গুৱাহাটীত উদণ্ড গ্ৰীন বাছৰ খুন্দাত প্ৰাণ গ’ল দুই যুৱকৰ

Pc Guwahati News

গুৱাহাটীত উদণ্ড গ্ৰীন বাছৰ খুন্দাত প্ৰাণ গ’ল দুই যুৱকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত গ্ৰীন বাছৰ অতপালিত অতিষ্ঠ সাধাৰণ জনতা। কোনো নীতি-নিয়ম নমনা একাংশ চালকৰ বাবে এতিয়া মহানগৰীত আতংকৰ কাৰণ হৈ পৰিছে গ্ৰীন বাছসমূহ। গ্রীন বাছসেৱা প্ৰৱৰ্তনৰ পিছৰে পৰা মহানগৰীত গ্রীন বাছৰ চালকৰ বিভিন্ন অতপালিয়ে ৰাইজক অতিষ্ঠ কৰি তোলাৰ পাছত শুকুৰবাৰে সন্ধিয়া লাচিতঘাটৰ সমীপৰ এমজি ৰোডত দুজন উদীয়মান যুৱকে গ্রীন বাছৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতে পুনৰ এই সেৱাক লৈ ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে। উল্লেখ্য যে গ্রীন বাছৰ অতপালিৰ বাবেই শুকুৰবাৰে সন্ধিয়া খাৰঘুলিৰ আকাশ বড়ো নামৰ যুৱক এজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে একেখন স্কুটীত আৰোহী হিচাপে অহা জ্যোতির্ময় দাস নামৰ আনজন যুৱকৰ শুকুৰবাৰে নিশাই মহানগৰীৰ এখন বেচৰকাৰী হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। এই সন্দর্ভত দুয়োজন যুৱকৰ পৰিয়ালে পাণবজাৰ থানাত এজাহাৰো দাখিল কৰিছে। কিন্তু দুজনকৈ উদীয়মান যুৱকৰ মৃত্যুৰ পাছত গ্রীন বাছ সেৱাৰ নিয়ন্ত্ৰণক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজে চৰকাৰক দাবী জনাইছে। উল্লেখ্য যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনত মহানগৰীত প্রায় ৩০০খন গ্রীন বাছ বর্তমানে চলাচল কৰি আছে বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। সম্পূর্ণ শীত-তাপ নিয়ন্ত্রিত এই বাছসমূহ বিশেষকৈ গৰমৰ দিনত যাত্ৰাৰ বাবে ৰাইজে অধিক পছন্দ কৰে। কিন্তু কোনোধৰণৰ নিয়ন্ত্রণ ব্যৱস্থা নমনাকৈ যান-বাহন আইনক সম্পূৰ্ণৰূপে নস্যাৎ কৰি মহানগৰীৰ যিকোনো স্থানতে হঠাতে এই বাছসমূহ ৰখাই দিয়াৰ ফলত বিভিন্ন সময়ত আন পথচাৰীসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সাধাৰণতে পূৰ্বতে এনেধৰণৰ অনিয়ন্ত্ৰিত চিটী বাছৰ চলাচলক লৈ মহানগৰ আৰক্ষী অথবা পৰিবহণ বিভাগে যিধৰণে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল, তেনেধৰণে বৰ্তমানে গ্রীন বাছসমূহৰ ক্ষেত্ৰত যান-বাহন আৰক্ষী অথবা পৰিবহণ বিভাগ কিয় কঠোৰ হোৱা নাই বুলি প্রশ্ন উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মাই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে গ্রীন বাছৰ দৌৰাত্ম্যই জনজীৱনক ভাৰাক্ৰান্ত কৰিছে। নতুনকৈ পৰিবহণ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতে চৰণ বড়োৱে গ্রীন বাছৰ অৰাজক স্থিতিক লৈ কঠোৰ ব্যৱস্থা লোৱাৰ হুংকাৰ দিছিল যদিও প্রতিশ্রুতি দিয়াৰ পিছতো সেয়া কি কাৰণত মন্ত্ৰীগৰাকীয়ে পালন কৰা নাই। গুৱাহাটীৰ বহু সাধাৰণ ৰাইজে গ্রীন বাছৰ অতপালিৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ দিছে, কিন্তু অসম ৰাজ্যিক পৰিবহণ নিগমেই হওক বা মহানগৰ যান-বাহন আৰক্ষীয়েই হওক এইক্ষেত্ৰত কঠোৰ স্থিতি গ্রহণ কৰা নাই। যাৰ বাবে সময় যোৱাৰ লগে লগে গ্রীন বাছৰ দৌৰাত্ম্যই মহানগৰবাসীৰ জীৱনযাত্রা অধিক জটিল কৰি তুলিছে। এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্রহণ কৰি গ্রীন বাছসমূহক নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে আছুৰ সভাপতি উৎপল শর্মাই।