আইচিচিৰ গৱৰ্নেঞ্চ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দেৱজিৎ শইকীয়াক

Pc Newsonair

আইচিচিৰ গৱৰ্নেঞ্চ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি দেৱজিৎ শইকীয়াক

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তথা সমগ্ৰ দেশৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ । ভাৰতীয় ক্ৰীকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-ৰ সন্মানীয় সম্পাদক দেৱজিৎ লন শইকীয়াক এক বৃহৎ দায়িত্ব অৰ্পণ কৰা হৈছে । তেওঁক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)-ৰ অতি গুৰুত্বপূৰ্ণ গভৰ্নেন্স কমিটি (পৰিচালন সমিতি)ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে ।  স্কটলেণ্ডৰ এডিনবাৰ্গত ৯ জুলাইত অনুষ্ঠিত আইচিচিৰ বাৰ্ষিক কনফাৰেঞ্চত দেৱজিৎ শইকীয়াক এই দায়িত্ব অর্পণ কৰা হয়। ক্ৰিকেটৰ প্ৰশাসনিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে দেৱজিৎ শইকীয়াক এই দায়িত্ব প্রদান কৰা হয়। উল্লেখ্য যে আইচিচি গৱৰ্নেঞ্চ কমিটীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰশাসনক পৰিচালনা আৰু গঢ় দিয়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ক্ৰিকেটৰ মূল পৰিচালনা আৰু নিয়ন্ত্রণ সম্পৰ্কীয় নীতি-নির্দেশনাসমূহ তদাৰক কৰাৰ সম্পূৰ্ণ দায়িত্ব এই সমিতিৰ ওপৰত থাকে। দেৱজিৎ শইকীয়াৰ এই অভূতপূর্ব সাফল্যত অসম ক্রিকেট সন্থাই আনন্দ প্রকাশ কৰিছে। অসম ক্রিকেট এছ’চিয়েচনে নিজৰ অফিচিয়েল ফেচবুক পেজত এক পোষ্টৰ জৰিয়তে তেওঁক উষ্ম আদৰণি জনাই লিখিছে- ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সম্পাদক দেৱজিৎ শইকীয়াক আইচিচিৰ গৱৰ্নেঞ্চ কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি হোৱাৰ বাবে আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্রশাসনৰ শিখৰলৈকে তেওঁৰ যাত্রাই আমাক সকলোকে অনুপ্রাণিত কৰি যাব। এই সন্মানীয় দায়িত্ব কান্ধ পাতি লোৱাৰ সময়ত আমি তেওঁলৈ শুভকামনা জনাইছোঁ। সন্থাই লগতে উল্লেখ কৰে যে এই দায়িত্বই দেৱজিৎ শইকীয়াৰ দূৰদৰ্শী নেতৃত্ব, অপৰিসীম প্রশাসনিক দক্ষতা আৰু ক্রীড়া ক্ষেত্ৰখনক এক নতুন মাত্রা দিয়াৰ প্ৰতি থকা নিষ্ঠাকে প্রমাণ কৰে।