অসহ্য গৰম আৰু অনাবৃষ্টিৰ বাবে দায়ী কোন? – জ্যোতিমণি মাহত্ব

Pc The Financial Express

অসহ্য গৰম আৰু অনাবৃষ্টিৰ বাবে দায়ী কোন?

জ্যোতিমণি মাহত্ব, যোৰহাট 

বৰ্তমান ভিন্ন প্ৰান্তৰ লগতে আমাৰ ৰাজ্যতো জলবায়ু পৰিৱৰ্তনৰ প্ৰকোপ অতিমাত্ৰাত বৃদ্ধি পাইছে । দিনক দিনে বৃদ্ধি পাই অহা অসহ্যকৰ গৰমে সাধাৰণ জনজীৱন স্তব্ধ কৰি তুলিছে।অসহ্য গৰম, ধূলিয়ৰি বতাহ আৰু চিৰাল ফাট মেলা পথাৰ— এইয়া আজি আমাৰ পৰিচিত সেউজীয়া অসমৰ এক কৰুণ ছবি। তাতকৈও ভয়াবহ কথাটো হ’ল, পথাৰত পানী নোহোৱা হৈছে। যিটো সময়ত বৰষুণৰ পৰিমাণ বেছি হয় সেইটো সময়তে আকাশ খৰাং। কৃষকসকলে মূৰত হাত দি কান্দিব লগা হৈছে, কাৰণ খেতি কৰিবলৈ পথাৰত পানী নাই। কিন্তু এবাৰ ভাবি চাইছেনে, প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ বাবে আচলতে দায়ী কোন? ভগৱান, ভাগ্য, নে আমাৰ নিজৰেই লোভ আৰু বিবেকহীনতা?

মানুহে নিজৰ স্বাৰ্থৰ বাবে চলোৱা গছ-গছনিৰ নিৰ্বিচাৰ ধ্বংসযজ্ঞই হৈছে এই ভয়াৱহ সংকটৰ মূল কাৰণ। গছ-গছনি হৈছে পৃথিৱীৰ হাওঁফাওঁ। বনাঞ্চল ধ্বংস কৰাৰ ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ দৰে গ্ৰীনহাউচ গেছৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ ফলস্বৰূপে গোলকীয় উষ্ণতা বাঢ়িছে আৰু বৰষুণৰ স্বাভাৱিক চক্ৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছে। এফালে যদি অনাবৃষ্টি আৰু খৰাং সদৃশ পৰিস্থিতি, আনফালে আকৌ হঠাতে অহা ধাৰাসাৰ বানপানী / কৃত্ৰিম বান — এই সকলোবোৰ গছ কাটি প্ৰকৃতিৰ ভাৰসাম্য নষ্ট কৰাৰেই কুফল।

উন্নয়নৰ নামত, ঘৰ-দুৱাৰ আৰু উদ্যোগ গঢ়াৰ অন্ধ দৌৰত আমি লাখ লাখ গছ-গছনি নিৰ্বিচাৰভাৱে কাটি তহিলং কৰিলোঁ।যেতিয়া গছেই নাথাকিব, তেতিয়া বৰষুণ ক’ৰ পৰা হ’ব? পথাৰ কেনেকৈ সেউজীয়া হ’ব?

আজি কৃষকসকলে খেতি কৰিব নোৱাৰাৰ অৰ্থ কেৱল এজন কৃষকৰ লোকচান নহয়। ইয়াৰ অৰ্থ হ’ল অনাগত দিনত আমাৰ সকলোৰে পেটৰ ভাত নোহোৱা হোৱাৰ উপক্ৰম। বজাৰত খাদ্য শস্যৰ দাম আকাশলংঘী হ’ব আৰু অহা কেইটামান বছৰত হয়তো আমি খাবলৈ এটোপাল বিশুদ্ধ পানী আৰু এমুঠি চাউলৰ বাবে হাহাকাৰ কৰিব লাগিব। আজি এয়া কেৱল এটা পৰিৱেশৰ সমস্যা হৈ থকা নাই, এয়া আমাৰ অস্তিত্বৰ সংকট হৈ পৰিছে। আমি পাহৰি গৈছোঁ যে প্ৰকৃতি অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে, কিন্তু মানুহ নোহোৱাকৈও প্ৰকৃতি সুন্দৰকৈ চলি থাকিব পাৰে।

পথাৰত পানী নাই আৰু এই প্ৰচণ্ড উত্তাপৰ বাবে কেৱল কৃষকে কন্দা নাই, আমাৰ সৰ্বনাশৰ দিন চমু চাপি অহাৰ বাবে প্ৰকৃতিয়েহে নীৰৱে চকুলো টুকিছে। এতিয়াও যদি আমাৰ টোপনি নাভাঙে, তেন্তে অনাগত দিনত আমাৰ উত্তৰ-পুৰুষে বুকুত তীব্ৰ পিয়াহ আৰু হাতত টকা লৈও এই অসহ্য গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এটোপাল বিশুদ্ধ পানী অথবা উশাহ ল’বলৈ অলপ বতাহ বিচাৰি হাহাকাৰ কৰিব।এয়া আমাৰ দুৱাৰদলিত উপস্থিত হোৱা এক নিষ্ঠুৰ বাস্তৱ। গছ কটা কাৰ্য কেৱল আইনী অপৰাধ নহয় ইয়াক নিজৰ সন্তানৰ ডিঙি কটাৰ দৰে এক ‘ বিবেকহীন কৰ্ম ‘বুলি গণ্য কৰিব পাৰি। চৰকাৰী আঁচনি বা আইনলৈ আঙুলি দেখুৱাই বহি থকাৰ সময় নহয় এতিয়া প্ৰতিজন নাগৰিকে আজি নিজৰ নিজৰ বিবেকক প্ৰশ্ন কৰিব লাগিব।