নলবাৰীত একেলগে চিপ ল’লে প্রেমিক প্রেমিকাই

নলবাৰীত একেলগে চিপ ল’লে প্রেমিক প্রেমিকাই

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিতাৰাত এক লোমহর্ষক ঘটনা সংঘটিত হয়। একেডাল ৰচীৰে নিজৰ জীৱন শেষ কৰি দিলে প্ৰেমিক-প্ৰেমিকাই। গাঁওখনৰ বৰনামঘৰৰ পশ্চিমফালে থকা জংঘলৰ মাজত এডাল গছতে চিপ লোৱা অৱস্থাত এক প্রেমিক যুগলৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। প্রেমিক যুৱক উজ্জ্বল কলিতা আৰু প্রেমিকাই ল’লে এই চৰম সিদ্ধান্ত। জানিব পৰা মতে প্রেমিক উজ্জ্বল কলিতাৰ ঘৰ ১নং বালিতাৰাত। আনহাতে প্ৰেমিকাৰ ঘৰ ওচৰৰ ৰঙাফালীত। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ উজ্জ্বল কলিতা বুধবাৰে নিশা ১১ বজাৰ পৰা আৰু বালিতাৰা হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়ন কৰি থকা কিশোৰীগৰাকী নিশা ১২ বজাৰ পৰা সন্ধানহীন হৈ আছিল। বৃহস্পতিবাৰে পুৱা পথাৰত গৰু এৰাল দিবলৈ অহা এজন লোকে প্রেমিক যুগলক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে। তাৰ পিছতে গাঁওখনৰ লগতে পৰিয়াল দুটাৰ মাজত হুৱাদুৱা লাগে। স্থানীয় লোকৰ মতে এয়া প্রেমজনিত কাৰণতে আত্মহত্যা কৰা বুলি জানিব দিয়ে। ঘটনাস্থলীত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধমধমা আৰক্ষী চকীৰ আৰক্ষী বাহিনী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।