ভিয়েটনামত নাও দুৰ্ঘটনাত ১৫ ভাৰতীয় পর্যটকৰ মৃত্যু

Pc The Indian Express

ভিয়েটনামত নাও দুৰ্ঘটনাত ১৫ ভাৰতীয় পর্যটকৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- ভিয়েটনামত শনিবাৰে এখন নাও দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ভিয়েটনামৰ ফু কুৱক দ্বীপৰ সমীপত ৩২জন ভাৰতীয় যাত্ৰী আৰু চাৰিজন কৰ্মচাৰী কঢ়িয়াই নিয়া এখন স্পীড ব’ট লুটি খাই বুৰ যোৱাত ১৫জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হয়। নাওখনত থকা বেছিভাগ যাত্রীয়েই ভাৰতীয় পর্যটক। এই ঘটনাত সন্ধানহীন হৈ পৰা পৰ্যটকসকলৰ সন্ধান আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে। উদ্ধাৰ কাৰ্যত নামিছে ডুবাৰু বাহিনী। জানিব পৰা মতে, নাও দুর্ঘটনাটো ঘটে ভিয়েটনামৰ ফু কুৱক দ্বীপৰ ওচৰত।  স্থানীয় কর্তৃপক্ষৰ পোৱা তথ্য অনুসৰি নাওখনেই হন মে ৰুটৰ পৰা পৰ্যটকক লৈ আন বন্দৰলৈ গৈ আছিল। দুপৰীয়া ১ বজাত (স্থানীয় সময়) নাওখনে লক্ষ্য অভিমুখে যাত্ৰা কৰাৰ কেইমিনিটমানৰ ভিতৰতে দুর্ঘটনাটো সংঘটিত হয়। সাগৰত সৃষ্টি হোৱা উত্তাল ঢৌৰ বাবে এনে এটা শোকাবহ দুর্ঘটনা সংঘটিত হয় বুলি ধাৰণা কৰা হৈছে। সেই সময়ত বতৰ ফৰকাল আছিল। নাওখন লুটি খাই যোৱাত আটাইবোৰ যাত্ৰী সমুদ্ৰত বুৰ যায়। কোনো কোনো যাত্ৰীয়ে সাঁতুৰি প্ৰাণ বচোৱাৰ চেষ্টা কৰে। দুর্ঘটনাটো দেখা পাই স্থানীয় লোকসকলে লগে লগে উদ্ধাৰ কাৰ্যত নামি পৰে। স্থানীয় কর্তৃপক্ষৰ সৈতে যোগাযোগ ৰাখিছে ভিয়েটনামৰ ভাৰতীয় দূতাৱাসৰ বিষয়াসকলে। দুর্ঘটনাগ্রস্ত নাওখনত আছিল ৩২গৰাকী ভাৰতীয় পর্যটক। তদুপৰি ৪জন নাৱিক আছিল নাওখনত। নতুন দিল্লীত থকা অন্ধ্রপ্রদেশ ভৱনৰ বিশেষ আয়ুক্ত ড° আর্জা শ্রীকান্তই কোৱা মতে ভিয়েটনাম কর্তৃপক্ষই নিশ্চিত কৰিছে যে এই দুর্ঘটনাত নিহত ১৫জন ভাৰতীয় পৰ্যটকৰ ভিতৰত ১৩জন পুৰুষ আৰু দুগৰাকী মহিলা। মৃত পর্যটকসকলৰ ১০জন তামিলনাডুৰ, ৩জন অন্ধ্রপ্রদেশৰ আৰু দুজন কেৰালাৰ লোক বুলি নিশ্চিত কৰা হৈছে। নাওখনৰ পৰা ১৭জন যাত্ৰী আৰু ৪জন নৌ-কৰ্মচাৰীকে ধৰি লোক ২১জন লোকক উদ্ধাৰ কৰা হৈছে। ভিয়েটনামৰ ভাৰতীয় দূতাৱাসে জনোৱা মতে, তেওঁলোকে পৰিস্থিতি পর্যবেক্ষণ কৰিছে। একে সময়তে নাওখনত থকা ভাৰতীয়সকলৰ পৰিয়ালবোৰে যাতে উদ্ধাৰ কাৰ্য সম্পকীয় যাবতীয় তথ্য পায় তাৰ বাবে হেল্পলাইন নম্বৰো মুকলি কৰি দিয়া হৈছে দূতাৱাসৰ তৰফৰ পৰা। হো চি মি চিটীত সহায়তা প্রদান কেন্দ্র মুকলি কৰা হৈছে। দূতাৱাসৰ তৰফৰ পৰা কন্ট্ৰ’ল ৰুমৰ নম্বৰো দিয়া হৈছে। +৮৪ ৩৬ ২৮১ ৭৯৩০, +৮৪ ৯১ ৫৫২ ৩৭ ১৪ আৰু +৮৪ ৩৩ ৪৫২ ০৪১৪ নম্বৰত যোগাযোগ কৰিলে তথ্য পোৱা যাব বুলি কোৱা হৈছে। ভিয়েটনামত থকা ভাৰতৰ দূতাবাসে এক্সযোগে কয়, “অফিচিয়েল সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি কেইঘণ্টামানৰ আগতে ভিয়েটনামৰ ফু কুক দ্বীপৰ ওচৰত নাও দুৰ্ঘটনা হয়, য’ত ৩২ জন ভাৰতীয় পৰ্যটক আছিল । আমি হতাহতৰ বিষয়ে অধিক বিৱৰণ নিশ্চিত কৰিছো আৰু অতি সোনকালে সকলো আপডেট কৰিম ।”   ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনামৰ দুর্ঘটনা সন্দৰ্ভত সামাজিক মাধ্যম এক্সত কয় যে এই ঘটনাত ‘তেওঁ ‘অত্যন্ত দুঃখিত’। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে।