জনপ্রিয় অভিনেত্রী পূৰবী শৰ্মাৰ আকস্মিক দেহাৱসান

জনপ্রিয় অভিনেত্রী পূৰবী শৰ্মাৰ আকস্মিক দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া চলচিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী পূৰৱী শৰ্মাৰ দেহাৱসান । মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে । অসমীয়া ছবিজগত উজ্জ্বল কৰি পৰলোকলৈ গতি কৰিলে মোহময়ী অভিনেত্রী পূৰবী শৰ্মাই। অসমীয়া সাংস্কৃতিক জগতত আন এক কৰুণ আঘাত হানি জীৱন নাটৰ যৱনিকা পেলালে অসমীয়া ছবিজগতৰ বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে। মঙলবাৰে সন্ধিয়া প্রায় ৭.৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটী হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মঙলবাৰে বিয়লিৰ ভাগলৈ তেওঁ অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। বৰ্তমান তেওঁৰ নশ্বৰ শৰীৰ মহানগৰীৰ শান্তিপুৰস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে আৰু পৰিয়ালৰ লোক, বন্ধু-বান্ধৱ, সতীর্থ আৰু গুণমুগ্ধসকলে তেওঁক শেষ শ্রদ্ধা জ্ঞাপন কৰিছে। উল্লেখ কৰিব পাৰি যে অসমীয়া চিনেমাৰ অন্যতম পৰিচিত মুখ অভিনেত্রী পূৰবী শর্মা। ১৯৮০ চনত বিশিষ্ট পৰিচালক নিপ বৰুৱা পৰিচালিত আজলী নবৌ বোলছবিত বেবী নামৰ এটা চৰিত্ৰৰে চলচ্চিত্ৰ জগতত ভুমুকি মৰা পূৰবী শৰ্মা অসমীয়া বোলছবি তথা ভ্রাম্যমাণ থিয়েটাৰৰ অন্যতম এগৰাকী জনপ্রিয় অভিনেত্রী পূৰবী শৰ্মাই দূৰদৰ্শন আৰু ৰেডিঅ’ৰ নাটকতো দীর্ঘকাল ধৰি সফলতাৰে কাম কৰি আহিছিল। পৰৱৰ্তী সময়ত নিপ বৰুৱা পৰিচালিত ‘এন্টনী মোৰ নাম’, ধীৰু ভূঞা পৰিচালিত ‘প্ৰথম ৰাগিণী’, মুনীন বৰুৱা পৰিচালিত ‘পিতা-পুত্র’, ‘বাৰুদ’, ‘পাহাৰী কন্যা’, ‘কন্যাদান’, ‘বিধাতা’, দাৰা আহমেদৰ দ্বাৰা পৰিচালিত ‘পূজা’, বিজু ফুকন পৰিচালিত ‘ভাই ভাই’, শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত ‘অশান্ত প্ৰহৰ’, ‘অহিৰ বৈভৱ’, ‘সোণ মইনা’, হেম বৰা পৰিচালিত ‘সংকল্প’, মৃদুল গুপ্তা পৰিচালিত ‘অভিমান’ আদি বহু বোলছবিত পূৰবী শৰ্মাই অনুভৱী অভিনয়েৰে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে হেঙুল, কহিনুৰ, শ্ৰীমন্ত শংকৰদেৱ আদি বহু জনপ্ৰিয় ভ্রাম্যমাণ থিয়েটাৰতো মন পৰশা অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে ধীৰু ভূঞা পৰিচালিত প্ৰথম ৰাগিণীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈয়ো সক্ষম হৈছিল, যি আছিল পূৰবী শৰ্মাৰ অভিনয় কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। প্রখ্যাত অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যকে ধৰি অসমীয়া চিনেমাৰ কেইবাগৰাকী দ্বিগজৰ সৈতে অভিনয় কৰা পূৰবী শৰ্মা নতুন প্ৰজন্মৰ দৰ্শকৰ বাবেও আছিল অনুপ্ৰেৰণাৰ প্ৰতীক। কেৱল অভিনয়েই নহয়, বিশিষ্ট অভিনেতা তথা লেখক, পৰিচালক তপন দাসৰ সৈতে থকা তেওঁৰ বৈবাহিক আৰু সৃষ্টিশীল সম্পর্কটোও সকলোৰে বাবে এক চানেকিস্বৰূপ। পূৰবী শৰ্মাৰ প্রয়াণে অসমীয়া চলচ্চিত্র জগতৰ এটি গৌৰৱোজ্জ্বল অধ্যায়ৰ অন্ত পেলালে। আঞ্চলিক চলচ্চিত্ৰৰ দূৰদৰ্শন ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়াই যোৱা অৱদান আৰু শিল্পী তথা দৰ্শকৰ মনত এৰি যোৱা ছাপ সদায়েই স্মৰণীয় হৈ থাকিব।  আকস্মিকভাৱে অকালতে প্রাণ হেৰুওৱা অভিনেত্রী পূৰবী শৰ্মাই মৃত্যুৰ সময়ত স্বামী তপন দাসৰ লগতে এগৰাকী কন্যাক ইহ সংসাৰত এৰি যায়। পূৰবী শৰ্মাৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগতক শোকস্তব্ধ কৰি তুলিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পূৰবী শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-  অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী পূৰৱী শৰ্মা ডাঙৰীয়ানীৰ আকস্মিক আৰু অকাল বিয়োগৰ বাতৰিয়ে মোক গভীৰভাৱে মৰ্মাহত কৰিলে৷ অসমীয়া চলচ্চিত্ৰ, ভ্ৰাম্যমাণ থিয়েটাৰ, দূৰদৰ্শন আৰু আকাশবাণীৰ জগতখনত নিজৰ অনন্য প্ৰতিভাৰে উজ্জ্বল স্বাক্ষৰ ৰাখি যোৱা পূৰৱী শৰ্মাই কেইবাটাও দশক ধৰি স্বকীয় অভিনয়শৈলীৰে অগণন দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিছিল। ৰূপালী পৰ্দাত তেখেতে জীৱন্ত কৰি তোলা অসংখ্য চৰিত্ৰ, বিশেষকৈ নায়িকাৰূপে তেখেতৰ অনবদ্য অভিনয়, অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ মনত চিৰদিন সজীৱ হৈ থাকিব। তেখেতৰ প্ৰয়াণে অসমীয়া শিল্প-সংস্কৃতি জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে। এগৰাকী গুণী শিল্পী হিচাপে তেখেতে এৰি যোৱা সৃষ্টিৰাজি, শিল্পসাধনা চিৰদিন চলচ্চিত্ৰপ্ৰেমীক অনুপ্ৰাণিত কৰিব। বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ স্বামী, বিশিষ্ট অভিনেতা শ্ৰীতপন দাস ডাঙৰীয়া তথা শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজন, সহশিল্পী আৰু অগণন অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।