খাদ্যৰ ভেজালকৰণ আৰু মানৱ জীৱনৰ বিভীষিকা –  শংকৰ দেৱ

Pc Perfection Fresh

এক আলোকপাত

খাদ্যৰ ভেজালকৰণ আৰু মানৱ জীৱনৰ বিভীষিকা

 শংকৰ দেৱ, দেৰগাঁও

আজিৰ এই আধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশে মানুহৰ জীৱনযাত্ৰা সহজ কৰি তুলিছে যদিও সমাজত কিছুমান জটিল সমস্যাও ভয়ংকৰ ৰূপত বৃদ্ধি পাবলৈ ধৰিছে । সেই সমস্যা সমূহৰ ভিতৰত “খাদ্যৰ ভেজালকৰণ” আজিৰ সমাজৰ এক বিভীষিকা পূৰ্ণ সমস্যা বুলি ক’ব পাৰি । কিছুমান অসাধু ব্যৱসায়ীয়ে অত্যাধিক মুনাফা অৰ্জনৰ বাবে খাদ্য সামগ্ৰীত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ তথা নিম্নমানৰ বস্তু মিহলাই জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে খেলি এক বিভিষিকাময় পৰিবেশ সৃষ্টি কৰি আহিছে,  যাৰ ফলত পেটৰ ৰোগ, লিভাৰৰ সমস্যা, আলচাৰ,  ডায়েবেটিছ,  কিডনীৰ অসুবিধা, হৃদৰোগ, উচ্চ ৰক্তচাপ  আৰু কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগ আদিৰ সৃষ্টি ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে।  বিশেষকৈ শিশুসকল অধিক ক্ষতিগ্ৰস্ত হয়, কিয়নো তেওঁলোকৰ শৰীৰ ৰাসায়নিক পদাৰ্থৰ প্ৰতি অধিক সংবেদনশীল।  লগতে অন্তঃসত্বা মাতৃয়ে ভেজাল খাদ্য গ্ৰহণ কৰি গৰ্ভস্থ শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ সংবাদ বহু সময়ত শুনিবলৈও পোৱা যায়। এই ক্ষেত্ৰত  চিকিৎসক সকলৰ মতে তথা বিশ্ব স্বাস্থ্য সংস্থা ( WHO) ৰ মতে ভেজাল খাদ্য সেৱনৰ  ফলত বিশ্বজুৰি প্ৰতিবছৰে লাখ লাখ লোক বিভিন্ন ৰোগত আক্ৰান্ত হব লগা অৱস্থা হৈছে বুলি জানিব পৰা গৈছে।  খাদ্যৰ বিশুদ্ধতা কেৱল স্বাস্থ্যৰ ক্ষতিৰ বিষয়েই নহয়, ই মানৱ সম্পদৰ সৈতেও জড়িত। জীৱনধাৰণ পদ্ধতি স্বাস্থ্যসন্মত নহ’লে এখন শক্তিশালী সমাজ গঢ়ি তোলাটো কেতিয়াও সম্ভৱপৰ হৈ নুঠিব ।

জীয়াই থাকিবলৈ খাদ্যই হৈছে জীৱনধাৰণৰ মূল আধাৰ।   পুষ্টিকৰ আৰু বিশুদ্ধ খাদ্য অবিহনে সুস্থ জীৱন কল্পনা কৰিবই নোৱাৰি। কিন্তু বৰ্তমান সময়ত বজাৰত বিক্ৰী হোৱা বহু খাদ্য সামগ্ৰীত অত্যধিক ভাবে ভেজাল সামগ্ৰী মিহলোৱাৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে। যেনেকৈ চাহত কৃত্ৰিম ৰং ; গাখীৰত পানী, ডিটাৰজেণ্ট, ইউৰিয়া ; মিঠাইত ক্ষতিকাৰক ৰাসায়নিক ৰং;  মছলাত ৰং বা ইটা গুড়ি;   মাছ  পচি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ ফৰ্মেলিন ব্যৱহাৰ কৰা ;  ফল-মূল পকিবলৈ কেলচিয়াম কাৰ্বাইড ইত্যাদি ইত্যাদি ব্যৱহাৰ কৰা হয় বুলি বিভিন্ন সময়ত খাদ্য পৰীক্ষাগাৰত ধৰা পৰিছে। বিভিন্ন সময়ত ভাৰতৰ খাদ্য সুৰক্ষা আৰু মান নিয়ন্ত্ৰণ প্ৰাধিকৰণ (FSSAI)ৰ  প্ৰতিবেদন মতে দেশত খাদ্য ভেজালৰ ঘটনা বছৰে বছৰে বৃদ্ধি পাই আহিছে বুলি প্ৰকাশ পাই আহিছে।  সময়ে সময়ে খাদ্য সুৰক্ষা বিভাগে অভিযান চলাই নিম্নমানৰ খাদ্য সামগ্ৰী জব্দ কৰাৰো বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱা দেখা পোৱা যায় ।

এইটো এক সচৰাচৰ অভ্যাস লৈ পৰিণত হৈছে যে “আজিকালি বজাৰত ফল-মূল কিনিবলৈ গ’লেও বহুতে সন্দেহত ভোগে। বাহিৰৰ পৰা চকমকীয়া দেখা বহু ফল-মূল ভিতৰত সম্পূৰ্ণ ৰাসায়নিক পদাৰ্থৰে পকোৱা হয় বুলি অভিযোগ উঠি থাকে। বিশেষকৈ গৰমৰ দিনত কটা ফল, মিঠাই অথবা ৰাস্তাৰ কাষৰ খাদ্য খাই অসুস্থ হোৱা ঘটনাও প্ৰায়ে শুনিবলৈ পোৱা যায়।  এই ক্ষেত্ৰত চৰকাৰী বিভাগ, ব্যৱসায়ী গোট, জনসাধাৰণ তথা সচেতন মহল সকলোৱে একত্ৰিত প্ৰচেষ্টাৰে এই সমস্যা সমাধানৰ বাবে আগুৱাই আহিব লাগিব। চৰকাৰে খাদ্য পৰীক্ষাগাৰ বৃদ্ধি, , কঠোৰ আইন প্ৰয়োগ, জনতাৰ সজাগতা বৃদ্ধি, নিয়মীয়া অভিযান আৰু দোষীৰ বিৰুদ্ধে কঠিন শাস্তি আদিৰ ব্যৱস্থা কৰিব লাগিব। বিদ্যালয়, মহাবিদ্যালয় আৰু সামাজিক অনুষ্ঠানসমূহৰ জৰিয়তে খাদ্য সুৰক্ষাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাটো অত্যন্তই প্ৰয়োজনীয়, লগতে স্থানীয় বজাৰ সমূহত নিয়মীয়া পৰিদৰ্শনো অত্যন্ত জৰুৰী কাৰণ বৰ্তমান সমাজত ই এক ভয়ংকৰ বিভীষিকা হিচাপে আত্মপ্ৰকাশ কৰিবলৈ ধৰিছে। গ্ৰাহকে খাদ্য ক্ৰয় কৰাৰ সময়ত তাৰ মান, বিশুদ্ধতা আৰু লেবেল চাব লাগে। ভেজাল খাদ্যৰ বিৰুদ্ধে চৰকাৰী স্বাস্থ্য বিভাগ বা খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (FSSAI) ৰ প’ৰ্টেলত অভিযোগ দাখিল কৰিব লাগে।

শেষান্তৰত ক’ব পাৰি যে সচেতনতা আৰু প্ৰতিকাৰ ব্যৱস্থাৰ অবিহনে খাদ্যৰ ভেজালকৰণ হ্ৰাস কৰাটো সম্ভৱপৰ নহয় । খাদ্যৰ এই ভেজালকৰণ কেৱল আইনী অপৰাধেই নহয়, ই মানৱতাৰ প্ৰতিও এক ডাঙৰ বিশ্বাসঘাতকতা। এই নীৰৱ বিষৰ পৰা সমাজক ৰক্ষা কৰিবলৈ সজাগতা, সততা আৰু কঠোৰ ব্যৱস্থাৰ অতি প্ৰয়োজন। বিশুদ্ধ খাদ্যই সুস্থ জীৱনৰ মূল ভিত্তি, এই সচেতনতা প্ৰতিজন মানুহৰ মাজত গঢ়ি তুলিব পাৰিলেহে এখন সুস্থ, সচেতনতা আৰু উন্নত সমাজ গঢ়ি তোলাটো সম্ভৱ হ’ব।