২০২১ চনৰ পৰা ৫ বছৰত ৩,৪১৬ সহকাৰী অধ্যাপকক নিযুক্তি

২০২১ চনৰ পৰা ৫ বছৰত ৩,৪১৬ সহকাৰী অধ্যাপকক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ২০২১ চনৰ পৰা বিগত ৫ বছৰত মহাবিদ্যালয়সমূহত ৩,৪১৬গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি দিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিধানসভাত এই তথ্য অৱগত কৰিলে। বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে উত্থাপন কৰা মহাবিদ্যালয়সমূহৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বাবে শিক্ষক আৰু শ্ৰেণীকোঠাৰ সুবিধাৰ অভাৱ শীর্ষক এক বিষয় সন্দৰ্ভত শিক্ষামন্ত্ৰীগৰাকীয়ে সদনক এই তথ্য প্রদান কৰি কয়- অসমৰ ইতিহাসত কেতিয়াও মহাবিদ্যালয়সমূহত এনে বৃহৎসংখ্যক নিযুক্তি কেতিয়াও হোৱা নাই। একমাত্র মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই নিযুক্তি দিবলৈ সক্ষম হৈছে। উল্লেখ্য যে মহাবিদ্যালয়সমূহত বলবৎ হোৱা চাৰি বছৰীয়া পাঠ্যক্ৰমৰ আঠটাকৈ ছেমিষ্টাৰত পৰ্যাপ্ত শিক্ষক আৰু শ্ৰেণীকোঠা নথকাৰ বিষয়টোক আজি আঙুলিয়াই দি বিধায়ক বিশ্বজিৎ ফুকনে এইক্ষেত্ৰত চৰকাৰৰ তথা শিক্ষা বিভাগক প্রয়োজনীয় পদক্ষেপৰ দাবী কৰে। ইয়াৰ উত্তৰত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা অসম প্রথম ৰাজ্য। সেই অনুসৰি এইবাৰ স্নাতকৰ চতুৰ্থ বৰ্ষত উপনীত হৈছে পাঠ্যক্রমটো। এই পাঠ্যক্রমত তিনি বছৰ সম্পূৰ্ণ কৰাসকলে স্নাতকৰ ডিগ্রী লাভ কৰিব আৰু স্নাতক ডিগ্রী লাভ কৰাৰ পাছত পুনৰ এবছৰ অনাৰ্ছৰ বাবে বা গৱেষণাৰ বাবে অধ্যয়ন কৰিব পাৰে। তিনি বছৰ যিসকল শিক্ষার্থীয়ে সম্পূৰ্ণ কৰিলে তেওঁলোক স্নাতক। এই শিক্ষার্থীসকলে সাধাৰণভাৱে স্নাতক ডিগ্ৰীৰ যোগ্যতা অর্জন কৰে। এইক্ষেত্ৰত বিশ্ববিদ্যালয়সমূহৰ সৈতে আলোচনা হৈছে যে এই শিক্ষার্থীসকলক স্নাতক ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব পাৰিব। এই পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষত এতিয়ালৈ নামভর্তি হোৱা নাই। এনে অৱস্থাত চতুর্থ বর্ষত কিমানসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব বা গৱেষণাৰ বাবে কিমানসংখ্যক ছাত্র-ছাত্রী অন্য মহাবিদ্যালয়ৰ পৰা আন এখন মহাবিদ্যালয়লৈ যাব সেই তথ্য এতিয়াও অনুমান কৰিব পৰা নাযায়। কিন্তু এটা স্পষ্ট যে যিসকলে স্নাতক ডিগ্রী লাভ কৰিছে তেওঁলোকে এই শিক্ষাগত অৰ্হতাৰে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব বা এপিএছচি-ইউপিএছচি পৰীক্ষাতো বহিব পাৰিব। চৰকাৰী চাকৰি বা এপিএছচি পৰীক্ষাৰ বাবে চাৰি বছৰীয়া স্নাতক ডিগ্ৰীৰ প্ৰয়োজন নাই। অনাৰ্ছ বা ৰিছাৰ্চ কৰিব বিচৰাসকলেহে চাৰি বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে আজি ইয়াকো উল্লেখ কৰে যে অধ্যাপক নিযুক্তিৰ সমান্তৰালভাৱে শিক্ষা বিভাগে মহাবিদ্যালয়সমূহত কিমানসংখ্যক অধ্যাপকৰ প্ৰয়োজন তাৰ বাবে এক অ’ডিট সম্পূৰ্ণ কৰিছে। পূর্বে শিক্ষা বিভাগৰ ওচৰত মহাবিদ্যালয়সমূহত কিমান অধ্যাপকৰ প্ৰয়োজন তাৰ তথ্য নাছিল। কিন্তু সামর্থ্য প’ৰ্টেলৰ জৰিয়তে এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষা বিভাগে। গতিকে যিখন মহাবিদ্যালয়তে শিক্ষকৰ প্ৰয়োজন হৈছে তাতেই নিযুক্তি দিয়া হৈছে। ইফালে, বিধায়ক বিশ্বজিৎ ফুকনে ঠিকাভিত্তিক শিক্ষকৰ ক্ষেত্ৰত এক নীতি-নিয়ম নিৰ্ধাৰণ কৰাৰ প্ৰয়োজন বুলি উত্থাপন কৰা বিষয়টো সন্দর্ভত শিক্ষামন্ত্রী ডাঃ পেগুৱে কয়- অসম চৰকাৰে ঠিকাভিত্তিক সকলো ধৰণৰ নিযুক্তি নাইকিয়া কৰিব বিচাৰিছে। মহাবিদ্যালয়সমূহত যদি অধ্যাপকৰ প্ৰয়োজন, তেনেহ’লে তেওঁলোকৰ নিজস্ব পুঁজিৰে অংশকালীন অধ্যাপকক নিযুক্তি দিব পাৰিব। ঠিকাভিত্তিক শিক্ষক নিযুক্তি প্রদানত বাধা প্ৰদানৰ পৰামৰ্শ শিক্ষা বিভাগে ইতিমধ্যে দিছে। আনহাতে, স্নাতকৰ চাৰি বছৰীয়া পাঠ্যক্ৰমৰ বাবে আন্তঃগাঁথনি প্রয়োজনীয়তা সন্দর্ভতো শিক্ষামন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে যে ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰিছে। যিসমূহ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।