শিশুসকলৰ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ বিকাশত আমাৰ সামাজিক দ্বায়বদ্ধতা – মানসী মিশ্ৰ

Pc iCare Software

শিশুসকলৰ সামাজিকীকৰণ প্ৰক্ৰিয়াৰ বিকাশত আমাৰ সামাজিক দ্বায়বদ্ধতা

মানসী মিশ্ৰ

একোটি দেৱশিশু প্ৰতিটো পৰিয়াললৈ অহাৰ লগে লগে সেই পৰিয়ালটো আনন্দমুখৰ হৈ উঠে। শিশুসকলৰ ঠুনুক ঠানাক মাত কথা, কলৰৱে সকলোৰে মন ভৰাই ৰাখে। দিনটোৰ সময়খিনি কিদৰে অতিবাহিত হৈ যায় কোনেও কব নোৱাৰে। অলপ বুজা হৈ অহাৰ লগে লগে অকণমান মাত ফুটিবলৈ আৰম্ভ হোৱাৰ লগে লগে নতুনকৈ চিনাকি হোৱা পৃথিৱীখনৰ বিষয়ে নানা কৌতূহল, মনত কিমান যে প্ৰশ্ন। পৰিয়ালটোত লগ পোৱা প্ৰতিগৰাকী ব্যক্তিয়েই শিশুৰ বাবে আপোন আৰু যিসকলৰ সান্নিধ্যত থাকে তেওঁলোকলৈ শিশুৰ কৌতূহলী মনত নানা প্ৰশ্ন সোমাই থাকে। কিছুবছৰ আগৰ সমাজ ব্যৱস্থালৈ যদি আমি মন কৰোঁ তেন্তে আমি দেখিবলৈ পাওঁ যে সেইসমূহ শিশু একোখন ভৰা ঘৰৰ মানুহৰ মৰম চেনেহৰ মাজত ডাঙৰ দীঘল হৈছিল। বেছিভাগ শিশুৱে ককাক আইতাকৰ উমাল মৰম সান্নিধ্য পাইছিল। নিজৰ মাক দেউতাকৰ লগত যিমান আপোনভাৱে কটায় ঠিক একেদৰে এইসকল ব্যক্তিৰ সৈতে নিবিড়ভাৱে কটোৱাৰ সান্নিধ্য লাভ কৰিছিল। কিয়নো সেই সময়ত যৌথ পৰিয়াল ব্যৱস্থাৰ প্ৰচলন আছিল। সন্ধিয়া পৰত ঢাৰি পাটি পাৰি লৈ ককাক আইতাকে আলফুল মৰমেৰে সাৱটি কিমান যে সুন্দৰ সুন্দৰ সাধু কথা কৈছিল আৰু এই সাধুকথাতে জীৱনৰ বাবে প্ৰয়োজনীয় বহু কথা শিকাইছিল। ইঘৰ সিঘৰ ওচৰ চুবুৰীয়া মানুহবোৰৰ ঘৰলৈ সঘন আহ-যাহ আছিল আৰু সেইবাবেই তেওঁলোকে ভিন্ন লোকৰ মৰম, আদৰ লাভ কৰিছিল। সেইসময়ত যৌথ পৰিয়ালৰ সংখ্যা অধিক আছিল আৰু যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে ল’ৰা ছোৱালী সকলৰ সামাজিক, মানসিক বিকাশ অলপ সহজতে হৈছিল। ধাননি পথাৰত খোজকাঢ়ি, বোকামাটি গছকি প্ৰকৃতিৰ সেউজীয়াবোৰ নিজ হাতেৰে চুই ডাঙৰ-দীঘল হোৱাৰ সুযোগ লাভ কৰিছিল আৰু সেইবাবে পৃথিৱীৰ আচল বাস্তৱতাক ওচৰৰ পৰা দেখা পাইছিল। শিশুসকলক ভাল নোপোৱা, মৰম নকৰা মানুহ বোধ হয় এই প্ৰকৃতিত কমেই থাকে। গতিকে তেওঁলোকক যলৈকে লৈ যোৱা হয়, তেওঁলোকে তাৰ পৰাই মৰম,আদৰ বুটলিবলৈ সক্ষম হয়। যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে, বিভিন্ন জনৰ মৰম, সান্নিধ্য লাভ কৰা বাবে আগতে ল’ৰা ছোৱালীসকলৰ সামাজিক বিকাশ, ব্যৱহাৰিক জ্ঞানৰ বিকাশ সহজেই হৈছিল। ধাননি পথাৰত খোজ কাঢ়ি, বোকামাটি গছকি প্ৰকৃতিৰ সেউজীয়াবোৰ নিজ হাতেৰে চুই চাই ডাঙৰ দীঘল হোৱাৰ সুযোগ লাভ কৰিছিল। সেইবাবে পৃথিৱীৰ আচল বাস্তৱতাক তেওঁলোকে বৰ ওচৰৰ পৰা দেখা পাইছিল। কিতাপৰ পৰা তেওঁলোকে যিখিনি জ্ঞান আহৰণ কৰিছিল, তেওঁলোকে প্ৰতিটো দিনৰ বাস্তৱ অভিজ্ঞতা সমূহৰ পৰাও সমানে জ্ঞান আহৰণ কৰিছিল। সেইবাবে জীৱনৰ প্ৰতিটো দিনতে সন্মুখীন হোৱা ভিন ভিন পৰিস্থিতিৰ সৈতে তেওঁলোকৰ মোকাবিলা কৰিবলৈ সহজ হৈছিল। এতিয়া আৰু আমাৰ সমাজত এই যৌথ পৰিয়াল ব্যৱস্থাৰ সলনি হ’ল। যৌথ পৰিয়ালসমূহো সৰু হৈ একক পৰিয়াল হ’ল। একক পৰিয়াল ব্যবস্থাটো আমাৰ সমাজত অহাৰ লগে লগে পৰিয়াল সমূহ সংকুচিত হ’বলৈ ধৰিলে। পৰিয়াল সমূহৰ অধিকাংশই নগৰবাসী/চহৰমুখী হ’ল। ইয়াৰ লগে লগে পিতৃ-মাতৃৰ লগত সন্তান সকলে জীৱন অতিবাহিত কৰিবলগীয়া হ’ল। লগতে অধিকাংশ মানুহেই যিহেতু ফ্লেটসমূহৰ আবাসী হৈ পৰিল গতিকে তেওঁলোকৰ শিশুসকলেও এক আৱদ্ধ পৰিৱেশত সময় অতিবাহিত কৰিব লগীয়া হ’ল। ইয়াৰ লগে লগে অধিকাংশ মানুহেই যিহেতুকে ফ্লেট সমূহৰ আবাসী হৈ পৰিল গতিকে স্বাভাৱিকতে মানুহৰ লগত মিলা মিছা কৰাৰ সুযোগ কমকৈ পাবলৈ ধৰিলে। অধিকাংশ পৰিয়ালত পিতৃ মাতৃ দুয়োগৰাকী কৰ্মত নিয়োজিত হৈ থকাৰ বাবে নিজৰ সন্তানক সময় দিবলৈ, সন্তানৰ সৈতে কিছুসময় পাৰ কৰিবলৈ অভাৱ হয় সময়ৰ। বেছিভাগ সময়ত শিশুসকলক ঘৰৰ বনকৰা মানুহৰ হাততে তুলি দিয়া হয়। বহুসময়ত ল’ৰা ছোৱালী “ক্ৰেছ” (শিশুৰ আপদান গৃহ) দিনৰ দিনটো ৰখাৰ ব্যৱস্থা কৰা হয়। শিশুসকল বিদ্যালয়ৰ পৰা আহি পোৱাৰ পিছতেই শিশুসকলৰ লগত খেল ধেমালি কৰিবলৈ তেনে কোনো লগৰীয়া নাথাকে আৰু ফলত বনকৰা শিশুৰ লগতে সময় অতিবাহিত কৰিবলগীয়া হয়। এনে অৱস্থাত বহুসংখ্যক শিশুৱে নিজৰ ম’বাইল ফোনটোকে সংগী হিচাপে লয়। এনে বহুত শিশু আছে যি সকলে হাতত ম’বাইল ফোনটো চাই চাই খাদ্য বস্তুসমূহ গ্ৰহণ কৰে। ম’বাইল ফোন সমুখত নাৰাখিলে বহুতো শিশুৱে খাদ্য গ্ৰহণ কৰিবই নোৱাৰে। বহু পৰিয়ালত মাক দেউতাক সকলেও ভাবি লয় যে হাতত ম’বাইল ফোনটো তুলি দিলেই শিশুসকল সুখী হৈ পৰিব আৰু তেতিয়া তেওঁলোকৰ বাবে সকলো কথা সহজ হৈ পৰিব। শৈশৱতে যদি শিশুসকল ম’বাইল আসক্ত হৈ পৰে তেন্তে পিছৰ বয়সত বহু চেষ্টা কৰিলেও হাতৰ পৰা মবাইল ফোন এৰুৱাই নিয়াটো অসুবিধাজনক হৈ পৰে। এতিয়া আমি নিজৰ আত্মীয়ই হওঁক অথবা পৰিচিত বন্ধু বান্ধৱৰ ওচৰলৈ ফুৰা চকা কৰিবলৈ যাওঁ তেন্তে এক সহজলভ্য দৃশ্য আমি দেখবলৈ পাওঁ য’ত তেওঁলোকৰ সন্তান সকলে ম’বাইল ফোনটোতে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা যায়। আগতে ঘৰলৈ কোনোবা আলহী অতিথি আহিলে সৰু সৰু ল’ৰা ছোৱালী সকলৰ মনত অপাৰ আনন্দৰ সৃষ্টি হয়। নানা কথাৰে, নানা প্ৰশ্নৰে আলহীৰ পিছে পিছে ফুৰে। আলহী পুনৰ নিজৰ ঘৰলৈ উভতি যোৱাৰ সময়তো যথেষ্ট বেজাৰ অনুভৱ কৰিছিল। কিন্তু আজিৰ দিনত তেনে কোনো প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা নাযায়। ঘৰলৈ আলহী অহা যোৱা, ভাল লগা, বেয়া লগা সম্পৰ্ক বহুতে বুজিয়ে নাপায়। আনকি বহু ল’ৰা ছোৱালী আছে যিসকলে মানুহৰ ঘৰলৈ ফুৰিবলৈ যাবলৈ লগ ধৰিলে ইচ্ছা প্ৰকাশ নকৰে। এইসকল ল’ৰা ছোৱালীৰ বাবে ম’বাইল ফোনটো প্ৰকৃত সংগী হৈ পৰে। ম’বাইল ফোনটোৰ বাহিৰে তেওঁলোকে মানুহৰ সংগৰ প্ৰয়োজন অনুভৱ নকৰে। জীৱনটো এক প্ৰকাৰ এটা কুঠৰী আৰু ম’বাইলৰ পৃথিৱীখনতে আৱদ্ধ হৈ থাকে এই সকল শিশুৰ জীৱন। বেছি ভাগ ক্ষেত্ৰতে শিশুসকল ঘৰৰ বনকৰা মানুহৰ মাজতে থাকিবলগীয়া হয়। গতিকে তেওঁলোকৰ হাতত অন্য উপায় নাথাকে। নিজৰ পিতৃ মাতৃয়ে তেওঁলোকৰ নিজস্ব সময়ৰ অভাৱৰ হেতুকে ল’ৰা ছোৱালীহঁতক গেম খেলি ব্যস্ত থাকিবলৈ ম’বাইল ফোনটো তেওঁলোকৰ হাতত তুলি দিয়ে। এনেকৈয়ে এই সকল ল’ৰা ছোৱালীৰ জীৱনটো সৰুৰে পৰাই একপ্ৰকাৰ যান্ত্ৰিক হৈ পৰে। জীৱনৰ সুন্দৰ সুন্দৰ অনুভৱ বিলাক এওঁলোকে উপভোগ কৰিব নোৱাৰা হয়।ভাৰ্চুৱেল জগতখনক লৈয়েই সীমাবদ্ধ হয় এওঁলোকৰ জীৱনৰ সকলো অনুভৱ। বহুতৰে ভিতৰত থকা প্ৰতিভাসমূহ তেওঁলোকে ভালদৰে বাচি উলিয়াই প্ৰতিপালন কৰিব নোৱাৰে। যন্ত্ৰৱৎ হৈ পৰে এওঁলোকৰ জীৱন।

শিশুসকলৰ এইছোৱা সময়তে সামাজিকীকৰণ প্ৰক্ৰিয়া আৰম্ভ হয়। গতিকে এই কথাটো প্ৰতিগৰাকী পিতৃ মাতৃয়ে গুৰুত্বসহকাৰে উপলব্ধি কৰা উচিত। প্ৰতিগৰাকী পিতৃ মাতৃৰ নিজৰ দৈনিক কৰ্মসূচীখনত ল’ৰা ছোৱালী সকলৰ সৈতে সময় ৰাখিব লাগে। এই সময়ছোৱাত নিজৰ প্ৰতিভা সমূহৰ উদঘাটন কৰি ল’ৰা ছোৱালীক আগবঢ়াই লৈ যাবলৈ যত্ন কৰিব লাগে। ল’ৰা ছোৱালীৰ লগতে তেওঁলোকৰ Hobby অৰ্থাৎ ভাল লগা কামসম্পৰ্কত আলোচনা কৰিব লাগে।খেল ধেমালি কৰাৰ সুযোগ সুবিধাখিনি পিতৃ-মাতৃয়েই দেখুৱাই দিব লাগিব। খেল ধেমালি কৰিবলৈ গ’লে ল’ৰা ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্পূৰ্ণ হোৱাৰ লগে লগে ল’ৰা ছোৱালীয়ে সমনীয়া ল’ৰা ছোৱালীক লগ পায় আৰু ভাবৰ আদান প্ৰদান কৰিব পাৰে। বন্ধৰ দিনত মুকলি সময়ত আত্মীয় স্বজনে লগসমনীয়াৰ ঘৰলৈ অহা যোৱা কৰিব লাগে। এই সমূহে মৰম, আন্তৰিকতা, আত্মীয়তাৰ বান্ধোন সুদৃঢ় কৰে। যিমান সম্ভৱ সময় উলিয়াই ল’ৰা ছোৱালীক আত্মীয় স্বজন, সম্পৰ্কীয় মানুহৰ মাজলৈ লৈ যাব লাগে। আমাৰ সমাজত সুন্দৰ সুন্দৰ সম্পৰ্ক ককা, আইতা, বৰমা, বৰদেউতা, খুৰা-খুৰী, পেহা-পেহী আদি সম্পৰ্ক সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সুযোগ দিব লাগে।

মানুহৰ মাজত সুখ-দুখ, মৰম, ভালপোৱা আদি অনুভৱ, অনুভূতি সমূহ মনত জাগ্ৰত হ’লে মানুহে জীৱনৰ বাস্তৱতাক উপলব্ধি কৰাৰ সুযোগ লাভ কৰে। আমি আমাৰ ভবিষ্যত প্ৰজন্মৰ শিশুসকলৰ সামাজিকীকৰণ প্ৰক্ৰিয়া সঠিকভাৱে সম্পন্ন কৰিব পাৰিলে সুস্থ, সামাজিক জীৱন যাপন কৰাটো সহজ হৈ পৰে। গতিকে প্ৰতিগৰাকী শিক্ষকে সামাজিক, মানসিকভাৱে সুস্থ সবল কৰি তুলিবলৈ আমি পিতৃ-মাতৃ জ্যেষ্ঠসকলে এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব লাগে।