দক্ষিণ কামৰূপত বিশিষ্ট সাহিত্যিক শচীন্দ্ৰ কুমাৰ দাসৰ নতুন কবিতা ‘নিস্বাৰ্থ প্ৰেম’ উন্মোচন
মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বিশিষ্ট সাহিত্যিক, লেখক তথা সমাজকৰ্মী শচীন্দ্ৰ কুমাৰ দাসৰ নতুন কবিতা ‘নিস্বাৰ্থ প্ৰেম’ অলপতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অঞ্চলটোৰ পৰিচিত জ্যোতিষী তথা বিশিষ্ট সমাজসেৱক অপূৰ্ব দেৱ শৰ্মাৰ জীৱন আৰু মহানুভৱতাৰ আধাৰত কবি শচীন্দ্ৰ কুমাৰ দাসে এই বিশেষ কবিতাটি ৰচনা কৰিছে।উল্লেখ্য যে, দখলাস্থিত ‘বিনাপানী জ্যোতিষ কাৰ্যালয়’ৰ স্বত্বাধিকাৰী তথা বি.আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত জ্যোতিষী অপূৰ্ব দেৱ শৰ্মাৰ সমাজহিতৈষী কাৰ্যকলাপ আৰু মানৱীয় গুণৰাজিয়ে কবি শচীন্দ্ৰ কুমাৰ দাসক গভীৰভাৱে আকৃষ্ট কৰিছিল। ইয়াৰেই ফচল হিচাপে কবিয়ে তেওঁৰ জীৱনক প্ৰতিফলিত কৰি ‘নিশ্বাৰ্থ প্ৰেম’ শীৰ্ষক কবিতাটো সৃষ্টি কৰে। যোৱা ২ জুলাই বৃহস্পতিবাৰে সন্ধিয়া বিনাপানী জ্যোতিষ কাৰ্যালয়ৰ প্ৰাংগণতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত কবিতাটি উন্মোচন কৰা হয়। কাৰ্যালয়টোৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাৰ উপস্থিতিত কবিতাটি উন্মোচন কৰে স্বয়ং লেখক,কবি,সাহিত্যিক শচীন্দ্ৰ কুমাৰ দাসে। উক্ত উন্মোচনী অনুষ্ঠানত বিশিষ্ট কবি, সাহিত্যিক তথা সাংবাদিক শৈলেন কুমাৰে কবিতাটি সাৱলীলভাৱে পাঠ কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
