যিমানেই পলিয়েষ্টাৰ কমাই দিয়া হ’ব সিমানেই পুঁজি বেছি লাগিবঃ শিক্ষামন্ত্ৰী

যিমানেই পলিয়েষ্টাৰ কমাই দিয়া হ’ব সিমানেই পুঁজি বেছি লাগিবঃ শিক্ষামন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত চৰকাৰে যোগান ধৰা ৬৫-৭০ শতাংশ পলিয়েষ্টাৰ মিহলি ইউনিফর্মে বিশেষকৈ প্রাথমিক বিদ্যালয়ত অধ্যয়নৰত লাখ লাখ শিক্ষার্থীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি নমাই অনা বিষয়টোৱে অভিভাৱক আৰু সচেতন মহলক উদ্বিগ্ন কৰি ৰখাৰ সময়তে ইয়াৰ সমিধান বিচাৰি সাংবাদিকে শিক্ষা মন্ত্ৰীগৰাকীক কৰা প্ৰশ্নৰ উদ্ভট উত্তৰ দি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু যে চৰকাৰী মাধ্যমৰ শিশুক লৈ মুঠেও দায়িত্বশীল নহয়, সেই কথা প্রতিপন্ন কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শনিবাৰে শিৱসাগৰ বিশ্ববিদ্যালয় ভ্রমণ কৰে। তেওঁ বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দর্ভত উপাচার্য ড° মহাদেৱ পাটগিৰিৰ সৈতে আলোচনাত মিলিত হয়। বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিগত সময়ছোৱাত প্ৰদান কৰা ১০ কোটি টকাৰ ব্যয়ৰ খতিয়ান আৰু পিএম-ঊষা (PM-USHA)ৰ অধীনত হাতত লোৱা হোষ্টেল প্রকল্পৰো বুজ লয়। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়সহ কেতবোৰ মহাবিদ্যালয় আর্থিক সংকটত পৰা বুলি উঠা অভিযোগ সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰি ডাঃ ৰণোজ পেগুয়ে কয়, পুঁজিৰ জোৰা মৰাটো বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহৰ নিজৰ দায়িত্ব। যদি কিবা কৰিবলগীয়া থাকে আগলৈ বিষয়টো বিবেচনা কৰা হ’ব। ইফালে সাংবাদিকে চৰকাৰীভাৱে যোগান ধৰা ইউনিফৰ্মত ৩০ ৰ পৰা ৩৩ শতাংশ কটনৰ পৰিৱৰ্তে ৬৭ শতাংশৰ পৰা ৭০ শতাংশ পলিয়েষ্টাৰ থকা বিষয়টো উনুকিয়াই চৰকাৰী ইউনিফৰ্মৰ গুণগত নিম্ন মানে ৩৭-৩৮ ডিগ্রী চেলচিয়াছ তাপমাত্ৰাত ১ ৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যলৈ ভাবুকি নমাই নানিব নে বুলি উত্থাপন কৰা প্ৰশ্নক একপ্ৰকাৰ ইতিকিং কৰি উৰুৱাই দিয়ে শিক্ষা মন্ত্ৰীগৰাকীয়ে। শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ইউনিফর্মত ৩০ শতাংশ কটন থাকে। ল’ৰা-ছোৱালীৰ একো অসুবিধা হ’ব নালাগে। চিকিৎসকে ৭০ শতাংশ পলিয়েষ্টাৰ থকাটো হানিকাৰক বুলি উল্লেখ কৰাৰ কথা কোৱাত তেওঁ নিজেই এজন চিকিৎসক, গতিকে সকলো জানে বুলি মন্তব্য কৰে। যিমানেই পলিয়েষ্টাৰ কমাই দিয়া হ’ব সিমানেই পুঁজি বেছি লাগিব বুলি উল্লেখ কৰি এতিয়া সিমান বাজেট নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে মহাবিদ্যালয়সমূহত ছাত্র-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে যি দহ শতাংশ ধন এতিয়াও দিবলৈ বাকী আছে সেয়া বাজেট অধিৱেশনৰ পিছতে মোকলাই দিয়াৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। এই নৱগঠিত শিৱসাগৰ বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিক প্রগতি প্রত্যক্ষ কৰাটো উৎসাহজনক বুলি মন্তব্য কৰে। ছাত্ৰ-ছাত্ৰীসকলক উন্নত সুযোগ প্ৰদান কৰাৰ স্বাৰ্থত শৈক্ষিক মান সবলীকৰণ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত উপাচার্য, পঞ্জীয়ক, অধ্যাপক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই চলোৱা প্ৰচেষ্টাৰ শলাগ লয় শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।