মোৰ মৃত শৰীৰটো
হেৰম্ব নাথ
মোৰ মৃত শৰীৰটো
দাহ কৰাৰ পাছত
কোনো অস্তিত্ব নাথাকিব
আচলতে, মৃত্যুৰ পাছত
কিবা অস্তিত্ব থাকে জানো?
মাথোঁ থাকি যায়
বিশেষণবোৰ…..
মোৰ মৃত শৰীৰটো
তেন্তে মাটিৰ বুকুত বিলীন হ’বলৈ দিওঁ
কিন্তু মাটিয়ে আকোঁৱালি ল’ব জানো?
যদি মাটিয়েই মৃত শৰীৰ এটাৰ ঘৰ
তেন্তে মাটিৰ বুকুত বিলীন হৈ নাযাওঁ কিয়?!
