সন্ধ্যা
বনজিত দাস ,ৰিহাবাৰী, বজালী
এধানি এধানিকৈ নামি অহা
সন্ধ্যাৰ লাজুক খোজত
বুকুত ডুবিল পোহৰৰ ছাঁ
জোনাকী পৰুৱাৰ ঢৌ তুলি
বিষাদৰ চাকনৈয়া ।
মৌনতাই গান গোৱা
জীৱনৰ গীতত
হেজাৰ আশাৰ তৰাৰ তিৰবিৰ ।
তাতে সৰে আন্ধাৰৰ বুকুত
এটুকুৰা অনন্ত পোহৰ
নতুন প্ৰভাতৰ প্ৰতিশ্ৰুতি ।
কথাটো পতা নহ’ল
সন্ধিয়াৰ পোহৰৰ যুঁজত –
এন্ধাৰ আৰু মৃত্যুৰ
সময়ৰ নীৰৱ বাৰ্তালাপ ।
য’ত শব্দ হেৰাই
মাথো প্ৰতিধ্বনিত হয়
অস্তিত্বৰ গোপন অৰ্থ ।
