ৰাজনীতি
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
ব্যক্তিৰ চাহিদা পুৰণৰ আহিলা নেকি বাৰু ৰাজনীতি?
ভাষা, জাতি, গোষ্ঠী -জন গোষ্ঠী, সংস্কৃতিৰ অবলাপ নেকি ৰাজনীতি?
ভষ্ট ৰজাৰ নীতি পালি
প্ৰজাক শোষণ কৰাৰ চেষ্টা নেকি ৰাজনীতি ?
অধিকাৰৰ পৰা বঞ্চিত হৈ
দুৰ্যোগ যাতনা ভোগা নেকি ৰাজনীতি ?
আচলতে কিনো এয়া ৰাজনীতি ?
মানুহ জীয়াই থাকি বৃদ্ধি পোৱাত হেঙাৰ
স্বৰুপ হৈ পৰিছে এই ৰাজনীতি।।
অনাচাৰ, মিথ্যাচাৰ, ব্যভিচাৰ,শোষন,
আত্মসাৎ, অৰাজকতাৰ বাৰ্তাবাহী এই ৰাজনীতি।।
গৃহ ,ৰাষ্ট্ৰ , সমাজ সকলোকে
কলুষিত কৰিছে এই ৰাজনীতি।
ভাব, আবেগ, প্ৰেম ভালপোৱা সকলোতে ৰাজনীতি।।
মানুহৰ কৰ্মত ৰাজনীতি
মানুহৰ ধৰ্মত ৰাজনীতি
মানুহৰ চৰিত্ৰত ৰাজনীতি
নিত্য কলাকৃষ্টি সংস্কৃতি
দিক্ষা শিক্ষা য’ত সৰ্বত্ৰে আজি ৰাজনীতি।।
ভুল যদি হয়
সোধৰনী আছে নিশ্চয়।।
গৃহ, ৰাষ্ট্ৰ , সমাজত প্ৰয়োজন
আদৰ্শ নীতিৰ সু ৰাজনীতি ।
যদি গঢ়ি উঠে সঠিক নীতি
ধন্য হ ওক ৰাজনীতি
পুৰ্ণতাৰে পৰিপূৰ্ণ হব
জনম ভূমি আই মাতৃ
