এটি নিশা জোনাক বিহীন – প্ৰাণজিৎ মজুমদাৰ

Pc Unsplash

এটি নিশা জোনাক বিহীন

 প্ৰাণজিৎ মজুমদাৰ
বনিয়াপাৰা, ছয়গাঁও

২০২০ চনৰ কোনোবা এটা ৰাতিপুৱা। ছয়গাঁও মহাবিদ্যালয়ৰ কলেজীয়া জীৱনৰ প্ৰথমটো দিন। নতুন কলেজ নতুন মানুহ নতুন মুখ এইবোৰ দেখি মই নানা ধৰণৰ কথা ভাবিবলৈ ধৰিলো।কিছু সময় মই নানা চিন্তা চিন্তিত হৈ কলেজৰ বাৰান্দাৰ ইফাল সিফাল হৈ আছো, আৰু তেনেতে মোৰ পিছফালৰ পৰা ছোৱালী এজনী ওলাই গ’ল, মই তাইক সম্পূৰ্ণ কৈ দেখা নাপালো,আৰু তাই চাবলে মই তাইৰ পিছে পিছে যাবলৈ ধৰিলো। কিন্তু অলপ সময় পিছত তাইক দেখা নপোৱা হ’লো। ক’ত গ’ল কাৰ লগত গ’ল এইবোৰ কথাই মোক পুনৰ এবাৰ চিন্তাত পেলালে। তাইক প্ৰথম দেখাতে মনটো এক অবুজ অনুভবেৰে ভৰি পৰিল। এনেকৈয়ে প্ৰায় ১ সপ্তাহ পাৰ হ’ল, কিন্তু তাইক লগ নাপালো। তাৰ পিছত এদিন হঠাৎ দেখিছো তাইক এজন লৰাৰ লগত, কলেজৰ পূব ফালে থকা বকুলৰ তলত। হাহি ফূৰ্তিৰে দুয়োকথা পাতি আছিল। আৰু সেইবোৰ দেখি তাইৰ কাষলে যাবলৈ মোৰ সাহস নহল। আৰু এনেকৈয়ে মনৰ কথা মনতে ৰ’ল। ভালপোৱাবোৰ নিজৰ মাজতে আৱদ্ধ হৈ থাকিল।

এই যে আমি কিছুমান বস্তু দেখাৰ লগে লগে ভালপায় পেলাও, সেয়া জীৱ জন্তৱে  হওঁক বা মানুহে হওঁক আমি প্ৰথম দেখাত কাকো ভালপাব নালাগে নহলে পিছত নিজৰে কষ্ট হয়। কাৰণ তেনেকুৱা ভালপোৱা হয় একপক্ষীয় আৰু একপক্ষীয় প্ৰেম সদায় বেদনাদায়ক হয়।

সন্ধিয়াপৰত এখন প্লাষ্টিকৰ চিয়াৰত বহি আকাশলৈ চালো আৰু ভাবিলো, ”কিছুমান মানুহ আমাৰ জীৱনলৈ আহে কিন্তু আমাৰ হবলৈ নহয়, এটা সুন্দৰ বেদনা হৈ থাকিবলৈ হে আহে”।

সিদিনা চাৰিওফালে জ্বলি আছিল বিজুলী বাতি, কিন্তু আকাশত নাছিল এটাও জোনাক, আকাশখনো যেন কলা মেঘে আৱৰি ধৰিছিল। নিজৰ কোনোবা আপোন মানুহ হেৰুৱাই।