বিষন্নতা
তুলিকা কলিতা
আৱেগ অনুভূতিবোৰ
পাৰি জানোঁ ধৰি বান্ধি ৰাখিব
বিষন্নতাৰ সেঁতুৰে ।
পাৰিব জানোঁ কোনোবাই
ঢাকি ৰাখিব হাঁহিৰে
সেই চকু পানীৰ
বৰষুণ জাকক ।
ৰাতিৰ আকাশখন
পোহৰ হ’ব পাৰিব জানোঁ
জোনাকৰ পোহৰ অবিহনে
ভঙা হৃদয়খনত ৰং সানিব
পাৰিব জানোঁ কোনোবাই
মনৰ শান্তিৰ অবিহনে।
