বিষয়াক নির্দেশ দিয়ে। বিহালী অভয়াৰণ্যত প্ৰৱেশ কৰাৰ পূৰ্বে বিশ্বনাথ চাৰিআলি আৱৰ্ত ভৱনত কিছু সময় কটায় মন্ত্রী জয়ন্ত মল্ল বৰুৱাই। আৱৰ্ত ভৱনত তেওঁক বিশ্বনাথ জিলা প্রশাসনৰ হৈ জিলা আয়ুক্ত কৰৱী শইকীয়া কৰণে এখন ফুলাম গামোচা আৰু ফুলৰ পুলিৰে আদৰণি জনায়। আজি বিহালী অভয়াৰণ্য পৰিদৰ্শন কালত বনমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ উত্তৰ সংমণ্ডলৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, পূব শোণিতপুৰ বন সংমণ্ডলৰ বন প্রাধিকাৰী চম্পক ডেকা, বৰগাং ৰেঞ্জৰ ৰেঞ্জাৰ চন্দন ৰাজখোৱা, বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজাগৌৰাণ বসুমতাৰী, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু বিহালী বিধানসভা সমষ্টিৰ বিধায়ক মুনীন্দ্র দাস।  উল্লেখ্য যে বনমন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ বিহালী অভয়াৰণ্য পৰিদৰ্শন বেলিকা বিহালীৰ বিধায়ক মুনীন্দ্র দাস, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই সংগ দিয়াৰ উপৰি বিশ্বনাথ জিলা আযুক্ত কৰৱী শইকীয়া কৰণ, পূব শোণিতপুৰ বন প্ৰাধিকৰণ বিষয়া চম্পক ডেকা, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকে ধৰি জিলাখনৰ আৰক্ষী-প্ৰশাসনৰ সকলো বিষয়া-কর্মচাৰী উপস্থিত থাকে।