বিষন্নতা – তুলিকা কলিতা

Pc Vecteezy

বিষন্নতা

তুলিকা কলিতা

আৱেগ অনুভূতিবোৰ
পাৰি জানোঁ ধৰি বান্ধি ৰাখিব
বিষন্নতাৰ সেঁতুৰে ।

পাৰিব জানোঁ কোনোবাই
ঢাকি ৰাখিব হাঁহিৰে
সেই চকু পানীৰ
বৰষুণ জাকক ।

ৰাতিৰ আকাশখন
পোহৰ হ’ব পাৰিব জানোঁ
জোনাকৰ পোহৰ অবিহনে
ভঙা হৃদয়খনত ৰং সানিব
পাৰিব জানোঁ কোনোবাই
মনৰ শান্তিৰ অবিহনে।