৬ ঘণ্টাৰ যাত্ৰা এতিয়া সম্পূৰ্ণ হ’ব মাত্ৰ ২০ মিনিটতঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- গহপুৰৰ পৰা নুমলীগড়লৈ প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে নিৰ্মাণ হ’বলগা সুৰংগক কেন্দ্রীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনোৱা এই প্ৰকল্পৰ চূড়ান্ত ডিপিআৰো প্ৰস্তুত হৈছে। দেশৰ ভিতৰত প্ৰথমটো ৰে’ল যোগাযোগ আৰু পথ যোগাযোগত থকা এই সুৰংগই অসম তথা উত্তৰ-পূবলৈ নমাই আনিব অভাৱনীয় পৰিৱৰ্তন। গহপুৰ-নুমলীগড় সংযোগী সুৰংগক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমত এক পোষ্ট কৰে। মুখ্যমন্ত্রী ড° শর্মাই এক পোষ্টত লিখিছে- ৬ ঘণ্টাৰ দীঘলীয়া যাত্ৰা এতিয়া সম্পূর্ণ হ’ব মাত্র ২০ মিনিটত। গহপুৰ-নুমলীগড় সংযোগী সুৰংগ কেৱল এক অত্যাধুনিক আন্তঃগাঁথনি প্রকল্প নহয়, ই হৈছে উত্তৰ-পূবৰ সংযোগ, প্রগতি আৰু ৰাষ্ট্ৰীয় সুৰক্ষাক নতুন গতি প্ৰদান কৰা এক যুগান্তকাৰী পদক্ষেপ। এই অভিযান্ত্রিক পদক্ষেপে যাতায়াত অধিক সহজ আৰু দ্রুত কৰাৰ লগতে সমগ্র অঞ্চলটোক অধিক ওচৰ চপাই আনিব। উল্লেখ্য যে বৰ্তমান গহপুৰ আৰু নুমলীগড়ৰ দূৰত্ব প্রায় ২৪০ কিলোমিটাৰ। এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্রয়োজন হয় প্রায় ৬ ঘণ্টাৰ। কিন্তু সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পথৰ দূৰত্ব ৩৪ কিলোমিটাৰলৈ হ্রাস পাব আৰু ৬ ঘণ্টাৰ পৰা ২০ মিনিটলৈ হ্রাস পাব যাতায়াতৰ সময়। লক্ষণীয়ভাৱে এইটোৱেই হ’ব দেশৰ প্ৰথমটো আৰু বিশ্বৰ দ্বিতীয়টো ৰে’ল-ৰোড সুৰংগ। এই সুৰংগ নির্মাণ হৈ উঠিলে অসমেই নহয়, উত্তৰ-পূবৰ আন আন ৰাজ্যসমূহেও লাভ কৰিব গুৰুত্বপূৰ্ণ সুবিধা। ৩৩.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো নির্মাণত ব্যয় হ’ব ১৮,৬৬২ কোটি টকা।
