ধ্বংসস্তূপত পৰিণত হ’ল ভেনিজুৱেলা
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে দুটাকৈ প্ৰলয়কৰী ভূমিকম্পই জোকাৰি যোৱা ভেনিজুৱেলা ধ্বংসস্তূপত পৰিণত হ’ল ৷ বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান ৷ যিমানেই সময় বাগৰিছে সিমানেই এই ভূইকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে ৷ এই পর্যন্ত মৃতকৰ সংখ্যা হৈছেগৈ ১,৬৮০জন। আনহাতে, ৫১ হাজাৰ লোক এতিয়াও সন্ধানহীন হৈ আছে। পূর্ণগতিত চলি আছে উদ্ধাৰ অভিযান। এতিয়াও আৰু বহুতো লোক ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ আছে বুলি আশংকা কৰা হৈছে। মৃতকৰ সংখ্যা শেষলৈ ১ লাখ পর্যন্ত হ’ব পাৰে বুলিও আশংকা কৰা হৈছে। এই বৰভূঁইকঁপৰ প্ৰভাৱত আহত হোৱা লোকসকলক চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে। চিকিৎসাধীন লোকসকলৰ ভিতৰত ৫ হাজাৰতকৈও অধিক লোক গুৰুতৰভাৱে আহত বুলি কোৱা হৈছে। ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকা মৃত অথবা আহত লোকসকলৰ উদ্ধাৰকাৰ্যত নামি পৰিছে সাধাৰণ নাগৰিকসকলো। ভাঙি পৰা অট্টালিকাৰ আশে-পাশে প্রিয়জনক বিচাৰি আতুৰ হৈ পৰিছে বহু লোক। প্রাকৃতিক দুৰ্যোগৰ ওচৰত অসহায় মানুহৰ আকৃতি, চকুপানীৰে ধ্বংসস্তূপৰ এখন সামগ্রিক কৰুণ ছবি ফুটি উঠিছে ভেনিজুৱেলাত। উল্লেখ্য যে ভাৰতীয় সময় অনুসৰি নিচেই পুৱাতে এটাৰ পিছত এটাকৈ ৩৯ ছেকেণ্ডৰ ভিতৰতে দুটা প্রলয়ংকৰী বৰভূইকঁপে জোকাৰি যায় ৰাজধানী কাৰাকাছসহ ভেনিজুৱেলাৰ একাধিক এলেকা। মার্কিন জিঅ’লজিকেল ছাৰ্ভেৰ তথ্য অনুসৰি এই যুটীয়া ভূঁইকঁপৰ অভিকেন্দ্র আছিল ভেনিজুৱেলাৰ কেৰিবিয়ান উপকূলৱৰ্তী মোৰন চহৰৰ পশ্চিমে ভূপৃষ্ঠৰ পৰা মাত্র ১৩ কিঃ মিঃ গভীৰত। প্ৰথমটো বৰভূঁইকঁপৰ প্রাবল্য আছিল ৭.২ আৰু দ্বিতীয়টো প্রাবল্য ৭.৫ আছিল। এক মিনিটতকৈও কম সময়ৰ এই যুটীয়া ভূঁইকঁপত তচনচ হৈ যায় চৌপাশ। তাচপাতৰ ঘৰৰ দৰে হুৰমূৰকৈ খহি পৰে বৃহৎ বৃহৎ অট্টালিকা। ভাঙি পৰে বিদ্যুতৰ খুঁটা। ধ্বংসস্তূপৰ ফলত অৱৰুদ্ধ হৈ পৰে একাধিক পথ। ভেনিজুৱেলাৰ চৰকাৰে জনোৱা মতে, ভূঁইকঁপৰ ফলত আটাইতকৈ বেছি ক্ষতি হৈছে কেৰিবিয়ান সাগৰৰ পাৰৰ বন্দৰ চহৰ লা গুৱাইৰা আৰু ৰাজধানী কাৰাকাছৰ উত্তৰ অংশত। ব্যাপক ক্ষয়-ক্ষতি হোৱাত এতিয়াও বন্ধ ৰখা হৈছে ভেনিজুৱেলাৰ মূল বিমানবন্দৰটো। ইতিমধ্যে দেশখনত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। আতংকত কাৰাকাছ আৰু উপকণ্ঠ অঞ্চলৰ লোকসকলে মুকলি আকাশৰ তলত নিশা কটাইছে। ভেনিজুৱেলাৰ বহু ঠাইত বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগ বিচ্ছিন্ন হৈ গৈছে। স্কুলসমূহত পাঠদান আপাততঃ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। কাৰণ স্কুল ভৱনসমূহক অস্থায়ী আশ্রয় শিবিৰ হিচাপে ব্যৱহাৰ কৰিছে প্রশাসনে।
