ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্পেইন

Pc The Hindu

ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্পেইন

ৰঙিলী বাৰ্ত্তাসেৱা- সুদীৰ্ঘ ১৬ বছৰৰ প্ৰতীক্ষাৰ অন্তত স্পেইনে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । বহু চৰ্চিত ছেমিফাইনেলখনত এইবাৰৰ খিতাপ প্ৰত্য়াশী ফ্ৰান্সৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰি স্পেইনে ফাইনেলত প্ৰৱেশ কৰে । ছেমিফাইনেলখনত কিলিয়ান এমবাপে, ওছমান ডেম্বেলে আৰু মাইকেল অলিজেৰ দৰে তাৰকাৰে সমৃদ্ধ ফ্রান্সক স্পষ্ট ফেভাৰিট হিচাপে ধৰা হৈছিল। কিন্তু লুইছ ডে লা ফুৱেণ্টেৰ শিষ্যসকলে দেখুৱাই দিলে যে দলীয় সমন্বয় আৰু নিখুঁত পৰিকল্পনাৰ আগত ব্যক্তিগত প্রতিভাও বহু সময়ত ম্লান হৈ পৰে। স্পেইনৰ হৈ মিকেল অয়াৰজাবালে পেনাল্টীৰে প্ৰথম গ’ল দিয়ে আৰু তাৰ পিছত পেদ্রো পৰ’ই এক দৃষ্টিনন্দন গ’ল কৰি ব্যৱধান দুগুণ কৰে। লক্ষ্যভেদী মাত্র দুটা শ্বটেই দুটা গ’ল কৰি স্পেইনে জয় নিশ্চিত কৰে। আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৩৭খন ধাৰাবাহিক অপৰাজিত মেচ খেলি ইটালীৰ বিশ্বৰেকৰ্ড স্পৰ্শ কৰিলে স্পেইনে। বিশ্বকাপৰ ইতিহাসত এটা ছিজনত ৬খন ক্লিনশ্বীট ৰখা প্রথম দল হ’ল স্পেইন। এই বিজয়ৰ পিচত অহা দেওবাৰে নিউ জাৰ্ছিৰ ইষ্ট ৰাদাৰফোৰ্ডত স্পেইনে যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা বা ইংলেণ্ডৰ বিৰুদ্ধে খেলিব । ফিফাৰ শীৰ্ষ ৰেংকিঙৰ দল কিলিয়ান এমবাপেৰ ফ্ৰান্সে একেৰাহে তিনিবাৰকৈ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰা তৃতীয়টো দল হ’বলৈ চেষ্টা কৰিছিল যদিও মূৰকত ব্য়ৰ্থ হয় । বিশ্বকাপ অভিযানৰ আৰম্ভণিতে নৱাগত কেপ ভার্দেৰ বিৰুদ্ধে ০-০ ড্র খেলিছিল স্পেইনে। ৰাউণ্ড অৱ ১৬ত পর্তুগালক ৯১ মিনিটত আৰু কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক ৮৮ মিনিটত গ’ল কৰি পৰাস্ত কৰিছিল। কিন্তু ছেমিফাইনেলত কোনো নাটকীয় শেষ মুহূৰ্তৰ প্ৰয়োজন নহ’ল। আৰম্ভণিৰে পৰাই খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনি ফ্রান্সক কোনো সুযোগ নিদিয়াকৈ জয় সাব্যস্ত কৰে স্পেইনে।