অনুগল্প
গোপন প্ৰেম
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ৰমেন মেধী আৰু অজিত ঠাকুৰীয়া দূয়ো কলেজীয়া বন্ধু। দীক্ষিতা শৰ্মা এজনী খুব মৰম লগা ছোৱালী। তাই সিহতৰ লগত একেলগে পঢ়ে। ৰমেনে এদিন দীক্ষিতাক ভাল পোৱাৰ প্ৰস্তাৱ দিলে কিন্তু তাই সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে।
ৰমেনে কলেজত দিক্ষিতাই তাক ভাল পাই বুলি মিছা প্ৰচাৰ কৰে।এই কথাটো দিক্ষিতাৰ বাপেকৰ কানত পৰে।দিক্ষিতাৰ বাপেক কনক শৰ্মা এজন উচ্চ পুলিচ বিষয়া। দিক্ষিতাৰ বাপেকে ভুল বশতঃ ৰমেন বুলি অজিতক থানালৈ লৈ গৈ গৰু পিটন দিয়ে।
অজিতে কলেজ সলনি কৰি অইন কলেজত নাম ভৰ্তি কৰে আৰু ভালদৰে পঢ়ি এজন ভাল ডাক্তৰ হয়। বহু বছৰৰ পিছত দীক্ষিতাৰ বাপেকৰ হাৰ্ট এটেক হয়। হাৰ্ট চাৰ্জাৰী কৰিব লগীয়া হয়।ডাঃ, অজিতে চাৰ্জাৰী কৰে।
দীক্ষিতাৰ দেউতাক সুস্থ হৈ উঠে । তেওঁ সুস্থ হৈ উঠাত ডাঃ অজিতে তেওঁক চিনি পাই সিদিনা থানাত নি তেওঁক কিয় পিটিছিল সুধিলে।। তেতিয়া দীক্ষিতাৰ বাপেকে খঙেৰে নিজৰ ছোৱালীক কিয় মিছা বদনাম কৰিছিলা বুলি উত্তেজিত হ’ল। তেতিয়া ডাঃ অজিতে কলে মই ৰমেন নহয় খুড়া মই অজিত।। তেতিয়া দীক্ষিতা ভিতৰলৈ সোমাই আহিল। দেউতাকে অজিতক ভুলৰ ক্ষমা খোজে।
অজিত আৰু দীক্ষিতাই দুয়ো দুয়োকে গোপনে কলেজীয়া দিনত ভাল পাইছিল যদিও প্ৰকাশ কৰা নাছিল । দীক্ষিতাৰ দেউতাকে অজিতক তেওঁৰ ছোৱালীক বিয়া দিয়াৰ প্ৰস্তাৱ দিয়ে। শেষত অজিত আৰু দীক্ষিতাৰ বিয়া হয়।।
