ৰাজ্যৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াক বদলি চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰশাসনিক মহলত বৃহৎ সালসলনি ৷ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কেইবাগৰাকীও জ্যেষ্ঠ আইএএছ-এচিএছ বিষয়াক বদলিৰ নিৰ্দেশ চৰকাৰৰ ৷ নিৰ্দেশনা অনুসৰি, ৰাজ্যৰ বিশেষ মুখ্য সচিব ছায়েদিন আবাদক বদলি কৰা হৈছে ৷ জলসিঞ্চন বিভাগৰ বিশেষ মুখ্য সচিব পদলৈ আবাদক বদলি কৰা হৈছে ৷ মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তিৱাৰীক বদলি কৰি মাজুলীৰ জিলা আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ নতুন জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰিছে ৷ আনহাতে, অনামিকা তিৱাৰীক এক গুৰুত্বপূৰ্ণ দায়িত্বৰে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে । তদুপৰি ৰাজ্য চৰকাৰৰ অতিৰিক্ত সচিব ৰাহুল চন্দ্র পাঠকক মাজুলীৰ আয়ুক্তৰূপে বদলি কৰা হৈছে ৷ জনসেৱাৰ স্বাৰ্থত সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ড৹ ওমপ্ৰকাশক বদলি কৰি অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগ আৰু দক্ষতা, নিয়োগ আৰু উদ্যোগীকৰণ বিভাগৰ আয়ুক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে । আনহাতে, কাছাৰৰ আয়ুক্ত আয়ুষ গাৰ্গক সমগ্র শিক্ষাৰ সঞ্চালকৰ দায়িত্ব দিয়া হৈছে ৷ হোজাইৰ জিলা আয়ুক্ত আইএএছ দেৱপ্ৰসাদ মিশ্ৰক বদলি কৰি অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব হিচাপে নিযুক্তি দিয়া হৈছে । মিশ্ৰৰ স্থানত ৰাজ্য চৰকাৰৰ সচিব সঞ্জয় দত্তক নিযুক্তি দিয়া হৈছে ৷ চিৰাঙৰ জিলা আয়ুক্ত মধুসুদন নাথক অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে । আনহাতে, ৰাজ্য চৰকাৰৰ যুটীয়া সচিব গকুল চন্দ্র ব্রহ্মক চিৰাং জিলা আয়ুক্তৰূপে বদলি কৰা হৈছে ৷ধুবুৰীৰ জিলা আয়ুক্তৰূপে কৰ্মৰত মেঘনিধি দাহালক বদলি কৰি বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ নাথক ধুবুৰীৰ আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে ৷ আনহাতে, মেঘনিধি দাহালক বদলি কৰি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিবৰূপে নিযুক্তি দিয়া হৈছে ৷ সমান্তৰালকৈ এআইডিচিৰ পৰিচালন সঞ্চালক হিচাপেও দাহালক অতিৰিক্ত দায়িত্ব দিয়া হৈছে । বৰপেটাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাক বদলি কৰি নৱদীপ পাঠকক বৰপেটাৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।অসম চৰকাৰৰ অধীনত বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে নিযুক্তি পোৱা ঝাই অসম স্থিতিস্থাপক গ্ৰাম্য দলং কাৰ্যসূচীৰ প্ৰকল্প সঞ্চালকৰ অতিৰিক্ত দায়িত্বও লাভ কৰিছে ৷ আনহাতে, আইএএছ বিষয়া পি বিজয়া ভাস্কৰ ৰেড্ডীকো ৰাজ্য চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে ৷ সংখ্যালঘু উন্নয়ন কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ অতিৰিক্ত সচিব আদিত্য বিক্ৰম যাদৱক খানাপাৰাৰ অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ প্ৰশিক্ষণ সঞ্চালক পদলৈ বদলি কৰা হৈছে । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক বদলি কৰি কাছাৰৰ আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । বৰ্তমান অসম চৰকাৰৰ বিত্ত বিভাগৰ যুটীয়া সচিব পৰীক্ষিত থৌডামক দক্ষিণ শালমৰা-মানকাচৰৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি ৷ ওদালগুৰিৰ জিলা আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ জিলা আয়ুক্ত হিচাপে বদলি । আনহাতে, এচিএছ বিষয়া পুলক পাটগিৰি হ’ব ওদালগুৰিৰ নৱনিযুক্ত জিলা আয়ুক্ত ৷ দৰঙৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণক বিশ্বনাথৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে। আনহাতে, বিশ্বনাথৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ নতুন জিলা আয়ুক্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷
