বোকাজানত যুৱতীক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ

Pc The statsman

বোকাজানত যুৱতীক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বোকাজানৰ হাতীগড়ত এগৰাকী যুৱতীক নৃশংসভাৱে হত্যা দুর্বৃত্তৰ। এই হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ বোকাজান অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। বোকাজানৰ ৩০ বছৰীয়া বৰষা কাকতি নামৰ এগৰাকী যুৱতীক নিজ বাসগৃহৰ ভিতৰতে অচিনাক্ত দুর্বৃত্তই অতি নিৰ্মমভাবে হত্যা কৰে। উক্ত ঘৰটোত অকলশৰে বাস কৰা যুৱতীগৰাকীক ওচৰ-চুবুৰীয়াই দিনৰ ভাগত নেদেখাৰ বাবে আত্মীয়ক খবৰ দিয়ে। যুৱতীগৰাকীৰ আত্মীয় যুৱতীগৰাকীৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতে এক ভয়ংকৰ দৃশ্য প্রত্যক্ষ কৰে। তেনেই নিৰাভৰণ অৱস্থাত পৰি থকা যুৱতীগৰাকীৰ দেহৰ ডিঙি, বুকু আৰু বাহুত কটা আৰু হনাৰ আঘাতৰ চিন স্পষ্ট হৈ থকা দেখিবলৈ পোৱা যায়। যুৱতীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ দুর্বৃত্তই ধৰ্ষণ কৰি পিছত হত্যা কৰা বুলি স্থানীয় লোকে সন্দেহ প্রকাশ কৰে। বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।  ঘটনাৰ সৈতে জড়িত দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে। আৰক্ষীয়ে ইতিমধ্যে এই হত্যাকাণ্ডৰ সন্দৰ্ভত এজন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে যদিও ব্যক্তিজনৰ পৰিচয় সদৰী কৰা নাই।