অসম চুক্তিৰ ৪১ বছৰ পাৰ হ’ল যদিওএতিয়াও উন্মুক্ত অসম-বাংলাদেশ সীমান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভাৰ বাজেট অধিৱেশনৰ বুধবাৰে তৃতীয় দিনা সদনৰ প্ৰশ্নোত্তৰ কালত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হয় । অসম চুক্তিৰ ৬ নম্বৰ দফাক লৈ আলোচনা হয় সদনত ৷ শ্বহীদৰ ত্যাগৰ বিনিময়ত সম্পাদিত হোৱা অসম চুক্তিৰ প্রায় ৪১ বছৰ অতিক্রম হ’ল যদিও এতিয়াও উন্মুক্ত অসমৰ ভাৰত-বাংলাদেশ সীমান্ত। চুবুৰীয়া বাংলাদেশৰ পৰা অনুপ্রবেশ ঘটা বিদেশীক প্ৰতিৰোধৰ লক্ষ্যৰে অসম চুক্তি অনুসৰি সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ সিদ্ধান্ত দুকুৰি বছৰ পাছতো একপ্ৰকাৰ নিৰৰ্থক। অসম বিধানসভাত এই ছবি পুনৰ স্পষ্ট হৈ পৰিল। সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বিধানসভাত দাখিল কৰা তথ্য অনুসৰি মুঠ ৩৮.৯৫৯ কিলোমিটাৰ সীমান্ত অঞ্চল এতিয়াও উন্মুক্ত। অসম চুক্তি ৰূপায়ণৰ প্ৰসংগত অগপৰ বিধায়ক প্রকাশ দাসে উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি মন্ত্ৰী অতুল বৰাই সদনক অৱগত কৰে যে অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ আয়তন ২৬৭.৫০ কিলোমিটাৰ। এই দীঘলীয়া সীমান্তই চুই আছে ৰাজ্যখনৰ কাছাৰ, শ্রীভূমি, ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাক। লক্ষণীয়ভাৱে এই চাৰিখন জিলাৰ সীমান্তক সামৰি মুঠ ৩৮.৯৫৯ কিলোমিটাৰ অঞ্চল এতিয়াও উন্মুক্ত। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ধুবুৰী জিলাত সর্বাধিক ৩৪.৬০৯ কিলোমিটাৰ সীমান্ত এতিয়াও উন্মুক্ত। জিলাখনক স্পৰ্শ কৰি থকা ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ ১৪১.৯০ কিলোমিটাৰৰ ১০৭.২৯১ কিলোমিটাৰ অংশত ফেঞ্চিং দিয়া হৈছে যদিও এতিয়াও উন্মুক্ত অৱস্থাত আছে ৩৪.৬০৯ কিলোমিটাৰ। এই অংশ নদী হোৱাৰ বাবেই এতিয়াও ফেঞ্চিঙৰ ব্যৱস্থা সম্ভৱ হোৱা নাই। সদনত অতুল বৰাই প্ৰকাশ কৰা অনুসৰি শ্রীভূমি জিলাক স্পৰ্শ কৰি থকা ৯৮.৩০ কিলোমিটাৰ সীমান্তৰ ৯৩.৯৫ কিলোমিটাৰ অংশত কাঁইটীয়া তাঁৰৰ বেৰ দিয়া হৈছে যদিও এতিয়াও উন্মুক্ত হৈ আছে ৪.৩৫ কিলোমিটাৰ। জিলাখনৰ কুচিয়াৰা নদীৰ পাৰত ভাৰতীয় মানুহৰ বসতি থকা বাবে এই অংশ ব’ৰ্ডাৰ গার্ড বাংলাদেশৰ আপত্তিৰ বাবে কাঁইটায়া তাঁৰৰ বেৰ দিব পৰা হোৱা নাই। উন্মুক্ত হৈ থকা এই সীমান্তৰে অনুপ্ৰৱেশকাৰীৰ আগমনে সৃষ্টি কৰিব পৰা পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰহীন অংশসমূহ এক বিস্তৃত বহুস্তৰীয় সীমা ব্যৱস্থাপনাৰ জৰিয়তে সুৰক্ষিত কৰা হৈছে। মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা অনুসৰি সীমান্ত সুৰক্ষা বাহিনীয়ে পর্যবেক্ষণ চকী (অপি), বিশেষ এম্বছ, নিয়মীয়া বাহন আৰু নাও টহল, পৰ্যবেক্ষণ টাৱাৰৰ পৰা ২৪ ঘণ্টাই দুৰ্বল অঞ্চলসমূহত নজৰ দি আছে। আনহাতে য’ত গতানুগতিক সীমান্তত বেৰ দিয়া সম্ভৱ নহয়, তেনে অঞ্চল বিশেষকৈ নদীৰ সীমান্ত অঞ্চলেৰে যাতে নদী পাৰ হৈ অনুপ্ৰৱেশ কৰিব নোৱাৰে, ইয়াৰ বাবে কনচাটিনা কইল, কাঁইটায়া তাঁৰ আৰু অন্যান্য কাৰিকৰীগত পদ্ধতিৰে নদী অঞ্চলক প্ৰতিৰোধ কৰি তোলা হৈছে। এই ব্যৱস্থাসমূহৰ উপৰি চিচি টিভি কেমেৰা আৰু পেন-টিল্ট-জুম (পিটিজেড) কেমেৰাকে ধৰি উন্নত প্রযুক্তিগত ব্যবস্থা গঢ়ি তোলা হৈছে। ইফালে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰা বুলি উল্লেখ কৰি মন্ত্ৰী অতুল বৰাই কয় যে অসম চুক্তিৰ ৬নং দফাৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিছে। প্রতিবেদনত দাখিল হোৱা মুঠ ৬৭টা পৰামৰ্শৰ ভিতৰত ৪০টা পৰামৰ্শ অসম চৰকাৰৰ আওতাত পৰা বাবে এই পদক্ষেপসমূহ ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাৰ্যকৰী কৰাৰ বাবে আগুৱাই নিয়া হৈছে। প্রতিবেদনৰ আন ১২টা পৰামৰ্শ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ অধীনত হোৱাৰ বিপৰীতে ১৫টা পৰামৰ্শ সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ অধীনত। মন্ত্ৰী অতুল বৰাই ইয়াকো স্পষ্ট কৰে যে এই পৰামৰ্শসমূহ এনডিএ চৰকাৰৰ কার্যকালতে সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব। তদুপৰি ৬নং দফাৰ অধীনত এতিয়ালৈকে আন কেইবাটাও ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। সেই অনুসৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে সংস্কৃতিৰ সম্প্ৰসাৰণ, জ্যোতি চিত্ৰবন ফিল্মছ ষ্টুডিঅ’ ছ’চাইটীৰ আধুনিকীকৰণ, অসমৰ ৩৫৯ সত্ৰক আর্থিক সাহায্য প্রদান, ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে বিধানসভাত অসম চুক্তি আৰু সীমান্ত ছীল কৰাক লৈ মন্ত্ৰী অতুল বৰাই তথ্য দাখিল কৰি থকাৰ সময়তে বিধায়ক অখিল গগৈৰ বাকযুদ্ধ হয় । অখিল গগৈৰ প্ৰশ্নক লৈ উত্তপ্ত হৈ পৰে সদন । অতুল বৰাৰ বক্তব্যৰ মাজতে অখিল গগৈয়ে এতিয়ালৈ কিমান বিদেশী বহিষ্কাৰ কৰা হ’ল, বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তন চুক্তি সম্পন্ন হ’ল নেকি আদি প্রশ্ন উত্থাপন কৰাত ক্ষোভত ফাটি পৰে মন্ত্ৰী অতুল বৰা। মন্ত্ৰীগৰাকীয়ে অখিল গগৈক ইয়াৰ বাবে সুকীয়াকৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে আহ্বান জনায়। ইয়াৰ পিছতো অখিল গগৈয়ে গুৰুত্বহীন বিষয় অৱগত কৰি থকা বুলি অতুল বৰাক কটাক্ষ কৰাত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ৰুলিং দি স্পষ্ট কৰে যে সংশ্লিষ্ট বিধায়কৰ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়ত আন কোনো বিধায়কৰ যদি শুনিবলৈ ইচ্ছা নাই তেন্তে তেওঁ সদনৰ পৰা ওলাই যাব পাৰে।
