ভালে আছোঁ মই!
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
ভালে আছোঁ মইও
আপুনি ভালে থকাৰ দৰেই
আপুনি ভালপোৱা সেই ৰঙীন ফাগুনৰ দৰে
নিজক সজাইছোঁ আপুনি ভালপোৱা ফাগুন ৰঙী তেজেৰে।
বিষাক্ত চকুপানীত তিতি বুৰি
কলিজাৰ তেজ সিঁচি সিঁচি
আপুনি ভালপোৱা সেই দুখৰ বৰষুণ জাকত ভিজি
অৱহেলাৰ সাগৰ খনিত সাঁতুৰি
আপুনি বিচৰা দৰেই আছোঁ মইও কুশলে চলি
সপোনৰ ধূলিত পোত গৈ
নীৰলে বহি মৌনতাৰ শব্দ গুঠি
হতাশাৰ এলান্ধু ফালি পোহৰ বিচাৰি যাত্ৰা
ককবকাই থকা জীৱনৰ বাটত সহাঁৰি সঁচা হিয়াৰ
বিচাৰিছোঁ মাথোঁ অবিৰাম গতিত
আপুনি বিচৰা দৰেই সুখী হোৱাৰ অভিনেতা হ’বলৈ
মনৰ শ্মশান নিতৌ দাহ কৰা কিছু সপোনৰ
অৱশিষ্ট ভগ্নাৱেশ বিচাৰি
ভালে মইও আছোঁ ঠিক আপোনাৰ দৰে
বেয়া হ’লেও মন কিম্বা দেহ
খবৰৰ আঁৰতে খবৰ লুকাম, সংগোপনে
ভালে আছোঁ মইও !
কুৰুৱা বতাহে উৰুৱাই নিয়ে হেজাৰ খবৰ
আপুনি ভাল পোৱা সেন্দুৰ ৰঙী কলিজাৰ তেজ বাকি।
আপোনাৰ ভালে থকাৰ খবৰ শুনি
মইও সুখী আজি ঠিক আপোনাৰ দৰে।
