জিএমচিএইচ-পিএমচিএইচ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

জিএমচিএইচ-পিএমচিএইচ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নতুন ৰূপত উজলি উঠিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চমুকৈ জিএমচিএইচ।৪,৩৮২ কোটি টকা ব্যয় সাপেক্ষে নতুন ৰূপ দিয়াৰ কাম অব্যাহত থকা চিকিৎসালয়খন দেওবাৰে পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্মাণ কাৰ্যৰ বুজ লয় । দেশৰ এখন অন্যতম আধুনিক স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে ।  অসমৰ স্বাস্থ্যসেৱাক অধিক শক্তিশালী, আধুনিক আৰু ভৱিষ্যমুখী কৰি তোলাৰ লক্ষ্যৰেই অত্যাধুনিক সুবিধা, উন্নত আন্তঃগাঁথনি আৰু অধিক মানসম্পন্ন চিকিৎসা সেৱাৰে পুনঃনিৰ্মাণ কৰিবলগা এই নতুন ৰূপত উজলি উঠিবলগা চিকিৎসা মহাবিদ্যালয়খনে ৰোগীসকলৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰিব বুলি আশা কৰা গৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ চলিত পুনঃনির্মাণ তথা ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা কৰাৰ লগতে স্বাস্থ্য আন্তঃগাঁথনি উন্নয়নৰো অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্রী ড° শৰ্মাই প্রথমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণ হ’বলগা অত্যাধুনিক তিনি হাজাৰখন বিছনাযুক্ত চিকিৎসালয় ভৱনৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত চিকিৎসা শিক্ষা সঞ্চালক ডাঃ মনোজ চৌধুৰী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকলে প্রকল্পটোৰ পৰিকল্পনা আৰু ৰূপায়ণৰ অগ্রগতি সম্পর্কে মুখ্যমন্ত্রীক অৱগত কৰে। এই বিষয়ে সামাজিক মাধ্যমযোগে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ স্বাস্থ্যখণ্ডক অধিক শক্তিশালী আৰু ভৱিষ্যমুখী ৰূপ দিয়াৰ লক্ষ্যৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ চলিত পুনঃনির্মাণ তথা ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা কৰোঁ। চাৰি হাজাৰ কোটি টকাতকৈও অধিক বিনিয়োগেৰে প্ৰস্তাৱিত প্রায় ৫ হাজাৰ ৰোগীক একে সময়তে সেৱা আগবঢ়াব পৰাকৈ ক্ষমতাসম্পন্ন, ভূমি+সাত মহলাযুক্ত অত্যাধুনিক চিকিৎসালয় ভবনে ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিব। এই বৃহৎ পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা আৰু মানসম্পন্ন স্বাস্থ্যসেবা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

জনসাধাৰণক বিশ্বমানৰ চিকিৎসা সুবিধা প্রদান আৰু অসমক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দেশৰ অন্যতম অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে দৃঢ়তাৰে আগবাঢ়িছে। ইয়াৰ জৰিয়তে অসমৰ স্বাস্থ্যখণ্ডলৈ আনিব এক নতুন যুগ। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি নির্মীয়মাণ ৫০০খন বিছনাযুক্ত অত্যাধুনিক চিকিৎসালয় ভৱনৰ অগ্ৰগতিৰ বুজ লয় আৰু চিকিৎসালয় কর্তৃপক্ষ, স্বাস্থ্য বিভাগ আৰু নিৰ্মাণকাৰী সংস্থাৰ সৈতে এক বিস্তৃত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্মাণৰ অগ্রগতি, নির্মিত ভৱনসমূহ সময়মতে হস্তান্তৰকৰণ, সীমাৰ দেৱাল, ফেকাল্টীৰ আৱাস তথা খেলপথাৰ নিৰ্মাণ আৰু অন্যান্য প্রয়োজনীয় আন্তঃগাঁথনি উন্নয়নৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্রীয়ে। মুখ্যমন্ত্রীয়ে সংশ্লিষ্ট সকলো পক্ষত গুণগত মান, স্বচ্ছতা, জবাবদিহিতা আৰু নিৰ্ধাৰিত সময়সীমা কঠোৰভাৱে মানি নির্মাণকার্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্রীয়ে জনসাধাৰণৰ সহজলভ্য, সুলভ আৰু বিশ্বমানৰ চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা এক শক্তিশালী স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত চিকিৎসা আয়ুক্ত সঞ্চালক ডাঃ মনোজ চৌধুৰী, প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বসন্ত বৈশ্য প্রমুখ্যে অন্যান্য জ্যেষ্ঠ চিকিৎসক তথা চিকিৎসালয়ৰ চিকিৎসকসকলে অংশগ্রহণ কৰে। এই সন্দর্ভত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই কয়,  ২০২২ চনত যি সপোনেৰে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছিল; আজি সেই সপোন খোজে খোজে আগবাঢ়িছে বাস্তৱায়নৰ দিশে । বৰ্তমান নিয়মীয়া অ’ পি ডি আৰু বিভিন্ন ৰোগ পৰীক্ষণ সেৱা আৰম্ভ হৈছে আৰু অতি সোনকালে পূৰ্ণ পৰিসৰত চিকিৎসা সেৱাও আৰম্ভ হ’ব । আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদর্শনৰ পাছত প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নির্মাণ অগ্ৰগতি পর্যালোচনাৰ হেতু তাত উপস্থিত হৈছিলোঁ । অসমৰ স্বাস্থ্যখণ্ডত চলি থকা এই বৃহৎ আন্তঃগাঁথনি বিপ্লৱে প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, আধুনিক আৰু গুণগত চিকিৎসা সেৱাৰ অধিকাৰক অধিক শক্তিশালী কৰি তুলিছে । ৰাজ্যজুৰি এক নতুন স্বাস্থ্য অসম গঢ়ি তোলাৰ যি যাত্ৰা আৰম্ভ হৈছে, সেয়া এতিয়া দৃশ্যমান বাস্তৱত পৰিণত হৈছে ।