এজন নিষ্ঠাবান শিক্ষকৰ পৰিণতি – শচীন্দ্ৰ কুমাৰ দাস

Pc Pinterest

অনু গল্প

এজন নিষ্ঠাবান শিক্ষকৰ পৰিণতি

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

মদন বৰপুজাৰী এখন স্কুলৰ প্ৰধান শিক্ষক। মৰমী ডেকা সেই স্কুলৰে এজনী সহ শিক্ষয়িত্ৰী। মৰমী ডেকা সদায়ে দেৰিকৈ স্কুল আহে। সেয়েহে প্ৰধান শিক্ষক গৰাকীয়ে তেওঁক প্ৰায়ে গালি দিয়ে। অঞ্চলৰ বহু মানুহে মৰমী ডেকাৰ ইতিমধ্যে বহু অভিযোগ উত্থাপন কৰি আহিছে।

সিদিনা প্ৰধান শিক্ষক বৰপুজাৰী স্কুল আহোতে বৰষুণৰ বাবে বাট পিচল হোৱাত চাইকেলৰ পৰা পৰি আঘাত প্ৰাপ্ত হয়। সেয়েহে তেওঁ সিদিনা স্কুললৈ নাহে।সেই সময়ত মোবাইলৰ ব্যৱহাৰ নাছিল।স্কুল ইন্সপেক্টৰ বিক্ৰম চৌধুৰী হঠাৎ সিদিনা স্কুল পৰিদৰ্শণ কৰিব আহে। স্কুলত প্ৰধান শিক্ষকৰ অনুপস্থিতিত তেওঁ অগ্নি শৰ্মা হৈ পৰে।

যিহেতু শিক্ষয়িত্ৰী মৰমী ডেকাই প্ৰধান শিক্ষক বৰপুজাৰীক খুব বেয়া পাই সেয়েহে তেওঁ বৰপুজাৰীৰ বিৰুদ্ধে বহুতো অভিযোগ কৰে গোপনে।

স্কুল ইন্সপেক্টৰে শ্ৰেণী সমুহ পৰিদৰ্শন কৰি গুচি যায়।। দুমাহ মান পিছত হঠাৎ প্ৰধান শিক্ষক‌ বৰপুজাৰীৰ এখন দুৰনী বটীয়া ঠাইলৈ বদলি কৰণৰ জাননী আহে। জাননী পাই অঞ্চলৰ মানুহ তথা স্বয়ং বৰপুজাৰী খুব আচৰিত হয়। অঞ্চলৰ সকলো মানুহে খুব দুখ অনুভৱ কৰে।

প্ৰধান শিক্ষক মদন বৰপুজাৰীৰ এই আকস্মিক বদলি কৰণ অঞ্চলৰ মানুহৰ বাবে আজিও ৰহস্য জনক।।