ইতিবাচক চিন্তাৰ শক্তি  – দৰ্শনা দত্ত 

Pc Pexels

ইতিবাচক চিন্তাৰ শক্তি 

দৰ্শনা দত্ত 
দেৰগাঁও,গোলাঘাট 

মানুহৰ মন আৰু মগজু হৈছে এক অপাৰ শক্তিৰ উৎস,যি শক্তিৰ দ্বাৰা মানুহে নিজৰ ভাগ্য আৰু সমাজ দুয়োটাকে সলনি কৰিব পাৰে। আমাৰ মগজুৱে যি চিন্তা কৰে,মনে তাক বিশ্বাস কৰে আৰু আমাৰ সমগ্ৰ জীৱনটোও সেই দিশতেই গতি কৰিবলৈ লয়। গতিকে মন আৰু মগজুক যদি আমি ‘ইতিবাচক চিন্তা’ৰে পৰিচালিত কৰোঁ,তেন্তে জীৱনৰ যিকোনো কঠিন প্ৰত্যাহ্বানো সহজ হৈ পৰে। শুকান প্ৰকৃতিক বসন্তই জীপাল কৰি তোলাৰ দৰেই ইতিবাচক চিন্তাই মুহূৰ্তৰ ভিতৰতে হতাশাগ্ৰস্ত মন এটাক নতুন প্ৰাণেৰে স্পন্দিত কৰি তুলিব পাৰে। যিজন মানুহৰ চিন্তা ইতিবাচক,তেওঁ হতাশাৰ মাজতো আশাৰ নতুন পোহৰ বিচাৰি পায়।

ইতিহাসৰ সোণালী পৃষ্ঠা আৰু ধৰ্মগ্ৰন্থসমূহৰ বাণীসমূহ পৰ্যালোচনা কৰিলে প্ৰমাণ পোৱা যায় যে,ইতিবাচক চিন্তা আৰু বিশ্বাসৰ শক্তিয়েই মানুহক আটাইতকৈ কঠিন পৰিস্থিতিতো জয়ী হ’বলৈ সাহস দিছিল। মহাভাৰতৰ ৰণক্ষেত্ৰত যেতিয়া অৰ্জুন হতাশ হৈ পৰিছিল,তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ মহান যোগাত্মক উপদেশ প্ৰদান কৰিছিল। গীতামৃতৰ সেই ইতিবাচক বাণীক যেতিয়া অৰ্জুনে অন্তৰেৰে গ্ৰহণ কৰিলে,তেতিয়া তেওঁৰ মনলৈ এনে এক অপাৰ শক্তি আহিল যাৰ সহায়ত তেওঁ অধৰ্মৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল। ৰামভক্ত হনুমানৰ নিজৰ শক্তিৰ প্ৰতি থকা অদম্য বিশ্বাস আৰু ইতিবাচক মনোভাৱে তেওঁক সাগৰ পাৰ হোৱাৰ শক্তি দিয়াই নাছিল,বৰং শত্ৰুৰে পৰিপূৰ্ণ লংকা পুৰীত তেওঁ অকলেই প্ৰৱেশ কৰি,সকলো ভয়-শংকা দূৰ কৰি নিজৰ লক্ষ্যত উপনীত হৈছিল। গতিকে চিন্তাৰ ইতিবাচকতাই মানুহক দেৱত্ব প্ৰদান কৰে।

আধুনিক বিজ্ঞান আৰু মনোবিজ্ঞানেও প্ৰমাণ কৰিছে যে মানুহৰ মন-মগজুৰ চিন্তাৰ প্ৰভাৱ তেওঁৰ শৰীৰৰ ওপৰত পৰে। যেতিয়া আমি আমাৰ মনটোক সুন্দৰ,পবিত্ৰ আৰু ধনাত্মক চিন্তাৰে পৰিপুষ্ট কৰি ৰাখোঁ, তেতিয়া আমাৰ মগজুৱে এক সকাৰাত্মক শক্তি উৎপন্ন কৰে। এই শক্তিয়ে কেৱল আমাক মানসিক প্ৰশান্তিয়েই নিদিয়ে, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়াই তোলে। ইয়াৰ পৰিৱৰ্তে খং,ঈৰ্ষা বা ঋণাত্মক চিন্তাই মানুহক মানসিক আৰু শাৰীৰিকভাৱেও দুৰ্বল কৰি তোলে।

জীৱন মানেই সমস্যা বা ব্যৰ্থতা থাকিবই। কিন্তু ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিসকলে ব্যৰ্থতাক শেষ বুলি কেতিয়াও নাভাৱে। তেওঁলোকে ব্যৰ্থতাক সফলতাৰ এটা শিক্ষা বুলিহে গ্ৰহণ কৰে। বিশ্বৰ মহান ব্যক্তিসকলৰ জীৱনলৈ চালে দেখা যায় যে তেওঁলোকৰ সফলতাৰ আঁৰত আছিল তেওঁলোকৰ মনৰ দৃঢ়তা। বিখ্যাত বিজ্ঞানী থমাছ আলভা এডিছনে বাল্ব উদ্ভাৱন কৰোঁতে বাৰে বাৰে ব্যৰ্থ হৈছিল,কিন্তু তেওঁ সেই ব্যৰ্থতাক ইতিবাচকভাৱে ৰাখি কৈছিল যে,তেওঁ বহুতো এনেকুৱা উপায় শিকিলে যাৰ দ্বাৰা বাল্ব বনাব নোৱাৰি। এনে সুন্দৰ চিন্তাই তেওঁক এদিন সফল কৰি তুলিছিল। বিশ্ববিশ্ৰুত মহিলা বিজ্ঞানী মেৰী কিউৰিৰ জীৱনলৈ চালেও দেখা যায় যে কেনেকৈ ইতিবাচক চিন্তাই অসম্ভৱক সম্ভৱ কৰি তোলে। চৰম দৰিদ্ৰতা,শাৰীৰিক অসুস্থতা,সা-সুবিধাহীন এক জৰাজীৰ্ণ পৰীক্ষাগাৰৰ মাজতো তেওঁ নিজৰ মন-মগজুক নিৰাশ নকৰি মনৰ অদম্য যোগাত্মক শক্তিৰ বলতেই তেওঁ ‘ৰেডিয়াম’ আৰু ‘প’ল’নিয়াম’ আৱিষ্কাৰ কৰি বিজ্ঞানৰ ইতিহাসত দুবাৰকৈ নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা হিচাপে বিশ্বক চমকিত কৰিছিল। ঠিক সেইদৰে,আধুনিক ভাৰতৰ সপোনদ্ৰষ্টা তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ জীৱনৰ মূল মন্ত্ৰই আছিল ইতিবাচক চিন্তা। তেওঁ চৰম দৰিদ্ৰতাৰ মাজৰ পৰা আহি বিশ্বৰ এজন অন্যতম শ্ৰেষ্ঠ বিজ্ঞানী আৰু ৰাষ্ট্ৰপ্ৰধান হ’বলৈ সক্ষম হৈছিল কেৱল নিজৰ মন-মগজুৰ যোগাত্মক শক্তিৰ বলত। তেওঁ কৈছিল যে— “সপোন সেয়া নহয় যিটো আমি টোপনিত দেখোঁ, সপোন হৈছে সেয়াহে যিয়ে আমাক শুবলৈ নিদিয়ে।'” তেওঁৰ এই কালজয়ী ইতিবাচক বাৰ্তাই আজিৰ প্ৰজন্মৰ মাজতো এক নতুন সম্ভাৱনা আৰু আশাৰ পোহৰ জগাই ৰাখিছে ।

যিদৰে এটা সৰু চাকিৰ পোহৰে এটা অন্ধকাৰ কোঠা পোহৰাই তুলিব পাৰে,ঠিক তেনেদৰে আমাৰ মনৰ এটা সৰু ইতিবাচক চিন্তাই আমাৰ গোটেই জীৱনটো পোহৰাই তুলিব পাৰে। জীৱনৰ বাটত সদায়েই সুখ বা অনুকূল পৰিৱেশ পোৱাটো অসম্ভৱ। কিন্তু জীৱনৰ জটিল পৰিস্থিতি বা প্ৰতিকূল পৰিৱেশক আমি কেনে দৃষ্টিভংগীৰে চাম, সেইটো সম্পূৰ্ণ আমাৰ নিজৰ মানসিকতাৰ ওপৰতহে নিৰ্ভৰ কৰে। বাহ্যিকভাৱে মানুহ যিমানেই শক্তিশালী বা চহকী নহওক কিয়,যদি মন আৰু মগজু ঋণাত্মক চিন্তাৰে ভৰি থাকে,তেন্তে জীৱনত প্ৰকৃত সুখ আৰু সফলতাক সঠিকভাৱে উপভোগ কৰিব নোৱাৰিব। মন-মগজুক সদায় সৎ, পবিত্ৰ আৰু ধনাত্মক চিন্তাৰে পুলকিত কৰি ৰখাটো অতি প্ৰয়োজন, কিয়নো বাহ্যিক ধন-সম্পত্তিয়ে নহয়, মনৰ ইতিবাচক চিন্তাইহে মানুহক সুস্থ কৰি ৰাখিব পাৰে আৰু সমাজৰ দৃষ্টিত প্ৰকৃততে শ্ৰেষ্ঠ আৰু চিৰস্মৰণীয় কৰি তোলে।