কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সাক্ষাৎ মুখ্যমন্ত্রীৰ

কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সাক্ষাৎ মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক। এই সৌজন্যমূলক সাক্ষাৎকালত ভাৰতীয় ক্ৰিকেটৰ ঐতিহ্য, খেলৰ পৰিৱৰ্তিত ধাৰা আৰু অসমত ক্ৰিকেটৰ অধিক বিকাশৰ সম্ভাৱনা আদি সন্দর্ভত মত বিনিময় কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকখনত ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰৰ সৈতে উপস্থিত থাকে বিচিচিআইৰ সচিব দেৱজিৎ লন শইকীয়া। এই বৈঠকতে সুনীল গাভাস্কাৰে টকিঅ’ মাৰাথন ২৫ আর্হিত গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। গাভাস্কাৰৰ এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে নিশ্চিতভাৱে পৰীক্ষা কৰিব বুলি অৱগত কৰে মুখ্যমন্ত্রীয়ে। এই আলোচনাকালতে মুখ্যমন্ত্রী ড° শর্মাই সুনীল গাভাস্কাৰৰ মাষ্টাৰ ক্লাছ ইনিংছবোৰ চোৱাৰ শৈশৱৰ স্মৃতি তেওঁৰ ওচৰত উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে ভাৰতীয় ক্রিকেটৰ গৌৰৱময় মুহূৰ্তসমূহৰ বিষয়ে গাভাস্কাৰৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ৰেড বল, হোৱাইট বলৰ ফর্মেটসমূহৰ মাজেৰে ক্ৰিকেটলৈ অহা বিৱৰ্তন আৰু অসমত ক্রিকেটক অধিক শক্তিশালী কৰাৰ ৰোডমেপৰ বিষয়ে আলোচনা কৰে। এই আলোচনাকালত ৰাজ্যৰ উদীয়মান ক্রিকেট খেলুৱৈসকলক উন্নত প্রশিক্ষণ আৰু বিশ্বমানৰ সা-সুবিধা প্রদান কৰাৰ ওপৰতো দুয়ো পক্ষৰ মাজত ফলপ্রসূ আলোচনা হয়।