ফাষ্টট্রেক আদালতত সাক্ষ্য প্রদান জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত চলি আছে। আদালতত জুবিন গাৰ্গৰ ভগ্নী ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য প্ৰদান কৰে। সোমবাৰে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্রদান প্রক্রিয়া সম্পূর্ণ নোহোৱা বাবে আদালতে মঙলবাৰে পুনৰ কাকতিৰ সাক্ষ্য গ্রহণ কৰে। আনহাতে প্ৰাণৰ শিল্পী জুবিন গার্গে ন্যায় পাব বুলি মন্তব্য কৰিছে ভগ্নী ড° পামী বৰঠাকুৰে। ফাষ্টট্রেক আদালতত সাক্ষ্য প্রদান কৰি আদালতৰ ওপৰত পুনৰ আস্থা প্ৰকাশ কৰি ড° বৰঠাকুৰে কয় যে দাদাই ন্যায় পোৱাৰ স্বাৰ্থতেই আদালতলৈ আহিছোঁ। ব্যক্তিগত কোনো মোৰ স্বাৰ্থ নাই। আদালতৰ ওপৰত সম্পূর্ণ আস্থা আছে। আজি মই জনা সকলোখিনি কথা আদালতক অৱগত কৰিছোঁ। প্ৰতিজনৰ দোষ মোৰ সাক্ষ্যত সোমাইছে বুলি ভাবিছোঁ। আমাৰ গোচৰটো পূর্বতকৈ বহু শক্তিশালী হৈছে। শিল্পীগৰাকীৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্রেক আদালতত চলি থকাৰ মাজতে গোচৰটো আন ৰাজ্যৰ আদালতলৈ নিবলৈ সিদ্ধার্থ-শ্যামকানুৱে চলাই থকা অপচেষ্টাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ড° বৰঠাকুৰে কয় যে আমি গোচৰটো ইয়াতেই সম্পন্ন হোৱাটো বিচাৰিছোঁ। তেওঁলোকে যিকোনো উপায়ে ইয়াৰ পৰা পলাবলৈ এতিয়াও চেষ্টা চলাই আছে। পৰিয়াল আৰু অসমবাসীৰ ৰোষৰ পৰা তেওঁলোক সাৰি যাব নোৱাৰে, আমি যাব নিদিওঁ। তেওঁৰ মৃগী ৰোগ যিহেতু আছিল, সকলোৱে জানিছিল। কি কি সাৱধানতা ল’ব লাগে সেয়াও জানে। দাদাৰ ওচৰে-পাঁজৰে থকা মানুহখিনিয়ে এই কথা আৰু বেছিকৈ জানে। তাৰ পিছতো এনে পৰিস্থিতি কিদৰে হ’বলৈ পালে? এই সকলো কথা আদালতক মই অৱগত কৰিছোঁ। মোৰ কথাখিনিৰ পৰা বহু কথা প্ৰমাণ কৰিবলৈ আদালতৰ সুবিধা হ’ব বুলি মই আশাবাদী। ফাষ্ট ট্রেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত সিদ্ধার্থ শর্মাই দাখিল কৰা এখন আবেদনৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। অভিযুক্ত সন্দীপন গার্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা ২১ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।
