ৰাজ্যিক  বিজেপিৰ ক’লা দিৱস অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যিক  বিজেপিৰ ক’লা দিৱস অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশৰ জৰুৰীকালীন অৱস্থাৰ বিভীষিকাময় দিন সুঁৱৰি বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্রীদামোদৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰিলে ৫১ সংখ্যক ক’লা দিৱস। এই ক’লা দিৱস অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই ক’লা দিৱসতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য- স্বাধীনতা লাভৰ পিছৰে পৰাই বৰ্তমান সময়লৈকে এক দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাত কেতিয়াও কোনো প্রধানমন্ত্রীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা নাই। কেৱল ইন্দিৰা গান্ধীয়েহে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। কংগ্ৰেছ দলৰ ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা এই জৰুৰীকালীন অৱস্থাত সংবাদ মাধ্যমৰ স্বাধীনতা হৰণ কৰাই নহয়, তেতিয়াৰ কংগ্ৰেছী নেতা সঞ্জয় গান্ধীয়ে গণতন্ত্ৰৰ সেনানীৰ ওপৰত চলাইছিল অত্যাচাৰ আৰু দেশত চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ অধিকাৰ নোহোৱা কৰি পেলাইছিল। প্রায় ২১ মাহ ধৰি চলা এই জৰুৰীকালীন সময়ছোৱাত সংবিধান আৰু গণতন্ত্রক হত্যা কৰি স্বৈৰাচাৰী আৰু একনায়কত্ববাদী শাসন চলোৱা হৈছিল । য’ত হাজাৰ হাজাৰ লোকে কাৰাবাস খাটিবলগা হৈছিল, সংবাদ মাধ্যমৰ ওপৰত কেতবোৰ বাধা-নিষেধ (চেঞ্চৰশ্বিপ) আৰোপ কৰা হৈছিল আৰু চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ পৰিৱেশ নোহোৱা কৰা হৈছিল । দেশত জৰুৰীকালীন অৱস্থা বলবৎ কৰা সেই কংগ্ৰেছ দলৰ নেতাসকলে এতিয়া সংবিধান ৰক্ষা কৰাৰ কথা কয় । মুখ্যমন্ত্রী ড৹ শৰ্মাই লগতে কয়, ‘‘বাবাচাহেবে লিখা সংবিধানখন ৰক্ষা কৰাৰ বাবে জৰুৰীকালীন সময়ছোৱাত অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি আদিকে ধৰি নেতাসকল কাৰাগাৰলৈ গৈছিল । কংগ্ৰেছৰ ভিতৰত থকা কোনো নেতা-কর্মীয়ে জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সেই সময়ত মাত মতা নাছিল বা কাৰাগাৰলৈ যোৱা নাছিল ।’’ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে,  কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে বিভিন্ন স্থানত ৰঙা ৰঙৰ যিখন সংবিধান প্রদর্শন কৰি আহিছে সেই সংবিধানখনৰ এটা সংখ্যা উৎসুকতাবশতঃ তেওঁ ক্ৰয় কৰিছিল । মুখ্যমন্ত্রীয়ে সদৰী কৰে যে তাত থকা পাতনিতেই দেশৰ সংবিধানখন যে প্রয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ‘হত্যা’ কৰিছিল সেই কথা উল্লেখ আছে। নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, দেশৰ যুৱপ্ৰজন্মই জৰুৰীকালীন অৱস্থাৰ সেই সময়ছোৱাৰ কথাবোৰ জনাৰ প্ৰয়োজন আছে । কংগ্ৰেছৰ শাসনকালৰ সেই কলা অধ্যায়ৰ কথা আজিৰ প্ৰজন্মই ভালদৰে অৱগত নহ’লে একাংশ লোকে ইতিহাস বিকৃত কৰি সমাজখনক বিপথে পৰিচালনা কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সংবিধান হত্যাকাৰী বুলি অভিযোগ তোলে। কিন্তু প্রধানমন্ত্রী মোদীয়ে সেই সময়ছোৱাত সংবিধান ৰক্ষা কৰাৰ বাবে আন্দোলনত নামি পৰিছিল । আজি আয়োজিত এই অনুষ্ঠানে সংবিধান ৰক্ষা কৰাৰ বাবে সদায় সচেষ্ট হৈ থকাৰ বাবে সকলোকে অনুপ্রাণিত কৰিব। জৰুৰীকালীন সময়ছোৱাৰ লোকতন্ত্র সেনানীসকলক অসম চৰকাৰে সন্মান আগবঢ়াই আহিছে আৰু এনে সন্মানৰ পৰা বঞ্চিত হোৱাসকলকো চৰকাৰে উপযুক্ত সন্মান প্ৰদান কৰিব – বুলি মুখ্যমন্ত্রীয়ে লগতে কয় ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই অনুষ্ঠানতে সদ্যসমাপ্ত বিধানসভাৰ নির্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰা অভূতপূর্ব বিজয় উপলক্ষে বর্ধিত কলেৱৰৰ ‘অসমীয়া বিজেপি বার্তা’ৰ বিশেষ সংখ্যাটি আৰু নৱজ্যোতি পাটোৱাৰীৰ ‘অসমৰ কংগ্ৰেছ চৰকাৰসমূহ আৰু ৰাজ্যখনৰ প্ৰতি হোৱা অন্যায়’ শীর্ষক গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। একেটা অনুষ্ঠানতে লোকতন্ত্র সেনানীসকলকো সম্বর্ধনা জ্ঞাপন কৰা হয়। ক’লা দিৱসৰ এই দিনটোক সুঁৱৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কিদৰে কংগ্ৰেছে ক্ষমতা কুক্ষিগত কৰি ৰাখিবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তাক উল্লেখ কৰে। সভাপতি শইকীয়াৰ মন্তব্য- স্বৈৰাচাৰী শাসকৰ নিকৃষ্টতম নজিৰ আছিল ইন্দিৰা গান্ধী। দেশৰ ৰাইজে দিয়া ৰায়ক ভেঙুচালি কৰি কেনেদৰে ক্ষমতাৰ টিঙৰ পৰা ননমা চূড়ান্ত স্বৈৰাচাৰী আচৰণ কৰিব পাৰে, তাৰ ভয়ংকৰ নজিৰ হ’ল এই জৰুৰীকালীন অৱস্থা। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী, বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী নীলিমা দেৱী, কৌশিক ৰায় আৰু সাংসদ বিজুলী কলিতা মেধিৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিয়ে জৰুৰীকালীন অৱস্থাৰ বিভিন্ন দিশ তুলি ধৰি এক প্রদর্শনীৰো আয়োজন কৰে।