অকথিত অনুভৱৰ ঠিকনা
শৰৎ দাস ,ব্ৰহ্মাজান, গহপুৰ
তোমাক ভালপোৱাৰ বাবেই
কবিতা লিখোঁ মই—
অকথিত কথাবোৰ,
অপ্ৰকাশিত ছবিবোৰেই
এতিয়া মোৰ কবিতাৰ ছন্দ।
বাৰে বাৰে শব্দবোৰ জুকিয়াই,
বাৰে বাৰে কবিতাৰ নাম বিচাৰি
নীৰৱতাৰ মাজত হেৰাই যোৱা
এজন প্ৰেমিক কবি মই।
এতিয়া শব্দৰ দুৱাৰখন খুলি দিছোঁ—
মনৰ গভীৰ কোণত সাঁচি থোৱা
অব্যক্ত অনুভৱবোৰে
নিসংকোচে বিচাৰি লয়
এতিয়া
মোৰ কবিতাৰ ঠিকনা।
মোৰ কবিতাৰ পথাৰখন
এতিয়া সেউজীয়া নহয়,
সোণোৱালীও নহয়—
ৰংহীন এখন আকাশৰ বুকুত নিতৌ লিখি যাওঁ
ভালপোৱাৰ কবিতা ।
তোমাক ভালপোৱাৰ বাবেই
কবিতা লিখোঁ মই ।
