বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁইৰ

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত, সুশান্ত বৰগোহাঁইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰীৰ নির্দেশানুসৰি ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্রী কেশৱ মহন্তই সোমবাৰে ধেমাজি জিলাত উপস্থিত হৈ জিলাখনৰ বান ক্ষতিগ্রস্ত চিচিবৰগাঁও আৰু জোনাই ৰাজহ চত্ৰনৰ বানপীড়িত এলেকাসমূহ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। ৰাজহ তথা দুর্যোগ ব্যবস্থাপনা মন্ত্রীগৰাকীয়ে আগবেলাৰ ভাগত জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁই, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেণ্ড, চিচিবৰগাঁৱৰ বিধায়ক জীবন গগৈ আৰু ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনৰ সৈতে প্রথমে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তর্গত চিমেনমুখ গাঁও পঞ্চায়তৰ আনন্দ নগৰত চিমেন নদীৰ গৰাখহনীয়া আৰু বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ চাক্ষুক বুজ লয়। দুয়োগৰাকী মন্ত্ৰীয়ে চিচিবৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত হৰিনাথপুৰ প্ৰাথমিক বিদ্যালয়ৰ আশ্রয় শিবিৰ পৰিদৰ্শন কৰি শিবিৰত থকা বানাক্ৰান্ত লোকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ অসুবিধাৰ বুজ লয়। বানাক্রান্ত লোকসকলে যাতে সময়মতে খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা সেৱা আৰু অন্যান্য অত্যাবশ্যকীয় সুবিধাসমূহ লাভ কৰে, সেয়া সুনিশ্চিত কৰিবলৈ জিলা প্রশাসন তথা সংশ্লিষ্ট বিভাগসমূহক মন্ত্রী কেশৱ মহন্তই নির্দেশ দিয়ে। ইয়াৰ পিছতে ৰাজহ মন্ত্রী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁয়ে সাংসদ আৰু বিধায়কৰ লগতে ধেমাজিৰ জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বান ক্ষতিগ্রস্ত চিমেনমুখ এলেকা ভ্রমণ কৰি বান ক্ষয়-ক্ষতি বুজ লোৱাৰ লগতে বানপীড়িত লোকৰ সৈতে মত-বিনিময় কৰে। পিছত তেওঁলোকে জোনাই সমষ্টিত চিমেন নদীৰ বাঢ়নি পানীয়ে কালি খহাই পেলোৱা ৰে’ল দলংখনৰ বিধ্বস্ত অংশও পৰিদর্শন কৰে। মন্ত্রী, সাংসদ আৰু বিধায়ক কেইগৰাকীয়ে দুপৰীয়াৰ ভাগত জোনাইত অৰুণাচল আৰু অসমৰ সীমাৱতী অঞ্চল সংযোগী কেমি নদীয়ে কালি উঁচুৱাই নিয়া লোহাৰ দলঙৰ অংশও পৰিদৰ্শন কৰি অঞ্চলটোৰ যাতায়াতৰ অসুবিধাৰ বুজ লয়।  বান পৰিস্থিতিৰ বুজ লৈ কেশৱ মহন্তই কয়- প্রতিকূল সময়ত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি জিলাখনৰ ৰাইজক সকাহ দিয়াৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে সকলোধৰণৰ জৰুৰী পদক্ষেপ গ্রহণ কৰিছে। চিমেন নৈত দলং পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে ৰে’লৱে বিভাগে ব্যৱস্থা গ্রহণ কৰিছে। মহন্তই আৰু কয়- ধেমাজি জিলাৰ দুৰ্যোগ প্রশমনৰ শেহতীয়া প্রতিবেদন অনুসৰি আজি জিলাখনৰ ধেমাজি, চিচিবৰগাঁও, গোগামুখকে ধৰি চাৰিটা ৰাজহ চক্ৰৰ ৬৯ গাঁৱৰ মুঠ ১৫,৪৮০ গৰাকী লোক বানৰ কবলত পৰিছে। ইয়াৰ ভিতৰত সৰ্বাধিক জোনাই ৰাজহ চক্রতে ৩১খন গাঁও জলমগ্ন হৈছে। ইতিমধ্যে প্ৰশাসনৰ ফালৰ পৰা জোনাই ৰাজহ চক্র এলেকাত বান ক্ষতিগ্রস্ত লোকৰ বাবে দুটা আশ্রয় শিবিৰ মুকলি কৰা হৈছে। আনহাতে, বানত আবদ্ধ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ বাবে জিলা প্রশাসনে এছডিআৰএফ আৰু এনডিআৰএফৰ জৰিয়তে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সামাজিক মাধ্যমযোগে মন্ত্ৰীগৰাকীয়ে আৰু উল্লেখ কৰে যে জিলাখনৰ চিমেন নৈৰ ওপৰত থকা ৰে’ল দলংখনৰ পৰিদৰ্শন কৰোঁ। বৰ্তমান বান পৰিস্থিতি তুলনামূলকভাৱে পূর্বতকৈ অধিক উন্নত হোৱা দেখা গৈছে। আনহাতে, এই একে পৰিদৰ্শনৰ সময়ত মন্ত্রী কেশৱ মহন্তই জোনাইত বানত ক্ষতিগ্রস্ত পৰিয়ালক শীঘ্ৰে ১ লাখ ২০ হাজাৰ টকাকৈ চৰকাৰী এককালীন সাহায্য প্রদান কৰাৰ কথা ঘোষণা কৰে। বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ মন্ত্রী সুশান্ত বৰগোহাঁয়ে কয় যে বান পৰিস্থিতি নির্মূলৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ প্রদান কৰাৰ লগতে আশ্রয় শিবিৰত পৰিয়ালসমূহ যাতে সুৰক্ষিত আৰু যাৱতীয় সুবিধাসমূহ লাভ কৰে, তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাওঁ। বন্যার্ত লোকৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে আমি সষ্টম হৈ আছোঁ। আমি যিমান পাৰোঁ সকলোকে সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। সকলোৰে জীৱনৰ নিৰাপত্তাটো আমাৰ বাবে প্রথম। যিমান পাৰোঁ সকলোকে উদ্ধাৰ কৰি আছোঁ। কিছুক্ষেত্রত অসুবিধাত পৰিছোঁ যদিও পাৰ্যমানে কাম কৰি আছোঁ। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ আদি জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণত বিধ্বস্ত হৈছে বঙাইগাঁও, চিৰাং, নলবাৰী আদি জিলা। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ সাতখন জিলাৰ ১৪টা ৰাজহ চক্ৰৰ ২৫৭গাঁও এইবাৰ বানত গুৰুতৰৰূপে ক্ষতিগ্রস্ত হৈছে। বিভাগে প্রকাশ কৰা তথ্য অনুসৰি অৰুণাচলত হোৱা ধাৰাসাৰ বৰষুণৰ কাৰণে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ ১৭৬খন গাঁও ব্যাপক ৰূপত ক্ষতিগ্রস্ত হৈছে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহ চক্ৰৰ ২০খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহ চক্ৰৰ ১৫খন গাঁও বানত প্লাৱিত হৈছে। আক্রান্ত হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰাজহ চক্ৰৰ দুখন গাঁও। বিভাগৰ তথ্য অনুসৰি ধেমাজিৰ চিচিবৰগাঁৱৰ চিমেন নৈৰ বাঢ়নী পানীত এজন লোক উটি গৈছে। নামনি অসমৰ বঙাইগাঁও, চিৰাং আৰু নলবাৰী জিলাত আহাৰৰ বানে ভয়ংকৰ ৰূপ লৈছে। বঙাইগাঁও জিলাৰ সৃজনগ্রাম আৰু মাণিকপুৰ ৰাজহ চক্ৰৰ অধীনৰ ৩১খন গাঁও প্লাৱিত হৈছে। চিৰাং জিলাৰ ৯খন গাঁও বানৰ কবলত পৰিছে। বিগত কিছুদিন ধৰি অৰুণাচল প্ৰদেশত হৈ থকা মুষলধাৰ বৰষুণ আৰু ডাৱৰ বিস্ফোৰণৰ ফলত নামনিৰ অসমভূমিত সৃষ্টি হোৱা আকস্মিক বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ ধেমাজি, লখিমপুৰ, শোণিতপুৰ আদি জিলাত অৰুণাচলৰ পৰা বৈ অহা নৈসমূহৰ প্রলয়ংকৰী বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ধেমাজি, জোনাই, চিলাপথাৰ, গোগামুখ, চিমেন চাপৰি, চিচিবৰগাঁও আদি অঞ্চলৰ শতাধিক গাঁও বানৰ কবলত পৰিছে। অৰুণাচল প্রদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ধেমাজিৰ বিস্তীর্ণ অঞ্চল এতিয়া পানীৰ তলত। বন্যার্ত লোকে নিজৰ মাটি-ভেটি হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে। আহাৰমহীয়া এই বানত উত্তৰ অসমৰ বহু বন্যার্ত লোক জীৱ-জন্তুৰ লগত একাকাৰ হৈ সহাৱস্থান কৰিবলগীয়া হৈছে। ধেমাজি জিলাৰ জীয়াধল, সোৱণশিৰি, গাই, চিমেন, লাইপুলীয়া, কামিয়াকে ধৰি কেইবাখনো সৰু-বৰ নৈৰ জলপৃষ্ঠ আজিও হ্রাস নোপোৱাত স্বাভাৱিকতে ধেমাজিৰ নৈপৰীয়া ৰাইজ আতংকিত হৈ থাকিবলগীয়া হয়। আজি ধেমাজিৰ চিমেন নৈৰ বাঢ়নী পানীয়ে চাৰিজন লোকক উটুৱাই লৈ যায়। ইয়াৰে তিনিজনক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও এজন লোক বাতৰি লিখাপর্যন্ত সন্ধানহীন হৈ আছে। ইপিনে, আজি পুৱাৰে পৰা প্ৰবল বৰষুণৰ বাবে ধেমাজিৰ চকুলোখ্যাত জীয়াধলৰ লগতে গাই নৈৰ জলস্তৰ বৃদ্ধি পায়। জীয়াধল, গাই নৈৰ লগতে তৰাজান-চিলনী নৈৰ বাঢ়নী পানী পূৰ্বৰ ছিগা অংশৰে সোমাই ধেমাজি তথা গোগামুখ ৰাজহ চক্ৰৰ নৰাউল, কাজিয়ামাটি, চলচলি, হাজিৰাগুৰি, ১নং আৰু ২নং নাৰেংপুৰ, বৈজয়ন্তীপুৰ, লালুকীজান আদিকে ধৰি কুৰিখন গাঁৱত সংহাৰী ৰূপ ধাৰণ কৰে। ইপিনে, ধেমাজি- চিচিবৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মৰিধল, জীয়াধল, মাছখোৱা, ননদী, লক্ষীপথাৰ, সুবাহিকে ধৰি কেইবাটাও অঞ্চলৰ অর্ধশতাধিক গাঁৱৰ খেতিপথাৰ আজিও জলমগ্ন হৈ আছে। চিমেন নৈৰ বানত কালি চিমেন নৈৰ ওপৰত থকা ৰে’লৱে দলং খহি পৰাত যোগাযোগ ব্যৱস্থাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে জোনাইবাসী। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সকলো ৰে’ল বাতিল কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চিমেন চাপৰিকে ধৰি বৃহত্তৰ জোনাইবাসীৰ। উল্লেখ্য যে গাই নৈৰ ৰে’লৱে দলঙৰ নিচেই সমীপৰ নামনি অংশৰ সোঁপাৰৰ পকী গাইড বান্ধত অব্যাহত আছে ভয়ানক খহনীয়া। যাৰ ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথলৈ শেহতীয়াকৈ তীব্ৰ ৰূপত ভাবুকি আহি পৰিছে। আনহাতে, জোনাইৰ বানত ক্ষতিগ্রস্ত হৈছে বাহিৰ চিলে, বাহিৰ জোনাই আদি পঞ্চায়তৰ বহু গাঁও। বাহিৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাভা কাঠনি, শান্তিপুৰ, মালভোগ, সোণোৱাল কাঠনি আদিকে ধৰি প্ৰায় ৪০খনৰো অধিক গাঁও পানীৰ তলত। আনহাতে, বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰোহিতপুৰ দেউৰী, লোহিজান, বগীনদী, অকলেণ্ড, লোহিজান মাজগাঁও, গোবিন্দপুৰ আদিকে দৰি ৬০খন গাঁও পানীৰ তলত আছে। বাহিৰ চিলে গাঁও পঞ্চায়তৰ চিলে নৈৰ বাঢ়নী পানীয়ে নৈখনৰ নৱনিৰ্মিত গাইড বান্ধো ছিঙি পেলায়। আনহাতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কেমি নৈৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পিছত কেমিৰ বানে চিলে নৈৰ ওপৰত নিৰ্মিত কেমি-জেলম সংযোগী লোহাৰ দলংখন উটুৱাই লৈ যায়। দলংখন উটুৱাই নিয়াৰ পিছতে কেমি-পুৰণা জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ সংযোগ সম্পূর্ণরূপে বিচ্ছিন্ন হৈ পৰে। বানত জলমগ্ন হৈ পৰে কেমিগাঁৱৰ শতাধিক পৰিয়াল। বানৰ সংহাৰী ৰূপ দেখি দেওবাৰে নিশা বন্যার্ত লোক নিৰাপদ স্থানলৈ ঢাপলি মেলিছে। আনহাতে, কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামধনদিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত জামুগুৰি, উলুৱনি আদি অঞ্চলত আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকে। দিখাৰী নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধনদিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৫খনৰো অধিক গাঁও। জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক গাঁৱত এইবাৰ বানত ৮,৮০০ গৰাকী পুৰুষ, ৮,৭৮৯গৰাকী মহিলা আৰু ৫,১১৫টা শিশুসহ মুঠ ২২,৭০৪ গৰাকী লোক বানত আক্ৰান্ত হৈছে। জিলাখনত বহু ঘৰ-দুৱাৰ পানীৰ তলত বুৰ গৈ থকাৰ লগতে বহু পশুধনৰো মৃত্যু ঘটিছে।