মোৰ প্ৰেমৰ ফুলপাহি – গকুল চৌধুৰী

Pc Magnific

মোৰ প্ৰেমৰ ফুলপাহি

গকুল চৌধুৰী
হাকামা, ধুবুৰী 

আগদিনা সূৰ্যাস্ত হোৱা এখন নদীৰ পাৰত
সপোনৰ এই সেউজ কোমল উপত্যকাত
এপাহ ফুলিছিল
এপাহ সৰিছিল
সুবাস – সুগন্ধিৰে সমৃদ্ধ মোৰ প্ৰেমৰ ফুলপাহি  ৷
মোৰ প্ৰেমৰ ফুলপাহি মই
চুব বিচাৰিলোঁ
চুব নোৱাৰিলোঁ
চাব বিচাৰিলোঁ
চাব নোৱাৰিলোঁ
আগদিনা সূৰ্যাস্ত হোৱা নদীখনৰ পাৰত
থকা সপোনৰ সেই সেউজ কোমল
উপত্যকাত পিচদিনাপুনৰ সূৰ্য নোলাল  ৷
ইফালৰ পৰা সিফাললৈ চাই
সিফালৰ পৰা ইফাললৈ চাই
দোকমোকালি যেন লগা এন্ধাৰ-পোহৰৰ মাজত
প্ৰেমিকা হেৰুৱা প্ৰেম পগলা , মৰম – ভালপোৱা
বলিয়া এজন পাগল প্ৰেমিকৰ দৰে
মোৰ প্ৰেমৰ ফুলপাহি মই
বিচাৰিলোঁ বহুত
বিচাৰি নাপালোঁ
ফুলি সৰি মোৰ প্ৰেমৰ ফুলপাহি কেনি লুকাল ?
সৰি পৰি মোৰ প্ৰেমৰ ফুলপাহি  কেনি  হেৰাল ?