পোনাকনৰ সপোন
পৰিস্মিতা বৰা হাজৰিকা
মাজুলী
ক’লা ৰঙৰ মাৰুতী কাৰ এখন আহি হঠাৎ অগণন মানুহৰ মাজত ৰৈ গ’ল । সন্মুখত অগণন মানুহৰ ভীৰ আৰু ভীৰৰ মাজত সংবাদ কৰ্মীৰ হেতা ওপৰা । ইমান সৰু লৰাটোক লগ পাবলৈ ইমানবোৰ মানুহৰ ভীৰ হ’ব লাগে নে ?– পোনাকন সচাকৈয়ে আচৰিত হ’ল । সি ৰাজ্যিক ভিত্তিত খেলুৱৈ হওতেই ইমান মানুহ আজি তাৰ কাষত। সি আৰু ভালকৈ খেলিব । ভালদৰে প্ৰশিক্ষণ লৈ এইবাৰ সি অসমৰ বাহিৰলৈ যাব ।
সংবাদ কৰ্মী জনে আগবাঢ়ি আহি তাক প্ৰশ্ন কৰিলে — তুমি ইমান এখন ভিতৰুৱা গাৱৰ এটি দৰিদ্ৰ পৰিয়ালৰ পৰা কেনেকৈ ইমান দুৰলৈ যাবলৈ সক্ষম হলা ?
সেমেনা সেমেনিকৈ পোনাকনে তলমূৰ কৰিলে । কেনেকৈ কই সি তাৰ অভাৱী জীৱনটোৰ কথা । দেউতাকৰ অবিহনে মাকে তাক কেনেকৈ ডাঙৰ কৰিছে সেইয়া সি আৰু মাকে জানে । ৰাতিৰ আকাশৰ তৰা গণি গণি শুব পৰা তাৰ উৰুখা পজাৰ কথা কেনেকৈ কই সি ইমান মানুহৰ সন্মুখত । জনা হোৱাৰে পৰা মাকে বাৰীৰ পৰা চিঙি আনি দিয়া বৰটেঙাৰে বল খেলি ভালপোৱা পোনাকনৰ সপোন আছিল ডাঙৰ হৈ সি ভালকৈ ক্ৰিকেট খেলিব । স্কুলৰ পৰা আহিয়েই পথাৰত সমনীয়া লগত বল খেলিবলৈ দৌৰ মৰা পোনাকনক মাকৰ গালি শপনিয়েও ৰখাব পৰা নাছিল । কিন্তু মাকৰ দুখ কষ্টৰ কথা ভাবি সি তাৰ আশাবোৰ বাদ দিছিল ।
আজি তাৰ আশাবোৰ সচাকৈয়ে পুৰণ হ’ল । আজি সি এজন ভাল খেলুৱৈ । মাকৰ কষ্টবোৰ আৰু নাইকিয়া হ’ব। সি পোৱা টকাৰে মাকক সি সুখত ৰাখিব । তাক গামোচা আৰু ফুলেৰে আদৰণি জনোৱা দেখি মাকে আনন্দতে কান্দিছে ।
পোনাকন , পোনাকন — কাৰোবাৰ চিঞৰত সি সাৰ পাই চাৰিওফালে চালে । ক’তা তাৰ কাষত দেখুন কোনো নাই । গামোচা আৰু ফুলৰ থোপাবোৰ কলৈ গ’ল আৰু সংবাদ কৰ্মী কেইজন ?? সি অতপৰে তাৰমানে সপোনহে দেখি আছিল । দুচকু সেমেকি উঠিল তাৰ ।
উঠ , পোনাকন — বহুত দেৰি হ’ল । তোক লগ পাবলৈ তহঁতৰ স্কুলৰ বৰুৱা ছাৰ আহিছিল । তই শুই থকা বাবে কথাবোৰ মোকেই কৈ গ’ল ।
কি কথা মা ?
তেওঁ বোলে তোক গুৱাহাটীলৈ নিব খেলৰ প্ৰশিক্ষণৰ বাবে । আমাৰ ইয়াৰ মুঠ পাচঁ জন । তাৰ মাজতে তইয়ো পৰিছ সোন । তায় হেনো ভালকৈ ক্ৰিকেট খেলিবলৈ শিকাব ।
মাকৰ কথা শুনি সি আনন্দত আত্মহাৰা হ’ল । তাৰ মানে তাৰ সপোনটো সচাকৈয়ে পুৰণ হ’ব । আবেগত মাকক সাবটি ধৰি সি হুকহুকাই কান্দি উঠিল । দৰিদ্ৰতা কেতিয়াও সপোন পুৰণত হেঙাৰ হ’ব নোৱাৰে ।
