অসম উন্নতি সভাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

অসম উন্নতি সভাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমক পৰিকল্পিতভাৱে অর্থনৈতিক সংগ্ৰামৰ জৰিয়তে আগুৱাই নিয়াৰ লক্ষ্য লৈছে অসম উন্নতি সভাই। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় আছুৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন। অসম উন্নতি সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচাৰ্যই অনুষ্ঠানটোৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে। তাৰ পিছতে সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই শ্বহীদ তর্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সভাৰ সভাপতি ড° সমুজ্জ্বল ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হয় অসম উন্নতি সভাৰ প্ৰতিনিধি সভা। অসম উন্নতি সভাৰ ইতিহাসৰ ওপৰত আলোকপাত কৰি সভাপতি ড° সমুজ্জ্বল ভট্টাচাৰ্যই কয় যে অসমৰ পৰিকল্পিত উন্নয়নৰ বাবে অসম উন্নতি সভাৰ গঠন হৈছিল। আগন্তুক সময়ত সংগঠনটোৱে ল’ব লগা প্রকল্পসমূহৰ কথা সদৰী কৰি সভাপতি ড° ভট্টাচার্যই কয় যে অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জনৰ উদ্দেশ্য লৈ অনাগত সময়ত অসম উন্নতি সভাই আগুৱাই যাব। প্রত্যাহ্বান আহিলেও আমি সকলো কাম কৰিব পাৰিম আৰু কৰিম। অসম আন্দোলনৰ অভিজ্ঞতাক সুঁৱৰি তেওঁ কয় যে পেটৰ ভোক লৈ জাতীয়তাবাদ কেতিয়াও নহয়। অর্থনৈতিক ভেটি মজবুত কৰিবই লাগিব। বিষয়টো নতুন কিন্তু অতি প্রয়োজনীয়। কঠিনতাও আছে কিন্তু অসম্ভৱ নহয়। আগন্তুক সময়ত অসম উন্নতি সভাই ল’বলগীয়া বিভিন্ন প্রকল্পৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ বাবে প্রতিটো প্রকল্প আমি নীৰৱে কৰি যাম। প্রকল্পটো সম্পূৰ্ণ হোৱাৰ পিছতহে সকলো কথা জনাম। অনুষ্ঠানটো উদ্বোধন কৰি আছুৰ সভাপতি তথা অসম উন্নতি সভাৰ উপদেষ্টা উৎপল শর্মাই শ্রম অৰ্থনীতিৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে অসম আন্দোলনৰ পিছতে হ’বলগীয়া আন্দোলন আছিল পৰিকল্পিত অর্থনৈতিক আন্দোলন। কিন্তু সেয়া ভবা মতে হৈ নুঠিল। এই অর্থনৈতিক আন্দোলন কৰাৰ লক্ষ্যৰে উন্নতি সভাৰ জন্ম হৈছে। বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত অসমীয়া লোক অনভিজ্ঞ বুলি প্রচলিত ধাৰাটোৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে জাতীয় কথাবোৰ সৰুৰে পৰা আমাৰ মূৰত সুমুৱাই দিয়া হৈছে। কিন্তু সেয়া প্রকৃতার্থত শুদ্ধ নহয়। এই কথাবোৰে জাতিটোৰ অৰ্থনৈতিক সংগ্রামখন বহু পিছুৱাই নিলে। অর্থনৈতিক সাক্ষৰতাৰ ক্ষেত্ৰত আমাক প্ৰজন্মৰ পিছত প্ৰজন্মক পিছুৱাই ৰখা হ’ল। তাৎপর্যপূর্ণভাৱে প্রচলিত পাঠ্যক্রমসমূহতো অর্থনৈতিক সাক্ষৰতাৰ বিষয়বোৰ অন্তৰ্ভুক্ত কৰা নহ’ল। যাৰ বাবে এগৰাকী অনা- অসমীয়া যুৱক-যুৱতীৰ তুলনাত অসমীয়া যুৱক-যুৱতীসকল আজিও অর্থনৈতিকভাৱে সজাগ নহ’ল। শ্রম অর্থনীতিৰ প্ৰসংগ উনুকিয়াই তেওঁ কয় যে শ্রম অর্থনীতি আমাৰ হাতলৈ আনিব লাগিব। আজিৰ তাৰিখত নির্মাণ খণ্ডত নিয়োজিত শ্রমিকৰ ক্ষেত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ কোটি কোটি টকাৰ লেনদেন হয়। দুর্ভাগ্যজনকভাৱে তাৰে ১ শতাংশও আমাৰ খিলঞ্জীয়াই নাপায়। চৰকাৰে শেহতীয়াকৈ পদপথৰ ব্যৱসায়ীসকলৰ জৰীপৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক আদৰণি জনাই তেওঁ কয় যে কিমানজন খিলঞ্জীয়া ব্যৱসায়ী আছে, এই জৰীপত প্রকাশ পাব। ইয়াৰ লগতে কিমানসংখ্যক অনা-অসমীয়া বা সন্দেহজনক লোক এই ব্যৱসায়ত আছে, তাৰ তথ্যও হয়তো প্রকাশ পাব। কিন্তু চৰকাৰে পৰৱৰ্তী সময়ত পদপথৰ ব্যৱসায়সমূহ খিলঞ্জীয়াৰ হাতত কিদৰে ৰাখিব পাৰি, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অসম উন্নতি সভাক লৈ যথেষ্ট আশা প্রকাশ কৰি তেওঁ কয় যে মই অসম উন্নতি সভাক লৈ যথেষ্ট আশাবাদী। আজি নহ’লেও এক অথবা দুই দশক পিছত হ’লেও খিলঞ্জীয়া অসমীয়া যুৱক-যুৱতীৰ স্বাৱলম্বনৰ ক্ষেত্ৰত উন্নতি সভাই নিশ্চয় সহায়ক হ’ব। পৰৱৰ্তী সময়ত অসম উন্নতি সভাই ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত পৰামৰ্শ দি তেওঁ কয় যে থলুৱা খিলঞ্জীয়া কৃষকৰ বাবে অসম উন্নতি সভাই এখন বিপণী গুৱাহাটীৰ পৰাই আৰম্ভণি কৰিব লাগিব। পৰৱৰ্তী পৰ্যায়ত এই পদক্ষেপক ৰাজ্যজুৰি জিলা ভিত্তিত আগুৱাই নিব লাগিব। তদুপৰি অসম উন্নতি সভাৰ নেতৃত্বত এটা বেংক তথা মানৱ সম্পদ প’ৰ্টেল খোলাৰ বাবেও তেওঁ পৰামৰ্শ দিয়ে।অনুষ্ঠানটোত অংশ লৈ আদর্শ খেতিয়ক নীলম দত্ত, পুষ্পবিদ ৰোহিত শর্মা, বিকাশ বৰঠাকুৰেও অসমত কৃষিৰ সম্ভাৱনীয় দিশবোৰ সন্দৰ্ভত আলোকপাত কৰে। অনুষ্ঠানটোত আমন্ত্রিত অতিথি হিচাপে অংশ লৈ অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে নিজৰ বক্তব্য দাঙি ধৰাৰ লগতে অসম উন্নতি সভাৰ সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই কাৰ্যকালৰ খতিয়ান দাঙি ধৰে। বিয়লিৰ ভাগত অনুষ্ঠিত প্রতিনিধি সভাত অসম উন্নতি সভাই কেইবাটাও সিদ্ধান্ত গ্রহণ কৰে। অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জনৰ লক্ষ্যৰে অসম উন্নতি সভাই আগন্তুক সময়ত আগবঢ়াৰ সিদ্ধান্ত গ্রহণ কৰাৰ লগতে ৰাজ্যৰ জিলাই জিলাই অর্থনৈতিক প্ৰকল্পৰ সম্ভাৱনা সন্দৰ্ভত জৰীপ আলোচনা অনুষ্ঠিত কৰিব। প্রথম পর্যায়ত প্রতিখন জিলাত এটাকৈ প্রকল্প লোৱা হ’ব। পৰৱৰ্তী সময়ত এই প্রকল্পসমূহ বিস্তাৰ কৰা হ’ব। থলুৱা কৃষকৰ উৎপাদিত সামগ্ৰীৰ ক্রয়-বিক্রয়ৰ বাবে প্রথম অৱস্থাত অসম উন্নতি সভাই গুৱাহাটী মহানগৰীত এখন বিপণী স্থাপন কৰিব। পৰৱৰ্তী পৰ্যায়ত প্রতিখন জিলাতে এই প্রকল্পক আগুৱাই নিয়া হ’ব। চলিত বছৰতে প্রতিখন জিলাত দক্ষতা বিকাশ কর্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে অঞ্চলে অঞ্চলে থলুৱা যুৱক-যুৱতীৰ অৰ্থনৈতিক সাক্ষৰতা আৰু সজাগতাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰিব। তদুপৰি মহিলাৰ অৰ্থনৈতিক সবলতাৰ বাবেও বিশেষ পদক্ষেপ লোৱাৰ পৰিকল্পনা গ্ৰহণ কৰিছে অসম উন্নতি সভাই। বিয়লি সভাৰ অন্তত বিষয় বাছনি সভা অনুষ্ঠিত হয়। এই অনুসৰি আছুৰ সভাপতি উৎপল শর্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন, ড° শুভ্ৰম ৰাজখোৱা, ড° লিখন চন্দ্ৰ বৰা, সত্যেন শর্মা, গুণিক নাথ ফুকন, দ্বীপেন দত্ত, ড° সলিনা দেৱী ৰাভা আৰু শৰৎ হাজৰিকাক উপদেষ্টা, ড° সমঞ্জুল কুমাৰ ভট্টাচার্যক সভাপতি, প্রজ্ঞানজ্যোতি ভূঞাক সাধাৰণ সম্পাদক, প্রীতম হাজৰিকাক প্রকল্প সমন্বয়কৰূপে লৈ অসম উন্নতি সভাৰ নতুন কেন্দ্রীয় সমিতিখন গঠন কৰা হয়।