অসমৰ সৰ্বমুঠ ঋণ ১,৬১,৭৬১ কোটি টকাঃবিত্তমন্ত্রী

Pc Newsonair

অসমৰ সৰ্বমুঠ ঋণ ১,৬১,৭৬১ কোটি টকাঃবিত্তমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ বাজেট অধিৱেশনত মঙলবাৰে পুনৰ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ প্ৰসংগ উত্থাপিত হয় । বিধায়ক আব্দুৰ ৰহিম আহমেদ, নুৰুল ইছলাম, আবুল কালাম ৰচিদ আলম আৰু আচিফ মহম্মদ নাজাৰে ৰাজ্য চৰকাৰে লোৱা ঋণ সন্দৰ্ভত কেইবাটাও প্ৰশ্ন উত্থাপন কৰে ।  এই প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত কয়, ২০১৬ চনৰ মার্চ মাহলৈকে অসম চৰকাৰৰ ঋণ আছিল ৩৫,৬৯০ কোটি টকা। আনকি সেই সময়ত ঋণ আৰু জি এছ ডি পিৰ অনুপাত ১৫.৭ শতাংশ আছিল। ২০২৫ বৰ্ষৰ ৩১ মার্চ পর্যন্ত অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈ হয়গৈ ১,৬১,৭৬১ কোটি টকা। অৱশ্যে এই ঋণৰ সৰ্বমুঠ ১৮,৫৮২ কোটি টকা ৫০ বছৰীয়া সুতবিহীন ঋণ। সেইমর্মে আজিৰ তাৰিখত প্ৰকৃত সৰ্বমুঠ সুতযুক্ত ঋণৰ পৰিমাণ হ’ল ১,৪৩,১৭৯ কোটি টকা। উল্লেখ্য যে চলিত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মঙলবাৰে সপ্তমদিনা পুৱাৰ ভাগত প্ৰশ্নত্তোৰ কালত উত্থাপন হোৱা ৰাজ্য চৰকাৰৰ ঋণ গ্রহণ সন্দর্ভত বিভিন্ন প্ৰশ্নৰ উত্তৰ দি বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদনত জনায় যে বিগত ২০১৬ চনৰ ৩১ মাৰ্চৰ পিছত প্রতিবছৰে ৰাজ্য চৰকাৰে ঋণ গ্ৰহণ কৰাৰ বিপৰীতে ঋণৰ মূলধন আৰু সুদ পৰিশোধ কৰি আহিছে। সেই অনুসৰি, ২০১৬-১৭ বৰ্ষত ২,৯৯৩.৯১ কোটি টকাৰ মূলধন আৰু ২,৯৬৩.৭৫ কোটি টকাৰ ঋণৰ সুদ পৰিশোধ কৰিছে। একেদৰে ২০১৭-১৮ বৰ্ষত ২,৯৬০.০৭ কোটি টকাৰ মূলধন ৩,২০৫.৩২ কোটি টকাৰ ঋণৰ সুদ, ২০১৮-১৯ বর্ষত ৪,৮৫৭.৫৩ কোটি টকাৰ মূলধন, ৩,৮৪৪.৩৭ কোটি টকাৰ ঋণৰ সুদ, ২০১৯-২০ বর্ষত ৪,৫৮৮,৭৫ কোটি টকাৰ মূলধন, ৪,৪৩৮.৮৭ কোটি টকাৰ ঋণৰ সুদ, ২০২০-২১ বর্ষত ৩,৫৬৯.৫৪ কোটি টকাৰ মূলধন, ৫,১৯৯.১৮ কোটি টকাৰ ঋণৰ সুদ, ২০২১-২২ বর্ষত ৫,১৭৭.৪৯ কোটি টকাৰ মূলধন, ৬,০৫১.৪৭ কোটি টকাৰ ঋণৰ সুদ, ২০২২-২৩ বর্ষত ৪,৮৬২.৮৩ কোটি টকাৰ মূলধন, ৬,৮৭৪.৯৭ কোটি টকাৰ ঋণৰ সুদ, ২০২৩- ২৪ বর্ষত ৬,৯২৩.৯০ কোটি টকাৰ মূলধন, ৮,১৩৯.১৭ কোটি টকাৰ ঋণৰ সুদ, ২০২৪-২৫ বর্ষত ৯,৭১০.৬৩ কোটি টকাৰ মূলধন আৰু ৯,৪৬৭.৪৫ কোটি টকাৰ ঋণৰ সুদ পৰিশোধ কৰা হয়। আনহাতে অসম চৰকাৰে লোৱা উল্লিখিত ঋণসাপেক্ষে প্ৰতিবছৰে কৰা মূলধনী ব্যয় সদৰী কৰি বিত্ত বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনায় যে ২০১৬-১৭ বিত্তীয় বর্ষত ৬,০০১ কোটি টকাৰ মূলধনী ব্যয়, ২০১৭-১৮ বিত্তীয় বর্ষত ৭,৯৪৭ কোটি টকাৰ মূলধনী ব্যয়, ২০১৮-১৯ বিত্তীয় বর্ষত ১১,৩৬২ কোটি টকাৰ মূলধনী ব্যয়, ২০১৯-২০ বিত্তীয় বর্ষত ১৩,৫০২ কোটি টকাৰ মূলধনী ব্যয়, ২০২০-২১ বিত্তীয় বর্ষত ১২,৪৮৭ কোটি টকাৰ মূলধনী ব্যয়, ২০২১-২২ বিত্তীয় বর্ষত ২০,২৩০ কোটি টকাৰ মূলধনী ব্যয়, ২০২২-২৩ বিত্তীয় বৰ্ষত ১৬,৩৩৮ কোটি টকাৰ মূলধনী ব্যয়, ২০২৩-২৪ বিত্তীয় বর্ষত ২১,৫০৯ কোটি টকাৰ মূলধনী ব্যয় আৰু ২০২৪-২৫ বিত্তীয় বর্ষত ২৬,৪০৯ কোটি টকাৰ মূলধনী ব্যয় কৰা হয়। বিধানসভাত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই লগতে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২৪-২০২৫ বিত্তীয় বর্ষলৈ ভাৰত চৰকাৰৰ অনুমোদনসাপেক্ষে লোৱা ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ সদৰী কৰি জনায় যে ২০১৬- ১৭ বিত্তীয় বর্ষত মুকলি বজাৰৰ ঋণ ১৫,৬৬৮.৫৪ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ১,৭৩৮.৫৬ কোটি, কেন্দ্রীয় ক্ষুদ্র সঞ্চয় নিধিৰ ঋণ ৯,৩২৯.৫৫ কোটি, কেন্দ্রীয় ঋণ ১,৪২৯.৭৮ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১০,১৭৯.৩৩ কোটিসহ মুঠ ৩৮,৩৪৫.৭৬ কোটি টকাৰ ঋণ গ্রহণ কৰে। আনহাতে ২০১৭-১৮ বিত্তীয় বর্ষত মুকলি বজাৰৰ ঋণ ২২,৪৬৫.৪১ কোটি, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ ২,১৬৪.২৪ কোটি, কেন্দ্রীয় ক্ষুদ্ৰ সঞ্চয় নিধিৰ ঋণ ৮,৬৬৪.০৮ কোটি, কেন্দ্রীয় ঋণ ১,৩৬১.১৮ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১১,২০৬.৯৯ কোটিসহ মুঠ ৪৫,৬৮১.৯০ কোটি, ২০১৮-১৯ বিত্তীয় বৰ্ষত মুকলি বজাৰৰ ঋণ ৩০,৫৫৪.৭৭ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৩,০০১.৭৮ কোটি, কেন্দ্ৰীয় ক্ষুদ্ৰ সঞ্চয় নিধিৰ ঋণ ৭,৯৫৪.৫৯ কোটি, কেন্দ্রীয় ঋণ ১,৩০৯.০৭ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১২,১৮৮.০৫ কোটিসহ মুঠ ৫৫,০০৮.২৫ কোটি, ২০১৯-২০ বিত্তীয় বর্ষত মুকলি বজাৰৰ ঋণ ৪১,৫৫১.০১ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৩,৮৭৬.৫৯ কোটি, কেন্দ্ৰীয় ক্ষুদ্ৰ সঞ্চয় নিধিৰ ঋণ ৭,১৯৯.৬২ কোটি, কেন্দ্রীয় ঋণ ১,২৭০.২৯ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৩,১৫৬.৫২ কোটিসহ মুঠ ৬৭,০৫৪.০২ কোটি, ২০২০-২১ বিত্তীয় বর্ষত মুকলি বজাৰৰ ঋণ ৫৫,৮৭১.০১ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৪,৭৮৫.৩৬ কোটি, কেন্দ্রীয় ক্ষুদ্র সঞ্চয় নিধিৰ ঋণ ৬,৪৪৪.৬৬ কোটি, কেন্দ্রীয় ঋণ ১,২৩৪.৬৮ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৪,০৪৫.৩৭ কোটিসহ মুঠ ৮২,২৯১.০৭ কোটি, ২০২১-২২ বিত্তীয় বৰ্ষত মুকলি বজাৰৰ ঋণ ৬৬,৫৩৪.০১ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৫,৫৫৩.৪০ কোটি, কেন্দ্রীয় ক্ষুদ্র সঞ্চয় নিধিৰ ঋণ ৫,৬৮৯.৭০ কোটি, কেন্দ্রীয় ঋণ ১,২৩৭.৯৯ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৪,৬৪৬.৯০ কোটিসহ মুঠ ৯৩,৬৬১.৯৯ কোটি, ২০২২-২৩ বিত্তীয় বৰ্ষত মুকলি বজাৰৰ ঋণ ৮২,৬৩৯.০১ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৬,৫৬৬.৭১ কোটি, কেন্দ্ৰীয় ক্ষুদ্ৰ সঞ্চয় নিধিৰ ঋণ ৪,৯৩৪.৭৩ কোটি, কেন্দ্রীয় ঋণ ১,২১৩.৬৬ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৪,৭৪৭.০৭ কোটিসহ মুঠ ১,১০,৪০১.১৮ কোটি, ২০২৩-২৪ বিত্তীয় বর্ষত মুকলি বজাৰৰ ঋণ ৯৮,৬৩৯.০১ কোটি, বিত্তীয় প্রতিষ্ঠানৰ ঋণ ৯,১৫০.৮৩ কোটি, কেন্দ্রীয় ক্ষুদ্র সঞ্চয় নিধিৰ ঋণ ৪,১৭৯.৭৭কোটি, কেন্দ্রীয় ঋণ ১,২৪৮.৮৫ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৪,৩৭৬.৩৪ কোটিসহ মুঠ ১,২৭,৫৯৪.৮০ কোটি আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষত মুকলি বজাৰৰ ঋণ ১,১২,৪৮৯.০১ কোটি, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ ১১,৮০১.১৫ কোটি, কেন্দ্রীয় ক্ষুদ্ৰ সঞ্চয় নিধিৰ ঋণ ৩,৪২৪.৮১ কোটি, কেন্দ্রীয় ঋণ ১,৫৫৫.৭৬ কোটি আৰু ৰাজ্যিক ভৱিষ্যনিধিৰ ঋণ ১৩,৯০৭.৭৩ কোটিসহ মুঠ ১,৪৩,১৭৮.৪৫ কোটি টকাৰ ঋণ গ্ৰহণ কৰা হয়। সদনত বিত্ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অৱশ্যে দাবী কৰি কয় যে অসম চৰকাৰে ২০১৬ চনৰ ১ মে’ত সংগ্রহ কৰা ঋণৰ ধনেৰে বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ কামত ব্যয় কৰিছে। আৰু ঋণৰ চৰ্তাৱলী অনুসৰি অসম চৰকাৰে গ্ৰহণ কৰা ঋণসমূহৰ বিপৰীতে প্ৰতি বছৰে নিয়মীয়াভাৱে সুদ আদায় (পৰিশোধ) কৰি আহিছে।