দুটাকৈ বিধ্বংসী বৰভূঁইকঁপত বিধ্বস্ত ভেনিজুৱেলা
ৰঙিলী বাৰ্ত্তাসেৱা- দুটাকৈ শক্তিশালী ভূমিকম্পই ধ্বংসস্তূপত পৰিণত কৰিলে ভেনিজুৱেলা। বৃহস্পতিবাৰে এটাৰ পিছত এটাকৈ দুটা বিধ্বংসী ভূঁইকঁপে কঁপাই তোলে কাৰাকাছসহ ভেনিজুৱেলাৰ একাধিক এলেকা। ৩৯ ছেকেণ্ডৰ ভিতৰত দুটাকৈ বৰভূঁইকঁপে জোকাৰি যায় ভেনিজুৱেলাক। প্রথমটো ভূঁইকঁপৰ প্রাবল্য আছিল ৭.২। মার্কিন জিঅ’লজিকেল ছাৰ্ভেৰ তথ্য অনুসৰি এই ভূঁইকঁপৰ উৎপত্তিস্থল ভেনিজুৱেলাৰ কেৰিবিয়ান উপকূলবর্তী মোৰন চহৰৰ পশ্চিমে। ইয়াৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা মাত্র ১৩ কিলোমিটাৰ গভীৰত। এই ঠাইখন ৰাজধানী কাৰাকাছৰ পৰা ১৬৮ কিলোমিটাৰ নিলগত অৱস্থিত। প্রথমটো ভূঁইকঁপৰ জোকাৰণি অনুভূত হোৱাৰ ৩৯ ছেকেণ্ডৰ পিছতে দ্বিতীয়টো জোকাৰণি অনুভূত হয়। দ্বিতীয়টো ভূঁইকঁপৰ মাত্ৰা আছিল ৭.৫। দ্বিতীয়টোৰ উৎপত্তিস্থলো একেটাই বুলি কোৱা হৈছে। পিছৰটো ভূঁইকঁপৰ অভিকেন্দ্ৰ ভূপৃষ্ঠৰ পৰা মাত্র ১০ কিলোমিটাৰ গভীৰত। এই বিধ্বংসী ভূঁইকঁপ দুটাৰ পিছতো দেশখনত প্রায় ৩০টা জোকাৰণি (আফতাৰ শ্বক) অনুভূত হয় বুলি কোৱা হৈছে। ভূঁইকঁপৰ জোকাৰণিত ৰাজধানী কাৰাকাছৰ বহু অট্টালিকা পেণ্ডুলামৰ দৰে দুলিবলৈ ধৰে। আতংকত মানুহৰ মাজত হুৱাদুৱা লাগে। ঠায়ে ঠায়ে তাচপাতৰ দৰে মুহূৰ্ততে খহি পৰে প্ৰকাণ্ড প্রকাণ্ড অট্টালিকা। ধ্বংসস্তূপৰ ফলত অৱৰুদ্ধ হৈ পৰে একাধিক ৰাস্তা। যুটীয়া ভূঁইকপৰ পিছত কাৰাকাছৰ বহু এলেকাত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে। ভাগি পৰে ম’বাইল ফোনৰ টাৱাৰো। ফলত ব্যাহত হৈ পৰে যোগাযোগ ব্যৱস্থা। যুদ্ধকালীন তৎপৰতাৰে চলে উদ্ধাৰকাৰ্য। ভয়াৱহ এনে পৰিস্থিতিত জনসাধাৰণক শান্ত আৰু সংযত হৈ থকাৰ লগতে ঐক্য বোজাই ৰখাৰ আহ্বান জনায় ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ডেলছি ৰড্রিগেজে। এই যুটীয়া ভূঁইকঁপত আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ আৰু বন্দৰ চহৰ লা গুৱাইৰাছ। ৰানৱে’ ভাগি ভিতৰলৈ সোমাই যোৱাত আপাততঃ ভেনিজুৱেলাৰ মূল বিমানবন্দৰত বিমানৰ চলাচল বন্ধ ৰখা হৈছে। এই বিপৰ্যয়ৰ পিছতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ভেনিজুৱেলাৰ প্ৰশাসনে। দেশখনৰ অন্তৰ্বতী ৰাষ্ট্ৰপতি ডেলছিয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত সকলোকে শান্ত হৈ থকাৰ আবেদন জনায়। এই ভূঁইকপত যিসকল লোকৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে তেওঁ। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে দেশখনৰ সকলো স্বাস্থ্যকর্মীকে অনুৰোধ জনোৱা হৈছে। ভেনিজুৱেলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। এই প্রাকৃতিক দুর্যোগত প্রাথমিকভাৱে মৃতকৰ সংখ্যা এই পর্যন্ত ১৬৪ বুলি চৰকাৰীভাৱে কোৱা হৈছে যদিও মার্কিন বিজ্ঞানীসকলে আশংকা কৰা মতে, এই প্রলয়ংকৰী প্ৰাকৃতিক দুর্যোগত লক্ষাধিক লোকৰ মৃত্যু হ’ব পাৰে। এই বৰভূঁইকঁপত সহস্রাধিক লোক আহত হোৱা বুলিও চৰকাৰী তথ্যত কোৱা হৈছে। ইতিমধ্যে ভেনিজুৱেলালৈ উদ্ধাৰকাৰী দল পঠিয়াইছে আমেৰিকাই। এই দুর্দিনত দক্ষিণ আমেৰিকাৰ এই দেশখনৰ ওচৰত থকাৰ বাৰ্তা দিছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে।
