বৰপথাৰত নিৰুদ্দেশ পত্নীসহ দুই পুত্ৰ সন্তান::: উদ্বিগ্ন পৰিয়াল, সম্ভেদ বিচাৰি কাতৰ আহ্বান স্বামীৰ
মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত ৰাধাকৃষ্ণ চাহ বাগানৰ বাসিন্দা চিনা তাঁতী (২৮) আৰু তেওঁৰ দুই পুত্ৰ সন্তান—নিৰৱ তাঁতী (৭) আৰু বিশ্বৰাজ তাঁতী (৩)—যোৱা ১৪ জুনৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছে। ঘটনাটোক কেন্দ্ৰ কৰি পৰিয়াল, আত্মীয়-স্বজনৰ লগতে সমগ্ৰ অঞ্চলটোত গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। পৰিয়ালৰ তথ্য অনুসৰি, ১৪ জুনৰ পুৱা প্ৰায় ১০ বজাত চিনা তাঁতী তেওঁৰ দুই পুত্ৰক লগত লৈ বৰপথাত অনুষ্ঠিত এটি চকু চিকিৎসা শিবিৰলৈ চিকিৎসাৰ উদ্দেশ্যে গৈছিল। সেইদিনা সন্ধিয়া প্ৰায় ৫ বজাত তেওঁলোকে ফোনযোগে ঘৰলৈ উভতি অহাৰ কথা পৰিয়ালক জনাইছিল। কিন্তু তাৰ কিছু সময়ৰ পিছতেই ফোন সংযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায়। সেই মুহূৰ্তৰ পৰাই তেওঁলোকৰ সৈতে আৰু কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই স্বামী বিশাল তাঁতীয়ে। ঘটনাৰ পিছতে চিনা তাঁতীৰ স্বামী বিশাল তাঁতীয়ে বৰপথাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, তথাপিও আজি ১৬ দিন অতিক্ৰম কৰাৰ পিছতো তেওঁলোকৰ কোনো নিশ্চিত সন্ধান লাভ কৰা হোৱা নাই। এই ঘটনাই স্বামী বিশাল তাঁতীক গভীৰ চিন্তা আৰু অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে। পত্নী আৰু দুই সৰু সন্তানৰ কোনো সম্ভেদ নোপোৱাত স্থানীয় ৰাইজেও ঘটনাটোক লৈ উদ্বেগ প্ৰকাশ কৰিছে। যদি কোনো সদাশয় ব্যক্তিয়ে চিনা তাঁতী অথবা তেওঁৰ দুই পুত্ৰ সন্তানৰ বিষয়ে কোনো তথ্য লাভ কৰে বা ক’ৰবাত দেখা পায়, তেন্তে অনুগ্ৰহ কৰি তৎক্ষণাত ওচৰৰ আৰক্ষী থানাত অৱগত কৰিবলৈ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।
