যন্ত্ৰণা
হৰেন কপ্তাক
এটা কীটে কলিজাৰ একোণত বৰকৈ কুঁটে,
ৰাঙলী ৰক্তই জিলিকে বুকুৰ ভিতৰে-বাহিৰে ৷
সাগৰৰ চেঁচা বতাহবোৰো তপত হৈ উঠে,
সপোন এটি কঢ়িয়াই লই
ফুলিব খোজা শেৱালিটিও
সৰি পৰে মাজবাটৰ ৰাতি৷
এটা কীটে কলিজাৰ একোণত বৰকৈ কুঁটে,
নিচুকাই থকা সপোন এটি
টুকুৰা-টুকুৰ হৈ ভাঙি পৰে অভিশপ্ত ৰাতি !
